এই সময়

ডিজিটেল ডেস্কঃ অৱশেষত ৰায় প্ৰদান কৰা হ’ল সাংবাদিক জ্যোতিৰ্ময় দে’ৰ হত্যাকাণ্ডৰ৷ মুম্বাইত সাংবাদিক জ্যোতিৰ্ময় দে’ৰ হত্যকাণ্ডৰ ৰায় প্ৰদান কৰি বুধবাৰে মহাৰাষ্ট্ৰৰ বিশেষ এমচিওচিএ আদালতে গেংষ্টাৰ ছোটা ৰাজন সহ আন ১০গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰে৷ ইফালে বিশেষ আদালতখনে সাংবাদিক জিহনা ভোৰা আৰু পলচন জোচেফক নিৰ্দোষী বুলি প্ৰমাণিত কৰে৷

উল্লেখ্য যে ২০১১ চনক ১১ জুন তাৰিখে মিড ডে’ কাকতৰ সাংবাদিক জ্যোতিৰ্ময় দে’ক মুম্বাইস্থিত সাংবাদিকগৰাকীৰ বাসগৃহৰ সন্মূখতে বাইকেৰে অহা দুস্কৃতিকাৰীয়ে গুলিবিদ্ধ কৰিছিল৷ ততাতৈয়াকৈ সাংবাদিকগৰাকীক হস্পিতাললৈ নিয়া হৈছিল যদিও সাংবাদিক গৰাকীৰ ইতিমধ্যেই মৃত্যু ঘটিছিল৷

এই ঘটনাৰ তদন্তত মুম্বাইৰ কেইবাগৰাকীও কুখ্যাত ডনৰ নাম সাঙোৰ খাই পৰিছিল৷ তাৰ মাজতে অন্যতম অভিযুক্ত হিচাপে চিহ্নিত হৈছিল ছোটা ৰাজন আৰু আন ১৩ গৰাকী কুখ্যাত অপৰাধী৷

 

ইয়াৰে এজন অভিযুক্ত বৰ্তমানেও পলাতক হৈ থকাৰ বিপৰীতে আন এজন অভিযুক্তৰ ইতিমধ্যেই মৃত্যু ঘটাত বুধবাৰে মহাৰষ্ট্ৰৰ বিশেষ আদালতে ছোটা ৰাজন আৰু আন ১১ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰে৷