কামপুৰঃ ৰাজ্য কঁপোৱা কামপুৰ ধৰ্ষণ কাণ্ডৰ সৈতে জৰিত ৭গৰাকী অভিযুক্তক আটক৷ মৰজত আলী, ইক্ৰামূল হক, ফইজুল হক, নাজিৰুল হক, মজিদুল হক, মোন্তাজ আলী, হবিবুৰ ৰহমান আৰু চুলতান আলীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ 

শুকুৰবাৰে নিশা ৰেলৰ পৰা নমাই স্বামীৰ সন্মুখতে এগৰাকী মহিলাক ধৰ্ষণ কৰিছিল কামপুৰত৷ ইমানে নহয় স্বামীক মাৰপিট কৰাৰ লগতে ২০ হাজাৰ কৈ টকা কাঢ়ি নিয়ে দলটোৱে। মহিলাগৰাকী স্বামীৰ সৈতে জাগিৰোডৰ পৰা হোজাই নিজ গৃহলৈ ৰে'ল যোগে আহি আছিল৷ 

দম্পতীহালে কামপুৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত ২৪ ঘণ্টাৰ ভিতৰত ধৰ্ষণৰ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় কামপুৰ আৰক্ষী৷ ইফালে এই ঘটনাক আমছুৰ কাকতি গাঁও আঞ্চলিক সমিতিয়ে গৰিহণা দিয়াৰ লগতে আন আন দোষীকো আটক কৰি কঠোৰ শাস্তি দিয়াৰ পোষকতা কৰে৷ 

উল্লেখ্য যে, প্ৰথমে ৰে'লৰ ভিতৰত চিনাকী তাৰ পিছত বন্ধুত্বৰ সম্পৰ্ক গঢ়ে এগৰাকী যুৱকে৷ মহিলাগৰাকী স্বামীৰ সৈতে নিশা ৰে'ল যোগে জাগিৰোডৰ পৰা হোজাইৰ গৃহলৈ আহি আছিল৷ তাৰ পাছতেই ৰে'লত চিনাকী হয় কামপুৰ কাকতি গাৱঁৰ এজন যুৱকৰ সৈত৷ 

যুৱকজনে বিভিন্ন প্ৰলোভনৰে দম্পতী হালক যুৱক জনৰ ঘৰত নিশা কটাবলৈ জোৰ কৰি ৰে'লৰ পৰা নমাই নিয়ে৷ কিছু দুৰ যোৱাৰ পিছত কেইজনমান যুৱকক ফোনযোগে কপিলী নৈৰ পাৰৰ নিৰ্জন ঠাইলৈ মাতি আনে৷ স্বামীক মাৰপিট কৰি মহিলাগৰাকীক ৮গৰাকী লোকে ধৰ্ষণ কৰে৷ মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায়৷ স্থানীয় ৰাইজৰ সহযোগত দম্পতী হাল উপস্থিত হৈছিল কামপুৰ আৰক্ষী থানাত৷