newsnextone.com | ডিজিটেল ডেস্কঃ এখন উৰ্দু কাকতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ ভাষ্যৰ উদ্ধৃতি দি প্ৰকাশ কৰা খবৰত কংগ্ৰেছ মুছলমানৰ পাৰ্টি বুলি প্ৰকাশ কৰিছিল৷ কাকতখনে এই কথা ৰাহুল গান্ধীয়ে প্ৰকাশ কৰি বুলি কৈছিল৷ এই খবৰে দেশৰ ৰাজনীতিত যেন ভূমিকম্প আনে৷ তীব্ৰ বিতৰ্কৰো সৃষ্টি হয়৷ 

বিজেপিয়ে বাৰে বাৰে কংগ্ৰেছক আক্ৰমণ কৰে৷ কিন্তু পিছত এই খবৰ খাৰিজ কৰিছে কাকত খনে৷ কিন্তু এই বিষয়ত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিল বুলি বাৰে বাৰে কংগ্ৰেছে খাৰিজ কৰি আহিছে৷ 

মঙলবাৰে পুৱাই ৰাহুল গান্ধীয়ে এটা টুইট কৰি এই অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে৷ ৰাহুৰ গান্ধীয়ে টুইট কৰি কয় যে কংগ্ৰেছৰ বাবে জাতি, ধৰ্ম আৰু আস্থাই কোনো বিশেষ গুৰুত্ব নিদিয়ে৷ 

ৰাহুলে কয় ‘‘মই লাইনত থিয় দি থকা অন্তিমগৰাকী লোকৰ সৈতে আছোঁ৷ শোষিত, সীমান্তত থিয় দি থকা আৰু সৰ্বহাৰা লোকৰ সৈতে মই আছোঁ৷ তেওঁৰ ধৰ্ম, জাতি, আস্থা মোৰ বাবে বিশেষ নহয়৷ যাৰ বেদনা আছে, যন্ত্ৰণা আছে মই তেওঁলোকক আলিংগন কৰিব বিচাৰোঁ৷ মই বৈষম্য আৰু ভয় নোহোৱা কৰিব খোজো৷ মই সকলো জীৱকে ভাল পাও৷ মই কংগ্ৰেছী হও৷’’ 

উল্লেখ্য যে, উৰ্দু কাকত ‘ইকবালে’ এটা প্ৰতিবেদনত ৰাহুল গান্ধীয়ে মুছলমান বুদ্ধিজীৱীক সাক্ষাৎ কৰাৰ সময়ত কংগ্ৰেছ মুছলমানৰ পাৰ্টি বুলি প্ৰকাশ কৰিছিল৷ কিন্তু কংগ্ৰেছে এই খবৰক খণ্ডন কৰিছে যদিও বিজেপিৰ নেতা-কৰ্মীয়ে তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছক৷