ডিজিটেল ডেস্কঃ কাশ্মীৰত ভাৰতীয় সেনাৰ কেম্পত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাত সেনাই অভিযান চলাই থকাৰ সময়তে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে ভাৰতীয় সেনাক লৈ প্ৰশ্ন উত্থাপন কৰা বুলি প্ৰশ্ন উত্থাপন হৈছে৷ 'ভাৰতীয় সেনাৰ দৰেই অনুশাসনৰ মাজেৰে চলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেৱকসকল। কিন্তু সীমান্তত যুঁজ দিবৰ বাবে কঁকালত টঙালি বান্ধি ওলাবলৈ তিনিদিন লাগে সংঘৰ সেৱকক।’

সংঘৰ অধ্যক্ষ মোহন ভাগৱত এনেদৰে মন্তব্য আগবঢ়াইছিল। বৰ্ষীয়ান সেৱকজনে ভাৰতীয় সেনাবাহিনীৰ দক্ষতাক লৈ কৰা এক মন্তব্যই আউল লাগে৷ সংঘৰ সেৱকক যুদ্ধৰ বাবে সাজু হ’বলৈ ৩ দিন লাগে ঠিকেই, কিন্তু ভাৰতীয় সেনাক হেনো লাগিব পাৰে ৬ মাহ পৰ্যন্ত। এই মন্তব্য প্ৰকাশ কৰাৰ পিছতে বিৰোধী জাঙুৰ খাই উঠে৷ বিশেষকৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে তীব্ৰ ভাষাৰে আক্ৰমণ কৰে বিজেপি আৰু মোহন ভাগৱতক৷

ৰাহুলে টুইট কৰি মোহন ভাগৱতক ক্ষমা খোজাৰ দাবী জনায়৷ ৰাহুল আমাৰ পতাকাক অপমান কৰা বুলি কয়৷ কিয়নো প্ৰতিগৰাকী সেনাই আমাৰ পতাকাক চেল্যুট কৰা বুলি কৈ দেশৰ শ্বহীদ আৰু সেনাক অসন্মান কৰা বুলি কৈ ভাগৱতৰ লাজ লাগিব বুলি কয় ৰাহুল গান্ধীয়ে৷ আনহাতে আপৰ সাংসদ সঞ্জয় সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যদি আন কোনো লোকে হেতেন তেন্তে এতিয়ালৈ তেওক পাকিস্তান প্ৰেৰণ কৰাৰ লগতে মিডিয়াই ফাচি দিবৰ বাবে দাবী উত্থাপন কৰিলে হেতেন বুলি কয়৷

বিহাৰৰ মুজফ্ফৰনগৰত দেওবাৰে এখন সমাৱেশত অংশ লৈ সেনাৰ দক্ষতাক লৈ আওপকীয়াকৈ কৰা কটাক্ষৰ পিছতে ফেচবুক, টুইটাৰকে ধৰি বিভিন্ন ছচিয়েল মিডিয়াতো ভাগৱত কাঠগৰাত থিয় কৰাই৷ মোহন ভাগৱতক জবাবদিহি হ’বলৈ দি কৰা টুইট-পোষ্টৰ জোঁৱাৰ উঠিছে। টুইটাৰ-ফেচবুকত ট্ৰেণ্ডিঙত থকা #ApologiseRSS শীৰ্ষক এই অভিযানৰ পিছতেই সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰিছে। স্পষ্টীকৰণটোত কোৱা হৈছে যে মোহন ভাগৱতৰ ভাষ্যৰ বিকৃতিকৰণ কৰিছে সংবাদমাধ্যমে। সংঘৰ সেৱকসকলৰ কঠোৰ অনুশাসনৰ কথা দোহাৰিবলৈহে সেনাৰ প্ৰসংগ অনা হৈছিল বুলি হিন্দীত লিখা সংঘৰ স্পষ্টীকৰণটোত কোৱা হৈছে।