newsnextone.com | ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীক সন্মুখত লৈ নিৰ্বাচনত নামিবলৈ সাজু হৈছে কংগ্ৰেছ৷ ধৰ্ম নিৰপেক্ষ আৰু সমমনোভাৱৰ দলৰ সৈতে মিত্ৰতা গঢ়িবলৈ দলে সম্পূৰ্ণ দায়িত্ব ৰাহুল গান্ধীকে এৰি দিয়ে৷ নৱগঠিত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ প্ৰথম বৈঠকত দেওবাৰে এই দায়িত্ব দিয়ে ৰাহুল গান্ধীক৷

দেশৰ বিজেপি বিৰোধী দলক একত্ৰিত কৰাৰ ক্ষেত্ৰত কেইবাটাও বিৰোধী দলে শক্তিশালি ভূমিকা গ্ৰহণ কৰি আহিছে৷ তৃণমূল কংগ্ৰেছ, টিআৰএছ, এআইএআইএম, ডিএমকে সহ কেইবাটাও দলে ইতিমধ্যে বাৰে বাৰে বিৰোধী দলক একত্ৰিত হোৱাৰ কথা কৈ আহিছে৷ মমত বেনাৰ্জীয়ে বিৰোধীৰ মিত্ৰজোঁটৰ কথা কৈ আহিছে৷ তাৰ মাজতে দেওবাৰে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে মিত্ৰতাৰ কথা কোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে৷ 

কংগ্ৰেছৰ বৈঠকত সৰ্বভাৰতীয় পৰ্যায়ত জোঁট বন্ধনৰ কথা প্ৰকাশ পায়৷ কংগ্ৰেছে মূল উদ্যোগ লব বিচাৰে৷ ইয়াৰ লগে লগে দেশৰ একক বৃহৎ বিৰোধী দল হিচাপে কংগ্ৰেছে ইয়াৰ নেতৃত্ব লব খোজে আৰু ইয়াৰ নেতা কৰিব খোজে ৰাহুল গান্ধীক৷ বিজেপি বিৰোধী দলক একত্ৰিত কৰাৰ বাবে এটা সমিতি গঠন কৰিব কংগ্ৰেছে৷ 

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল যুৱ ৰাজ ৰাহুল গান্ধীয়ে। বিগত চাৰি মাহত ৰাহুল গান্ধীয়ে দলক উদ্ধাৰৰ বাবে নতুনত্ব আনিবলৈ চেষ্টা চলােৱা পৰিলক্ষিত হৈছে।

তাৰ মাজতে দেওবাৰে সংসদৰ এনেক্স ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ আৰু বিভিন্ন নেতাৰ পৰামৰ্শ, মিত্ৰজোঁট সম্পৰ্কত আলোচনা কৰা হয়। বৈঠকত ৰাহুল গান্ধী. ছোনীয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, মতিলাল ভোৰা, অশোক গেহলেট, গোলাম নবী আজাদ, মল্লিকাৰ্জন খাৰ্গে, এ কে এণ্টনী, অম্বিকা ছনী, অমন চাণ্ডী আদি উপস্থিত থাকে।

ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ ৫১ সদস্য, প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকল, বিধান পৰিষদৰ নেতা, সৰ্বভাৰতীয় কংগ্ৰেছৰ মুখ্য সচিব, সমূহ যুটীয়া সচিব, বিভিন্ন কোষৰ নেতা, সংসদীয় নেতা, কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ নেতা উপস্থিত থাকে।