ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত আৰু তুষাৰপাতত ২৭ গৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় ১০০ গৰাকী গুৰুত্বৰ ভাৱে আহত হয়৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত আৰু তুষাৰপাতৰ ফলত আৱাসগৃহৰ লগতে বিদ্যুতৰ খুঁটা আৰু গছ গছনি ভাঙি পৰাত ২৭ গৰাকী লোক দুৰ্ঘটনাগ্ৰস্থ হৈ নিহত হোৱাৰ লগতে ১০০ৰো অধিক আহত হয়৷ 

বুধবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ বিছতে বৃহস্পতিবাৰে ৰাজস্থান চৰকাৰে উদ্ধাৰ অভিযান চলায়৷ আনফালে ঘটনা সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়ালবৰ্গলৈ সমাবেদনা জ্ঞাপন কৰে৷ 

ৰাজস্থানৰ চৰকাৰে ঘটনাত নিহত সকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ প্ৰদান কৰাৰ লগতে ৬০শতাংশ দুৰ্ঘটনাগ্ৰস্থসকললৈ ২ লাখ আৰু ৪০-৫০ শতাংশ দুৰ্ঘটনাগ্ৰস্থ সকললৈ ৬০,০০০ টকা প্ৰদানৰ কথা ঘোষণা কৰে৷ 

‘‘এয়া খুবেই দুখজনক বিষয়৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজস্থানত ২৭জন লোক নিহত হয়৷ ইয়াৰ ভিতৰত ভৰতপুৰ জিলাত ১২ জন, ধোলাপুৰত ১০ জন আৰু আলৱাৰত ৫ জন প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যুমুখত পৰে৷ এই প্ৰাকৃতিক দুৰ্যোগ মুলতঃ ৩খন জিলাত সংঘটিত হৈছিল৷’’ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আৰু সহায়ৰ সম্পাদক হেমন্ত কুমাৰ গেৰাই নিহতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এনেদৰে মন্তব্য কৰে৷

ইফালে উত্তৰ প্ৰদেশত ধূলিৰ ধুমুহাৰ ফলত ৬৪ জন মৃত্যুমুখত পৰাৰ বিপৰীতে কমেও ৩৪ জন আহত হয়৷ বুধবাৰে নিশা উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত বলা ধূলিৰ ধুমুহাই ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰে৷ 

বুধবাৰে নিশা দেশৰ উত্তৰ আৰু পশ্চিমৰ দুখন ৰাজ্যত সংঘটিত হোৱা ধূলিৰ ধুমুহা আৰু বজ্ৰপাতৰ ফলত সৰ্বমুঠ ৯১ গৰাকী লোক নিহত হোৱাৰ লগতে ২০৫ গৰাকী লক আহত হয়৷ তদুপৰি দুয়োখন ৰাজ্যতে বিস্তৰ ক্ষতিসাধন হয়৷ 

পশ্চিম আৰু উত্তৰ ভাৰতৰ দুখন ৰাজ্যত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যুমুখত পৰা লোকসকলৰ পৰিয়ালবৰ্গলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সমবেদনা জ্ঞাপন কৰে৷