ৰঙিয়া/নলবাৰী/চৰাইদেউঃ নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত আৰু ডিমা হাচাওত সংঘটিত চৰকাৰী সন্ত্ৰাসৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো কাৰণত অসমৰ ভূমি চুবুৰীয়া ৰাজ্যক গতাই দিব নিদিয়াৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ৰঙিয়া, নলবাৰী, চৰাইদেউ আদি বিভিন্ন স্থানত পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক সদস্যই অংশ গ্ৰহণ কৰে।

পৰিষদৰ কৰ্মীসকলে ৰঙিয়াত পুৱা ১০ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। প্ৰতিবাদকাৰীসকলে মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিদ্যুৎ ডেকা, ক্ৰীড়া সম্পাদক তৰুণ দাস, মুখ্য উপদেষ্টা জ্যোৰ্তিময় কলিতা, উপদেষ্টা ৰঞ্জন উপাধ্যায়, ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদুৰ ৰহমান, সম্পাদক কৰেন্দ্ৰ কলিতা সহ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে।

পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলাৰ লগতে চৰাইদেউ জিলা সমিতিয়ে নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত আৰু ডিমা হাচাওত সংঘটিত চৰকাৰী সন্ত্ৰাসৰ প্ৰতিবাদত চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত মুখত কলা কাপোৰ বান্ধি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে ৰূপায়ন কৰে। প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধ বিভিন্ন শ্ল’গান দিয়ে। 

বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাইবংৰ ঘটনাৰ বাবে দায়ী বুলি কৈ তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে৷ ৰাজ্যত মাইবং কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷

বিগত ২৫ জানুৱাৰীত মাইবঙত ডিমা হাচাও জিলাক নাগালিমত অন্তৰ্ভুক্তি কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুজনকৈ ডিমাচা যুৱকৰ প্ৰাণ যোৱা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷

প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিমাচাবাসীৰ ওচৰত ক্ষমা খোজাৰ লগতে ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়৷ ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে।