newsnextone.com | ৰঙিয়াঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে অংগনবাড়ী কৰ্মী-সহায়িকাই ৷ বাৰে বাৰে চৰকাৰে প্ৰতাৰণাৰ কৰাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে ৰঙিয়াত  তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মী-সহায়িকাই।

অসম চৰকাৰ হায়-হায়, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, আমাৰ দাবী মানি লওক, আমাক ন্যায় লাগে আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে অংগনবাড়ী কৰ্মী-সহায়িকাই। ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত  অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰঙিয়া সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷

তিনিমাহৰ দৰমহা আদায় নোপোৱাৰ দাবী উত্থাপন কৰি শীঘ্ৰে দৰমহা আদায় দিয়াৰ দাবী জনায়। আনহাতে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে প্ৰতিমাহৰ দৰমহা পাবৰ বাবে কাৰ্যালয়ত ৫০০কৈ টকা আদায় দিব লগা হয় বুলি অভিযোগ উত্থাপন কৰে। কৰ্মীয়ে ৩০০০ আৰু সহায়িকাই ১০০০ টক দৰমহা লাভ কৰে যদিও দুয়োৰে মাজত ৫০০ টকা দিলেহে দৰমহা লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মী-সহায়িকাই। সোমবাৰে পিঠি পোৰা ৰদকো নেওচি কৰ্মী-সহায়িকা সকলে ৰঙিয়া-কমলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি কৰ্মী-সহায়িকাৰ দৰমহা আদায় দিয়াৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবী জনায়।

অংগনবাড়ী কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধি কৰা, অংগনবাড়ী কেন্দ্ৰৰ ঘৰসমূহ পুনৰ নিৰ্মাণ কৰা, কৰ্মীসকলক অৱসৰকালীন সাহাৰ্য্য প্ৰদান কৰা, মিনি অংগনবাড়ী কেন্দ্ৰসমূহক পুৰ্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, কেন্দ্ৰসমূহৰ ভাড়াবোৰ নিয়মিতভাৱে আদায় দিয়াৰ দিয়াৰো দাবী জনায়।