newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে তৃণমূল কংগ্ৰেছে সংসদ উত্তাল কৰি তোলে। বৰ্ষাকালীন অধিবেশনত তৃণমূল কংগ্ৰেছৰ সাংসদ সকলে ইচ্ছাকৃত ভাৱে চৰকাৰে ৪০ লাখ লোকৰ নাম কৰ্তন কৰা বুলি কৈ হৈ হাল্লা কৰাত সদন স্থগিত কৰিব লগা হয়। তাৰ লগে লগে পুনৰ সংসদ আৰম্ভ হোৱাৰ পিছতে চৰকাৰে উভতি ধৰে বিৰোধী দলক। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিৰোধী দলক ৰাজনীতি নকৰিবলৈ কয়। গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে আমি বিৰোধী দলক প্ৰশ্ন কৰিছোঁ। এনআৰচি উন্নীতকৰণত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা কি? উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰা হৈছে। এনে গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয়ত ৰাজনীতি কৰা উচিত নহয়।