কোকৰাঝাৰ/সৰভোগঃ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ৰ বিছনাতে আজিও নৱজাতকক সাৱটি দুচকুৰে লোতক বোৱাই এক অনিশ্চিত ভৱিষ্যতত ধিয়াই নীৰৱে শুই আছে ৰশ্মিনাৰা বেগম। চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কাৰ্য সম্পন্ন হোৱা ৰশ্মিনাৰা কমেও এসপ্তাহ চিকিৎসালয়ৰ বিছনাতে পৰি থাকিব লাগিব যদিও চিকিৎসকে "ৰিলিজ" দিয়াৰ লগে লগেই পুনৰাই কোকৰাঝাৰ ডিটনচন কেম্পলৈয়ে উভতি যাব লাগিব, এয়াই বাস্তৱ।

ফুলকুমলীয়া দেৱশিশুৱে মাকৰ সতে শুব লাগিব ডিটেনচন কেম্পৰ পকী মজিয়াত। এনেবোৰ নানান চিন্তাৰে ৰশ্মিনাৰা বেগম অনবৰতে দুচকুৰে লোতক বোৱাই আছে। আজি চিকিৎসালয়ৰ বিছনাতে ৰশ্মিনাৰাই কান্দি কান্দি নিজৰ দূৰ্ভাগ্যৰ কথা সদৰী কৰি কেতবোৰ মানবীয় প্ৰশ্ন উত্থাপন কৰে। "মোৰ সন্তানৰ কি অপৰাধ যে জন্মৰ পিছতে পুনৰাই জেললৈ যাব লাগিব।"-জেলৰ মজিয়াত কেনেদৰে সন্তানক লৈ শুব বুলি প্ৰশ্ন উত্থাপন কৰি এইদৰে কয় ৰশ্মিনাৰাই।

সমাজে জেলত থকা মানুহক  কাহানিও ভাল দৃষ্টিৰে নাচায় আৰু তেওঁৰ সন্তান জেলতেই ডাঙৰ হ'ব লাগিব বুলি ফেকুঁৰি ফেকুঁৰি কান্দি ৰশ্মিনাৰাই সন্তানটিয়ে বুজনশীল হোৱাৰ পিছত হীনমন্যতাত নুভূগিবনে বুলি প্ৰশ্ন উত্থাপন কৰি জেলত থকাৰ যি যন্ত্ৰণা সেয়া মাথো জেলত থকাজনেহে বুজি পায় বুলি উল্লেখ কৰে।

অতি আৱেগিক হৈ পৰা ৰশ্মিনাৰাই কান্দি কান্দি  হাতযোৰ কৰি সন্তানৰ মঙ্গলৰ বাবে সকলোকে প্ৰাৰ্থনা কৰিবলৈকো আহ্বান জনাইছে। কোনো মাতৃয়ে নৱজাতকক লৈ জেলৰ পকী মজিয়াত শুৱলৈ নিবিচাৰিব বুলি উল্লেখ কৰি ৰশ্মিনাৰাই নিজকে ভাৰতীয় বুলি দাবী কৰি অন্যায়ৰ বলি হোৱা বুলি মত পোষণ কৰে।

ইপিনে ৰশ্মিনাৰাৰ বাতৰি প্ৰচাৰিত হোৱাৰ পিছতে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এক বিবৃতিত জোন দাসে আগন্তুক সময়ছোৱাত ৰশ্মিনাৰা বেগমৰ ন্যায্য অধিকাৰৰ যুঁজত অবড়ো সুৰক্ষা সমিতি, বিটিএডি, অসমে সদায় সহায় সহযোগ আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰি ন্যায়ৰ এই যুঁজত সকলো দল-সংগঠনক আগবাঢ়ি অহাৰ আহ্বান জনায়।

অহা ২ মে'ৰ দিনাখন গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰশ্মিনাৰা বেগমৰ জামিন আবেদনক লৈ এক শুনানি অনুষ্ঠিত হ'ব বুলি এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদে প্ৰকাশ কৰিছে। এবিএমছুৰ সভাপতিগৰাকীয়ে ন্যায়ালয়ৰ প্ৰতি আস্থা প্ৰকাশ কৰি ৰশ্মিনাৰাৰ হৈ তেওঁলোক আৰম্ভ কৰা ন্যায় যুদ্ধত জয়ী হ'ব বুলি মত প্ৰকাশ কৰে।