ডিজিটেল ডেস্কঃ ৰেলত টিকট কাটিও বহিবৰ বাবে ছীট নাপালে এতিয়া আৰু চিন্তাৰ কোনা কাৰণ নাই! ছীট পোৱাতকৈ ছীট নাপালেহে আপুনি অধিক লাভান্বিত হ’ব। উদাহৰণ দিল্লী নিবাসী ভি বিজয় কুমাৰ।

২০১৩ চনৰ ৩০ মাৰ্চত দক্ষিণ এক্সপ্ৰেছ ৰেলযোগে বিশাখাপট্টনমৰ পৰা দিল্লীলৈ যাবলৈ টিকট বুক কৰিছিল বিজয়ে। কিন্তু ৰেলখনত উঠি দেখে যে তেওঁৰ নামত সংৰক্ষিত ছীটত আগতীয়াকৈ আন যাত্ৰীহে বহি আছে।

লগে লগে তেওঁ বিষয়টো টি টি ই আৰু আন ৰেলৱে বিষয়াক অৱগত কৰিবলৈ চেষ্টা কৰে যদিও কাকো লগ নাপালে। ফোন, হেল্প লাইন নম্বৰ আদিত যোগাযোগ কৰিও ব্যৰ্থ হয় তেওঁ। উপায়ন্তৰ হৈ বিজয়ে কষ্টকৰভাৱে যাত্ৰা কৰিবলৈ বাধ্য হৈ পৰে। ফলত তেওঁৰ আঠুৰ বিষ বৃদ্ধি পায়।

পিছত তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত উপভোক্তা বিবাদ প্ৰতিৰোধ আয়োগ চমুকৈ এছ চি ডি আৰ চিৰ জিলা ফ’ৰামৰ কাষ চাপে। জিলা ফ’ৰামে অভিযোগ গ্ৰহণ কৰি ৰেল বিভাগক ভূক্তভোগী যাত্ৰীজনক ৭৫০০০ টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ দিয়ে।

লগতে সেই সময়ত দায়িত্বত থকা টিকট নীৰিক্ষকজনৰ দৰমহাৰ এক তৃতীয়াংশ কৰ্তন কৰি সেই ধন ৭৫হাজাৰৰ জৰিমনাৰ ভিতৰত অন্তৰ্ভূক্ত কৰিবলৈকো  জিলা ফ’ৰামে নিৰ্দেশ দিয়ে।

জিলা ফ’ৰামে দিয়া উক্ত নিৰ্দেশক প্ৰত্যাহ্বান জনাই ৰেল বিভাগে এছ চি ডি আৰ চিৰ কাষ চাপে। অৱশেষত এছ চি ডি আৰ চিয়েও জিলা ফ’ৰামৰ নিৰ্দেশকে বাহাল ৰাখি শীঘ্ৰে যাত্ৰীগৰাকীক জৰিমনা আদায় দিবলৈ কঢ়া নিৰ্দেশ প্ৰদান কৰিছে।