কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰস্থিত তিতাগুৰীৰ ভৱানীপুৰৰ পৰা চলিত মাহৰ  ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৮:৩০ মান বজাত অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জিত দত্ত অপহৰণ হোৱাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে ব্যৱসায়ী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অপহৃত যুৱ ব্যৱসায়ী গৰাকীক আৰক্ষীয়ে উদ্ধাৰৰ ক্ষেত্ৰত দেখুওৱা ব্যৰ্থতাৰ প্ৰতিবাদত তথা অপহৃতৰ মুক্তিৰ দাবীত বাঙালী যুৱ কল্যাণ পৰিষদ নামৰ সংগঠনটোৱে ২৬ ফেব্ৰুৱাৰীৰ ৰাতি ৯ বজাৰ পৰাই অনিৰ্দিষ্টকালীন কোকৰাঝাৰ জিলা বন্ধ ঘোষণা কৰাৰ ফলত  অাজি কোকৰাঝাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে।  

বন্ধৰ প্ৰথমদিনা অৰ্থাৎ আজি কোকৰাঝাৰ চহৰত সম্পূৰ্ণৰূপে হাট-বজাৰ দোকান-পোহাৰ বন্ধ থকাৰ উপৰি গাড়ী-মটৰকে ধৰি চৰকাৰী,বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান,বেঙ্ক,স্কুল- কলেজ সমূহ বন্ধ হৈ পৰে ৷ ইপিনে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকা সময়ছোৱাত বন্ধৰ দৰে কাৰ্যসূচী হাতত লোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু আৰু এবছুৱে৷  

আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰন সম্পাদক নৱজ্যোতি ৰায় আৰু এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে আজি বন্ধ আহ্বান কৰা সংগঠনটোক বন্ধ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। সংবাদ মাধ্যমৰ আগত অাছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায় আৰু এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে কয় যে যিহেতু বহু পৰীক্ষাৰ্থীয়ে  দূৰ-দূৰণিৰ পৰা পৰীক্ষাগৃহত আহিবলগীয়া হয় সেয়ে  ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি  অনিৰ্দিষ্টকালীন কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ কৰা উচিত ৷

বন্ধ কাৰ্যসূচীয়ে সমস্যা সমাধানৰ একমাত্ৰ পথ নহয় বুলি মন্তব্য কৰি অাছু আৰু এবছুৱে অপহৃতক বিনাচৰ্তে মুকলি কৰি দিবলৈ অপহৰণকাৰীৰ প্ৰতি আহ্বান জনাই অপহৃতৰ পৰিয়ালবৰ্গৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে । কোকৰাঝাৰৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়েও পৰীক্ষাৰ্থীৰ ভৱিষ্যত জীৱনৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্ট বন্ধ প্ৰত্যাহাৰ কৰিবলৈ অাহ্বান জনাইছে ।

ইপিনে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে অপহৃত ক্ষুদ্ৰ ব্যৱসায়ী গৰাকীক বিনাচৰ্তে মুক্তি দিবলৈ অপহৰণকাৰীৰ প্ৰতি আহবান জনাইছে । উল্লেখ্য যে কোকৰাঝাৰৰ বিভিন্ন ঠাইত হেণ্ডবিল বিতৰণ কৰি বন্ধ ঘোষণা কৰা সংগঠনটোৰ দুই সদস্য ক্ৰমে মৃণাল কান্তি মল্লিক আৰু বিপ্লৱ দেৱনাথক ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