ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰৰ ঘৰত আজি তালাচী চলায় চিবিআইয়ে৷ মংগলবাৰে পুৱাৰ ভাগত প্ৰাক্তন মন্ত্ৰীজনৰ চেন্নাইস্থিত বাসগৃহত এটা গোচৰৰ ভিত্তিত অনুসন্ধান কৰে অনুসন্ধান সংস্থাটোৱে৷ চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ বাসগৃহতো তালাচী চলাইছে চিবিআইয়ে৷

ইউপিএ চৰকাৰৰ দিনত ৰাষ্ট্ৰীয় চেনেল 'আইএনএক্স মিডিয়া’ক দিয়া মজুৰীৰ সন্দৰ্ভত এই তালাচী কৰা হয়৷ উল্লেখযোগ্য যে 'আইএনএক্স মিডিয়াৰ’ প্ৰতিষ্ঠাতা ইন্দ্ৰাণী মুখাৰ্জী নিজ কন্যা শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত বৰ্তমান জেলত দিন কটাইছে৷ 

ইউপিএ চৰকাৰৰ সময়ত উক্ত সংবাদ গোষ্ঠীটোৰ ফাণ্ড ফৰেইন ইনভেষ্টমেণ্ট প্ৰমোচন ব’ৰ্ডৰ জৰিয়তে দিয়া হৈছিল৷ এই সকলো প্ৰক্ৰিয়াৰ দায়িত্ব চিদাম্বৰমৰ ওপৰত ন্যস্ত আছিল৷ অভিযোগ অনুসৰি আইএনএক্স মিডিয়াত বৈদেশিক বিনিয়োগৰ বাবে উৎকোচ লৈছিল চিদাম্বৰমৰ পুত্ৰই৷ আনহাতে এই সকলো অভিযোগ নস্যাৎ কৰি এয়া ভুৱা বুলি মন্তব্য কৰিছে প্ৰাক্তন গৃহ মন্ত্ৰীজনে৷