ৰঙিয়াঃ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ অগপৰ নেতাই আকৌ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি ললে বিজেপি দলক৷ প্ৰাক্তন মুখ্যমন্ত্ৰী অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰ সৈতে লগলাগি মিত্ৰজোঁটৰ চৰকাৰ চলাই থকাৰ পিছতো আকৌ এবাৰ সোচ্চাৰ হ’ল বিজেপি তথা সৰ্বভাৰতীয় দলৰ বিৰুদ্ধে৷ ৰাজ্য চৰকাৰে দেশ-বিদেশৰ বিনিয়োগকাৰীক অসমলৈ মাতি আনি বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ সময়তে সৰ্বভাৰতীয় দলৰ বাবে অসমৰ উদ্যোগ সমূহ এটা এটাকৈ বন্ধহৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি আওপকীয়াকৈ বিজেপিক জগৰীয়া কৰে মহন্তই।

বিশেষকৈ ৰঙিয়াৰ এপ’ল মিল, জাগিৰোডৰ কাগজ কলৰ লগতে অসমৰ চেনীকল সমূহ বন্ধ হৈ পৰাৰ বাবে ৰাষ্ট্ৰীয় দল বিজেপি আৰু কংগ্ৰেছক দোষাৰোপ কৰে মহন্তই। বৰ্তমান চৰকাৰখনে এইক্ষেত্ৰত যিধৰনে ব্যৱস্থা গ্ৰহন কৰিব লাগিছিল তেনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি কয় মহন্তই। দেওবাৰে অগপৰ ৰঙিয়া সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন কৰ্মী সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে।

ৰঙিয়াৰ কেইবাশতাধিক নেতা-কৰ্মীৰ উপস্থিতিত ৰঙিয়া হৰদত্ত-বিৰদত্ত ভৱনত অনুষ্ঠিত সভাত অসমৰ উদ্যোগ সমূহ বন্ধ হোৱাৰ ফলত বহু লোকে হাহাকাৰ কৰিব লগা হোৱাৰ লগতে কৰ্ম সংস্থাপন হেৰুৱাব লগা হয় বুলি কয়। এনে সমস্যাসমূহ দুৰ কৰাৰ বাবে অগপৰ শাসনকালত উদ্যোগসমূহ জীয়াই থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। আনহাতে ৰঙিয়া তুলসীবাৰীত এপ’ল মিল স্থাপন কৰি সমগ্ৰ ৰাজ্যৰ ভিতৰতে ইয়াক লাভজনক উদ্যোগ হিচাপে চিহ্নিত কৰি তুলিছিল।

কিন্তু পিচৰ সময় ছোৱাত অৰ্থাৎ কংগ্ৰেছ দলৰ শাসনৰ সময়ত এই উদ্যোগটো মৃত্যুৰ দিশে গতি কৰা বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে। অগপ চৰকাৰৰ দিনত অসমৰ প্ৰতিটো সমষ্টিতে কমেও দুটাকৈ উন্নয়ণ খণ্ড স্থাপন কৰাৰ ব্যৱস্থা কৰি উন্নয়ন খণ্ড সমূহৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ চেষ্টা কৰা হৈছিল। আনকি কৃষিৰ ক্ষেত্ৰত গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি মহন্তই উল্লেখ কৰে। অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগা-যোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ফৰলেণ্ড হাইৱে নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বুজা বুজি কৰা হৈছিল।

যাৰ বিনিময়ত এতিয়া অসমত কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত বুলি কয় মহন্তই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনখন সংশোধন কৰাৰ ক্ষেত্ৰত অগপই তীব্ৰ বিৰোধিতা কৰি আহিছে কিয়নো সংশোধনী কৰিলে অসমত সকলো অসমীয়াই সংখ্যালঘুত পৰিণত হ'ব বুলি উল্লেখ কৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিচত অহা সেয়া হিন্দু হওঁক-মুছলমানেই হওঁক যিধৰ্মৰে নহওঁক কিয় লোকসকল অসমৰ পৰা যাব লাগিব বুলি মহন্তই কয়।

ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ সময়ত অসমত সংঘটিত হোৱা কেইবাটাও সাম্প্ৰদায়িক ঘটনাৰ বাবে অসমৰ সংখ্যালঘু জনসাধাৰন অতিষ্ঠ হৈ পৰিছিল। যাৰ বাবে যোৱা নিৰ্বাচনত অসমৰ সংখ্যালঘুৱে কংগ্ৰেছ দলৰপৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল। কিন্তু অগপৰ শাসনৰ সময়ত এনে কোনো ঘটনা সংঘটিত নোহোৱাৰ বাবে সংখ্যালঘু লোকসকল সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছিল বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

চৰকাৰখন পুনৰ অগপৰ দখললৈ আহিলে অসমৰ জনসাধাৰণে সমপৰিমানে অধিকাৰ পাব বুলি অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে উল্লেখ কৰে। অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধ্ৰুৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, অগপৰ জ্যেষ্ঠ নেতা তথা হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক নুৰুল হুছেইন, বিধায়ক উৎপল দত্ত, কৃষক পৰিষদৰ সভাপতি দীপক চৰকাৰ, ৰঙিয়া পৌৰ সভাৰ পৌৰপতি দৈৱকী বড়োৰ লগতে অসম যুৱ পৰিষদৰ কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে। আনহাতে অগপ ৰঙিয়া সমষ্টি সমিতিৰ সম্পাদক লীলা শালৈয়ে উদ্দেশ্যে বাখ্যা কৰা সভাখনত কেইবাটাও দলৰ নেতা-কৰ্মী অগপ দলত যোগদান কৰে।