ডিজিটেল ডেস্কঃ এগৰাকী  যুৱতীয়ে প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বাবে কেনেধৰণৰ শাস্তি পাব পাৰে। আইন মতে কোনো ধৰণৰ শাস্তি দিব নোৱাৰে। ধৰি লওক পৰিয়ালৰ লোকে সামন্য মাৰ-ধৰ কৰিব পাৰে। কিন্তু তেনে ধৰণৰ ভাব আপুনি মনৰ পৰা আতৰ কৰক। শাস্তিৰ কথা অৱগত হলে আপুনি এই শাস্তিক সহজে ভাবে লব নোৱাৰিব। 

কিয়নো প্ৰেমিকৰ সৈতে পলাই গৈ বিয়া হোৱাৰ বাবে তাইক ধৰ্ষণ কৰা হৈছিল। ধৰ্ষণ কৰিছিল পিতৃ, খুৰাক আৰু ভাতৃয়ে। এগৰাকী যুৱতীক এই ভয়ংকৰ শাস্তি দিয়া হ'ল। সপোনতো ভাবিব নোৱাৰা এই কথা। উত্তৰ প্রদেশৰ মুজাফ্ফৰনগৰৰ ১৭ বছৰীয়া যুৱতীক দিলে এই শাস্তি৷ নিজ পিতৃ, ভাতৃ আৰু খুৰাকে এজনৰ পিছত এজনে ভয়াবহ কাণ্ড সংঘটিত কৰে।

নিজ পৰিয়ালৰ লোকে যৌন লালসাৰ স্বীকাৰ হ'ল যুৱতীগৰাকী৷ শাস্তি দিয়াৰ মানসেৰে উপভোগ কৰিলে নিজ কন্যা, ভগ্নী, ভতিজীক। দেউতাক-ককায়ক-খুৰাকৰ বিৰুদ্ধে খোদ এই অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, একে গাৱঁৰে ৩২ বছৰীয়া এজন যুৱকৰ সৈতে দুবাৰকৈ পলাই গৈছিল। ধানেদা গাঁৱৰ যুৱতীগৰাকীৰ পৰিয়ালে যুৱকজনৰ বিৰুদ্ধে অপহৰণৰ গোচৰো তৰিছিল৷ পিছত যুৱতীগৰাকীয়ে নিজ ইচ্ছা মতেই পলাইছিল বুলি কোৱাত আৰক্ষীয়ে মুক্তি কৰি দিছিল যুৱকজনক৷ 

যুৱতীগৰাকীয়ে পুনৰ এবাৰ পলাই  যায় যুৱকজনৰ সৈতে৷ পুণৰ পৰিয়ালে যুৱক জনৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰে। তাৰ পিছতে বিছাৰি উলিয়াই ঘৰলৈ আনে আৰু এনে কু-কাণ্ড সংঘটিত কৰে ৷ ২ নৱেম্বৰত নিৰ্যাতাতাই এলাহাবাদ উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হোৱাতহে সমস্ত ঘটনা পোহৰলৈ আহে৷ ষ্টেছন হাউচ অফিচাৰ কুশল পাল সিঙে এলাহাবাদ উচ্চ ন্যায়লয়ৰ নির্দেশত সকলো অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰে।