ডিজিটেল ডেস্কঃ বিজেপি শাসিত ৰাজ্যসমূহৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ২০১৮-১৯ বৰ্ষৰ ৰে’ল বাজেটত উন্নয়নৰ বাবে আবন্টন দিয়া ধনৰ পৰিমাণ বৃদ্ধি কৰা বুলি জানিব পৰা যায়৷ যোৱা মঙলবাৰে ৰে’লৱে ঘোষণা কৰা তথ্য অনুসৰি ২০০৯-১৪ বৰ্ষৰ ইউপিএ চৰকাৰৰ কাৰ্যকালৰ তুলনাত আবন্টন কৰা টকাৰ পৰিমাণতকৈ এইবাৰৰ নিৰ্বাচন অনুষ্ঠিত হব’লগীয়া ৰাজ্যসমূহৰ বাবে টকাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

পূৰ্বৰ চৰকাৰৰ তুলনাত এনডিএ শাসনত অহাৰ পিছত একাংশ ৰাজ্যত ধন আৱন্টন বৃদ্ধি হৈছে৷ উল্লেখ্য যে, বিজেপিৰ শাসন নথকা ৰাজ্য পশ্চিম বংগ, কেৰেলা আৰু দিল্লীত এই আবন্টনৰ পৰিমাণ কমকৈ কৰা বুলি চৰ্চা হৈছে। বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্য মধ্য প্ৰদেশ, চত্তীশগড় আৰু ৰাজস্থানত আৱন্টনৰ পৰিমাণ ক্ৰমে ৯০৬ শতাংশ, ১,১৭৩ শতাংশ আৰু ৫৬৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে। বিগত বছৰৰ উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল। তাৰ বাবে আবন্টনৰ পৰিমাণ ৬৯৫ শতাংশলৈ বৃদ্ধি কৰিছিল।

এইবাৰ ৰে’ল বাজেটত  উত্তৰাখণ্ডৰ বাবে ১৪৯০ কোটি টকা আবন্টন কৰা হৈছে। বিজেপি শাসিত অন্য এখন ৰাজ্য উত্তৰ প্ৰদেশৰ বাবে আবন্টনৰ পৰিমাণ ৫৬৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে। বিজেপিয়ে মিত্ৰতাৰে চৰকাৰ চলাই থকা ৰাজ্য মহাৰাষ্ট্ৰ আৰু আৰু বিজেপিয়ে অকলে চৰকাৰ গঠন কৰা গুজৰাটৰ বাবেও আবন্টনৰ পৰিমাণ ৪০০ শতাংশত অধিক বৃদ্ধি কৰা হৈছে। মধ্য প্ৰদেশৰ বাবে কৰা আবন্টনৰ পৰিমাণ ৬,৩৫৯ কোটিলৈ বৃদ্ধি হৈছে।

আবন্টনৰ পৰিমাণ সংযুক্ত প্ৰগতিশীল গঠবন্ধন চৰকাৰৰ কাৰ্যকালৰ আবন্টনতকৈ ৯০৬ শতাংশ অধিক। বিজেপিৰ শাসন নথকা ৰাজ্য পশ্চিম বংগৰ বাবে আবন্টনৰ মাত্ৰ ২৫ শতাংশহে বৃদ্ধি হৈছে। ইয়াৰোপৰি কেৰেলাৰ বাবে ১৪৮ আৰু দিল্লীৰ বাবে ১৮০ শতাংশ বৃদ্ধি হৈছে। ৰে’লৱে প্ৰকাশ কৰা আবন্টনৰ পৰিমাণ অনুযায়ী ৰে’ল বাজেটৰ বাবে পশ্চিমবংগলৈ কৰা আবন্টনৰ পৰিমাণ মাত্ৰ ২৪ শতাংশ, কেৰেলাৰ বাবে ১৪৮ শতাংশ আৰু দিল্লীৰ বাবে ১৮০ শতাংশহে বৃদ্ধি পাইছে। বিগত বৰ্ষৰ তুলনাত ৰাজ্যকেইখনলৈ আবন্টন কৰা পুঁজিৰ পৰিমাণ ক্ৰমে ১৪ শতাংশ, ২৩ শতাংশ আৰু ৪০ শতাংশ কমি যোৱা দেখা যায়।