ডিজিটেল ডেস্কঃ ৰবিশংকৰক দায়িত্বজ্ঞানহীন আখ্যা দিছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে৷ পৰিৱেশ প্ৰদুষণৰ ক্ষেত্ৰত দিয়া উদ্ধৃতিৰ বাবে আধ্যাত্মিক গুৰু ৰবিশংকৰক সমালোচনা কৰিছে ট্ৰিবিউনেলে৷ বুধবাৰে ৰবিশংকৰে বিগত বৰ্ষত যমুনা নদীৰ পাৰত হোৱা প্ৰদুষণৰ বাবে দিল্লী চৰকাৰ আৰু আদালত দায়ী বুলি অভিযোগ উত্থাপন কৰিছিল৷

বিগত বৰ্ষত  ৰবিশংকৰে নদীখনৰ পাৰত আৰ্ট অব লিভিঙৰ যোগেদি এক বৃহৎ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছিল৷ গুৰুজনে ফেচবুকত চৰকাৰ আৰু আদালতক জগৰীয়া কৰি কৈছিল যে চৰকাৰ আৰু আদালতে অনুমতি দিয়াৰ বাবহে তেওঁ উক্ত অনুষ্ঠান অনুষ্ঠিত কৰিছিল৷ তাতে যদি যমুনা নদী প্ৰদূষিত হৈছে, তেন্তে তাৰ বাবে তেওঁ দায়ী নহয় বুলি গা এৰা দিয়া মনোভাৱ প্ৰদৰ্শন কৰিছিল৷

উল্লেক্য যে আৰ্ট অব লিভিঙে অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ ফলত যমুনা নদীৰ জলপৃষ্ঠ গুৰুতৰভাবে প্ৰদূষিত হৈছে বুলি গ্ৰীণ ট্ৰিবিউনেলে প্ৰতিবেদন দাখিল কৰিছিল৷ ইয়াৰ ক্ষতিপুৰণৰ বাবদ ৪২ কোটি টকা ব্যয় হ’ব বুলি জানিবলৈ দিছিল ট্ৰিবিউনেলে৷