আজি ১০ দিন হ’ল। উত্তৰাখণ্ডৰ বন্ধ সুৰংগত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা ৪১ গৰাকী শ্ৰমিকৰ উদ্ধাৰ আজিও সম্ভৱ হৈ উঠা নাই। উদ্ধাৰৰ বাবে ন ন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। অত্যাধুনিক কৌশল ব্যৱহাৰ কৰি শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। কিন্তু এতিয়ালৈকে কোনো কৌশলেই ফল দিয়া নাই। সুৰংগৰ বাহিৰত আৱদ্ধ শ্ৰমিকৰ পৰিয়ালৰ নিদ্ৰাহীন ৰাতি পাৰ হৈছে। এবাৰ তেওঁলোকৰ সৈতে কথা পাতিবলৈ আত্মীয়, পিতৃ-মাতৃৰ মন হাহাকাৰ কৰিছে। 

উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত এই দুৰ্ঘটনাক লৈ পিছে দেশত বৰ বেছি চৰ্চা হোৱা নাই। দেশত এতিয়াও বিশ্বকাপ আৰু নিৰ্বাচনৰ বা বলিয়েই আছে। অলপতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈ গৈছে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজৰ ফাইনেল খেলখন। খেলখনত ভাৰতৰ পৰাজয়ৰ পিছত বিষণ্ণ হৈ আছে প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী ভাৰতীয়ৰ মন। তাৰ মাজতে ছত্তীশগড়, ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত চলি থকা বিধানসভা নিৰ্বাচনক লৈ নেতা-কৰ্মী, ভোটাৰ সকলোৰে মাজত উখল-মাখল পৰিৱেশ। 

এনে পৰিস্থিতিত দেশৰ এখন ৰাজ্যৰ এটা নিৰ্মাণাধীন সুৰংগ খহি ৪০ জনকৈ প্ৰবাসী শ্ৰমিক আৱদ্ধ হৈ থকাৰ খবৰ ৰাখে কোনে? এই ঘটনাই কোনো দলকে ৰাজনৈতিক লাভ প্ৰদান নকৰে, সেয়ে এয়া ৰাজনৈতিক ইছ্যু হ’বই নোৱাৰে। দেশৰ ১৪০ কোটি জনতাৰ মাজত এমুঠি ভাতৰ বাবে সংগ্ৰাম কৰা ৪০ জন দৰিদ্ৰ শ্ৰমিকৰ জীৱনৰ মূল্যই বা কিমান? সেয়ে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ এই ঘটনাক লৈ চৰ্চা নহয়, টিআৰপি নথকা এই খবৰ তথাকথিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো বাতৰি নোহোৱা বুলিও এতিয়া ভিন্নজনে উদ্বেগ প্ৰকাশ কৰিছে।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো? এতিয়া কেনে আছে শ্ৰমিকসকল?

১২ নৱেম্বৰ দেওবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত সংঘটিত হৈছিল এই ঘটনা। হিমালয়ৰ চাৰিটা হিন্দু তীৰ্থস্থান সংযোগ কৰা ঘাইপথ নেটৱৰ্ক চাৰ ধাম প্ৰকল্পৰ অংশ স্বৰূপে ১নং ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ছিলক্যৰা আৰু দণ্ডলগাঁও গাঁও সংযোগ কৰি নিৰ্মাণ কৰি থকা সুৰংগটো হঠাৎ খহি পৰাত ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰিছিল নিৰ্মাণকাৰ্যত জড়িত হৈ থকা ৪১ জনকৈ শ্ৰমিক।  

এই ধ্বংসৰ কাৰণ বিচাৰি এতিয়াও তদন্ত অব্যাহত আছে যদিও পাহাৰীয়া অঞ্চলটোৰ শিল আৰু মাটিৰ ভংগুৰ প্ৰকৃতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে একাংশ বিশেষজ্ঞই। ১৩ মিটাৰ বহল আৰু ৬০ মিটাৰ দ সুৰংগটোৰ ধ্বংসাৱশেষে প্ৰৱেশদ্বাৰ আৰু বায়ু চলাচলৰ খাদ বন্ধ কৰি পেলোৱাত অক্সিজেনৰ যোগান আৰু বাহিৰৰ জগতখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আৱদ্ধ হৈ পৰে শ্ৰমিকসকল।

এই সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিক বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু অসমৰ দৰে অন্য ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিক। অধিকাংশ আৱদ্ধ শ্ৰমিকৰে বয়স ১৮ বছৰ বা তাতকৈ কিছু বেছি। সুৰংগটোৰ ভিতৰত শ্ৰমিকসকল আৱদ্ধ হৈ পৰাৰ পিছতে হাহাকাৰ লাগে তেওঁলোকৰ পৰিয়ালৰ মাজত। কেইবাগৰাকীও শ্ৰমিকৰ পৰিয়ালৰ সদস্য ইতিমধ্যে উত্তৰকাশীত উপস্থিত হৈছে, বহু শ্ৰমিকৰ পৰিয়ালে আৰ্থিক পৰিস্থিতি আৰু অন্য কাৰণৰ বাবে উত্তৰাখণ্ডলৈ আহিব নোৱাৰি দূৰৈৰ পৰাই তেওঁলোক ঘূৰি অহালৈ অপেক্ষা কৰিছে।

