ৰঙিয়াঃ দুৰ্নীতি পূৰ্বৰ চৰকাৰৰ দিনতো আছিল আৰু এতিয়াৰ চৰকাৰৰ দিনতো আছে৷ কেৱল দুৰ্নীতি কৰাৰ ধৰণ সলনি হৈছে৷ পূৰ্বে মুকলিকৈ আছিল এতিয়া এজেন্টৰ জৰিয়তে খাই একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ এজেন্ট বোৰে সচিবালয়, বিভাগীয় কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি পঞ্চায়ত কাৰ্যালয়লৈ দুৰ্নীতিৰ পোহাৰ মেলি টকা সংগ্ৰহ কৰি দিয়ে বিষয়া-কৰ্মচাৰীক৷ 

গুৱাহাটী মহানগৰীৰ কাৰ্যালয় সমূহতো আজিও টকা নিদিলে কাম নহয়৷ এই অভিযোগ উত্থাপন হৈ আহিছে৷ দুৰ্নীতি ৰোধৰ বাবে চৰকাৰে নানা পদক্ষেপ ললেও একাংশ লোকে চৰকাৰক কেৰেপ নকৰে৷ তাৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াত এগৰাকী পঞ্চায়ত সচিবে ধন বিচৰা এটি ভিডিঅ’ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

এগৰাকী পঞ্চায়ত সচিবে কামৰ বিনিময়ত মুকলিকৈ টকা বিচৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰঙিয়া চহৰৰ সমীপৰ বৰদল পঞ্চায়ত কাৰ্যালয়ত  IBSৰ ধন বিচাৰি যোৱাত পঞ্চাতৰ সচিব জয়কান্ত কলিতাই ৩ হাজাৰ টকা বিচাৰে৷ যুৱকজনে পৰিয়ালৰ লোকৰ সৈতে কথা পাতি পিছত দিম বুলি কোৱাত মান্তি নহয়৷ টকা নিদিলে যুৱকজনক আঁচনিৰ ধন মুকলি কৰি নিদিও বুলি কয় সচিবগৰাকীয়ে৷  

ভিডিঅ’টোত পঞ্চায়তৰ সচিব জয়কান্ত কলিতাই ‘‘মোক এটা IBSত তিনি হাজাৰ টকা লাগিবই, ৫০০ টকা মিনিমাম৷ মই পেটত এটা মুখত এটা কথা নকও৷ সাংবাদিক মাতা৷ মই সাংবাদিকৰ আগতো এই কথা কম৷’’ ইমানে নহয় বাৰে বাৰে সচিবগৰাকীয়ে কাৰোবাক মেনেজ কৰিব লাগে বুলি কয়৷ এতিয়া প্ৰশ্ন হৈছে কাক মেনেজ কৰিব সচিবগৰাকীয়ে৷ 

ৰঙিয়া বৰদল পঞ্চায়তত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ দীৰ্ঘদিনিয়া৷ IBS প্ৰদানৰ নামত প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা ৩ হাজাৰ টকাকৈ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি এজন যুৱকে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ যুৱকজনে সমস্ত ঘটনা মোবাইলত ৰেকৰ্ড কৰে৷ ৰঙিয়া ভেহবাৰীৰ ফাৰুক আলী নামৰ যুৱক এজনে IBS লাভ কৰিছিল। 

ধন মুকলি কৰি দিয়াৰ বাবে পঞ্চাতৰ সচিব জয়কান্ত কলিতাই ৩ হাজাৰ টকা বিচাৰে যুৱকজনৰ পৰা। যুৱকজনে ধন দিব নোৱাৰো বুলি কোৱাত বৰদল পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা উলিয়াই দিয়ে যুৱকজনক। গুৱাহাটীৰ অপৰাধ সনুসন্ধান শাখাত অভিযোগ দিয়ে যদিও অপৰাধ অনুসন্ধান শাখাই গোচৰ লবলৈ মান্তি নোহোৱাত সচিবগৰাকীৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে যুৱকজনে৷