গুৱাহাটীঃ অসমৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন কৰা হৈছে ৰাম নৱমী। বিশ্ব হিন্দু পৰিষদৰ কৰুণাবাৰী প্ৰখণ্ডৰ উদ্যোগত হাৰমতীত ৰাম নৱমী উদযাপন কৰিছে৷ কাৰ্যসূচীত শোভাযাত্ৰা, ধৰ্মীয় সভা আদি অনুষ্ঠিত কৰা হয়, য’ত বিশ্ব হিন্দু পৰিষদৰ শীৰ্ষস্থানীয় কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে৷ 

ৰঙিয়াত বাইক ৰেলীঃ

ৰঙিয়াতো বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ আজি এক বিশাল বাইক ৰেলী আৰম্ভ কৰে। ৰাম নৱমী উপলক্ষে ৰাম মহোৎসৱৰ এই ৰেলীত বিশ্বহিন্দু পৰিষদৰ বাস্কা আৰু ৰঙিয়াৰ প্ৰায় দুই শতাধিক কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰে। জয়শ্ৰীৰাম ধ্বনিৰে ৰঙিয়া মুৰাৰাস্থিত বিজেপি কাৰ্যালয়ৰ পৰা উলিওৱা

এই বাইক ৰেলী পৰিভ্ৰমণ কৰে সমগ্র ৰঙিয়া চহৰ। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই এই ৰেলী উদ্বোধন কৰি মহাপ্ৰভু শ্ৰী ৰাম ধ্বনি দি সমাজত শান্তি শৃংখলা অটুত ৰখাত গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে ৰাজ্যত পোন প্রথমবাৰৰ বাবে এনেদৰে ধুমধামেৰে ৰাম নৱমী পালন কৰা পৰিলক্ষিত হৈছে।