photo by NNO Tinsukia
photo by NNO Tinsukia

তিনিচুকীয়াঃ ২০১৪ৰ লোকসভা নিৰ্বাচনত জয় লাভৰ পিছতেই উক্ত বৰ্ষৰ নৱেম্বৰ মাহত তিনিচুকীয়া জিলা সদৰৰ সমীপৱৰ্তী লাংকাছি পঞ্চায়তক মডেল পঞ্চায়তৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে। কিন্তু আদৰ্শ পঞ্চায়তৰ সপোন কাৰ্যতঃ অসাৰ ঘোষণালৈ পৰ্যবসিত হৈছে।

২০১৪ চনৰ নৱেম্বৰত লাংকাছি পঞ্চায়তক আদৰ্শ পঞ্চায়ত হিচাৱে গঢ়ি তোলা হ'ব বুলি স্বয়ং সাংসদগৰাকীয়ে ঘোষণা কৰাৰ পৰা আজিৰ তাৰিখলৈকে পঞ্চায়তখনত কোনোধৰণৰ উন্নয়নৰ প্ৰয়াস স্থানীয় ৰাইজে দেখিবলৈ পোৱা নাই। বিগত আঢ়ৈ বছৰে লাংকাছি পঞ্চায়তৰ অন্তৰ্গত শুকানী, তামুলীখাট, বজালনী, মাচুৰীপট্টি, মঠলা নগাঁও, ডিমৰুহোলা, ধূলিজান, লাংকাছি গাঁৱৰ ৰাইজে এশ এটা সমস্যাৰ মাজত দিন কটাবলগীয়াত পৰিছে।

পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ বাবে এতিয়াও বিশুদ্ধ খোৱাপানীৰ অভাৱ, ৰাস্তা-ঘাটৰ অৱস্থা তথৈবছ। ইফালে অলপতে হৈ যোৱা প্ৰলয়ংকৰী ধুমুহাই ৪নং সোণমা প্ৰাথমিক বিদ্যালয় বিধ্বস্ত কৰি তোলাৰ পিছত কোনোধৰণৰ চৰকাৰী সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম নহ'ল। ইয়াৰ বিপৰীতে বিদ্যালয়ৰ শিক্ষকসকলে গাঁথিৰ ধন ভাঙি বিদ্যালয় মেৰামতি কৰি কোনোমতে শ্ৰেণী চলাই নিছে।

ইয়াতকৈও পৰিতাপৰ বিষয় যে এটা শ্ৰেণী কক্ষতে চাৰিটা শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে দুৰ্ভগীয়া শিক্ষকসকলে। ইফালে তামুলীখাট তিনি আলিৰ পৰা সমগ্ৰ লাংকাছি অঞ্চল সামৰি মাকুম সংযোগী পথছোৱাৰ অৱস্থা তেনেই শোচনীয় আৰু জৰাজীৰ্ণ।

আনহাতে পঞ্চায়তৰ এনে দুৰৱস্থাৰ বুজ ল'বলৈ পঞ্চায়তবাসী ৰাইজে স্থানীয় তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণক এতিয়ালৈ তিনিবাৰ আমন্ত্ৰণ জনোৱাৰ পিছতো বিধায়কগৰাকীয়ে ৰাইজৰ অনুৰোধলৈ কৰ্ণপাত কৰা নাই। সততে উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ এগৰাকী শক্তিশালী সাংসদে এনেদৰে চৰকাৰী ঘোষণা আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি পুনৰাই সেই পঞ্চায়ত পৰিদৰ্শন নকৰাকৈ থাকি এটা অনুন্নত অঞ্চলৰ সাধাৰণ ৰাইজৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰি ঠগ-প্ৰৱঞ্চনাৰ আশ্ৰয় লৈছে।

প্ৰতিশ্ৰুতি প্ৰদানৰ পিছতো উন্নয়নৰ কোনো প্ৰয়াস নকৰি লাংকাছি পঞ্চায়তৰ প্ৰতি কৰা এনে অন্যায়ত স্বাভাৱিকতে ক্ষুব্ধ হৈ উঠিছে বিভিন্ন দল-সংগঠন। বিশেষকৈ পৰিৱেশ সুৰক্ষা সমিতি, অসমে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাখিব নোৱৰা ৰামেশ্বৰ তেলীৰ দৰে সাংসদক কেৱল ভোট লাভৰ স্বাৰ্থতে প্ৰতিশ্ৰুতি প্ৰদান নকৰিবলৈ সকীয়াই দিছে।