গুৱাহাটীঃ দৰদী কণ্ঠ শিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন উপলক্ষে অলপতে সামাজিক-সাংস্কৃতিক অনুষ্ঠান স্বৰাঞ্জলিৰ উদ্যোগত 'ৰাইজক সাৱটিম কণ্ঠৰ সুৰেৰে’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত মহানগৰীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে কণ্ঠ শিল্পী-গীতিকাৰ কুল বৰুৱাই। 

ইয়াৰ পাছতে জয়ন্ত হাজৰিকাৰ গীতৰ এলানি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম স্থান লাভ কৰে কৃষ্টি তালুকদাৰে, দ্বিতীয় স্থান চেইফ চেলিম আৰু তৃতীয়স্থান লাভ কৰে বিপাশা কলিতাই। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মনীষা হাজৰিকাই। ইয়াৰ পিছতে জেপি দাসৰ সুৰ পৰিচালনাৰে আৰু কল্পনা ভূঞাৰ কথাৰে স্বৰাঞ্জলিৰ সংগীবৃন্দই সমবেত সংগীত পৰিৱেশন কৰে। 

কণ্ঠশিল্পী পম্পী বৰা, পূৰ্বৰাগ গোস্বামী, কৃতাঞ্জলী গোস্বামী, দিলীপ দাস, ৰুবুল কলিতা, গায়ত্ৰী হাজৰিকা আদি কণ্ঠশিল্পীয়ে জয়ন্ত হাজৰিকাৰ কালজয়ী গীত পৰিৱেশনৰে সমবেত শ্ৰোতা দৰ্শকক আপ্লুত কৰে। উক্ত অনুষ্ঠানত জ্যেষ্ঠ সংগীত পৰিচালক ৰমেন বৰুৱা, গীতিকাৰ কুল বৰুৱাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। 

জয়ন্ত হাজৰিকাৰ 'বহাগ হয় যদি' গীতটি যন্ত্ৰ সংগীতেৰে সজাই তোলে ৰূপম তালুকদাৰ, ডাঃ গণেশ ডেকা, জয়ন্ত গগৈ, বুলবুল দাস, সৌৰভ কুমাৰ দাস, পাৰ্থ দত্ত ফুকন আদি শিল্পীসকলে। শেষত 'দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ' গীতটি জে. পি. দাসৰ পৰিচালনাৰে সমবেতভাৱে পৰিৱেশন কৰে স্বৰাঞ্জলিৰ সদস্য বৃন্দই। গীতসমূহৰ লগত বাদ্য যন্ত্ৰ সংগত কৰে স্বৰাঞ্জলিৰ সাধাৰণ সম্পাদক তথা বাদ্যযন্ত্ৰী অমৰ জ্যোতি ডেকা, দীপক তালুকদাৰ, ইন্দ্ৰ বৰুৱা, যোগেন বসুমতাৰী আৰু মুকুল বৰদলৈয়ে। 

মন মৰমী মহন্ত  আৰু বিপুল বৰুৱাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটোত মনীষা হাজৰিকা, কুল বৰুৱা, গোপাল জালানকে ধৰি কেবাগৰাকী ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটোৰ শোভাবৰ্দ্ধন কৰে।