উত্তৰাখণ্ডৰ এই সুৰংগ দুৰ্ঘটনাৰ পিছত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ ভিতৰত আছে অসমৰো দুজন যুৱক। কোকৰাঝাৰৰ ৰামফল বিলৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীও নিয়োজিত হৈ আছিল সুৰংগটোৰ নিৰ্মাণকাৰ্যত। জানিব পৰা মতে, এই দুৰ্ঘটনাৰ পিছতে দুয়োজন যুৱকৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে। অৱশ্যে উত্তৰকাশীতে থকা সঞ্জয়ৰ ভাতৃ ৰকেট বসুমতাৰীৰ সৈতে যোগাযোগ সম্ভৱ হৈছে পৰিয়ালৰ। সুৰংগ দুৰ্ঘটনাটোৰ সময়ত সৌভাগ্যক্ৰমে সুৰংগৰ বাহিৰতে আছিল ৰকেট বসুমতাৰী। এতিয়া সঞ্জয় আৰু ৰামপ্ৰসাদ সুকলমে ঘৰলৈ ঘূৰি অহাৰ বাবে অপেক্ষা কৰিছে পৰিয়ালৰ লোকে।

ইপিনে বিগত ১০ দিনে সুৰংগটোলৈ পানী যোগান ধৰিবলৈ স্থাপন কৰা পাইপলাইনৰ জৰিয়তে শ্ৰমিক সকলক যোগান ধৰি থকা হৈছে সীমিত খাদ্য, পানী, অক্সিজেন আৰু ঔষধ। পাইপলাইনৰ সহায়ত শ্ৰমিক সকললৈ প্ৰেৰণ কৰা ৱাকি টকীৰ সহায়ত কৰি থকা হৈছে যোগাযোগ। শ্ৰমিকসকলক তেওঁলোক নিৰাপদ আৰু সহায় আগবঢ়োৱাৰ আশ্বাস দিয়া হৈছে যদিও বিশুদ্ধ বতাহৰ অভাৱ আৰু পৰিস্থিতিৰ মানসিক চাপৰ বাবে তেওঁলোকৰ কিছুমান অসুস্থ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে মঙলবাৰে পোহৰলৈ আহিছে সুৰংগটোৰ ভিতৰৰ পৰিস্থিতিৰ প্ৰথমটো ভিডিঅ’। এই ভিডিঅ’টোত আৱদ্ধ শ্ৰমিকসকল বৰ্তমানলৈকে সুস্থ হৈ থকা যেনেই অনুমান কৰিব পাৰি। পাইপলাইনৰ জৰিয়তে পৰিয়ালৰ সদস্যৰ সৈতে শ্ৰমিকসকলক কথা পতাৰ সুবিধা কৰিও দিয়া হৈছে। পানীৰ পাইপলাইনত ভিতৰৰ পৰা চিঞৰি শ্ৰমিকসকলে কথা কয়, আৰু বাহিৰত থিয় হৈ থকা পৰিয়ালৰ লোকে পাইপলাইনত কাণ পাতি সেয়া শুনে। তেওঁলোকৰ বাবে এতিয়ালৈকে এয়াই ভাল খবৰ!

কেনেকৈ চলিছে উদ্ধাৰ অভিযান?

সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা এতিয়ালৈকে এক জটিল আৰু প্ৰত্যাহ্বানমূলক কাম হিচাপে পৰিগণিত হৈছে। স্থানীয় আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), ভাৰতীয় সেনা, ভাৰতীয় বায়ুসেনা (আইএএফ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল), সীমান্ত পথ সংস্থা (বিআৰঅ’)কে ধৰি বিভিন্ন সংস্থাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই উদ্ধাৰ অভিযান নীৰিক্ষণ কৰি থকাৰ লগতে আৱদ্ধ প্রতিজন শ্রমিকক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে৷

প্ৰাৰম্ভিক পৰিকল্পনা আছিল ধ্বংসাৱশেষবোৰ খান্দি উলিয়াই শ্ৰমিকসকলৰ বাবে উদ্ধাৰৰ পথ সৃষ্টি কৰা। কিন্তু সেয়া কঠিন আৰু লেহেমীয়া বুলি প্ৰমাণিত হোৱাত উদ্ধাৰৰ বাবে অন্য পন্থা গ্ৰহণ কৰিবলগীয়া হয়। সুৰংগৰ শিল অতি ভংগুৰ হোৱাৰ বাবে ড্ৰিলিং কৰিলে অধিক বিপজ্জনক হৈ পৰাৰ আশংকাও বৃদ্ধি পায়। ইয়াৰ পিছত উদ্ধাৰকাৰীসকলে ট্ৰেঞ্চলেছ টানেলিং পদ্ধতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়, য’ত অগাৰ মেচিন ব্যৱহাৰ কৰি ধ্বংসাৱশেষৰ মাজেৰে বৃহৎ ব্যাসৰ মৃদু তীখাৰ পাইপ সুমুৱাই দিয়া হয়, যিটো যন্ত্ৰই অনুভূমিকভাৱে ফুটা কৰিব পাৰে। অনুভূমিক ড্ৰিলিং সঁজুলি ব্যৱহাৰ কৰি পাইপসমূহ ঠেলি দি শ্ৰমিকসকলে চুঁচৰি ওলাই অহাৰ পথ সৃষ্টি কৰা হ’ব। কিন্তু সেই স্থানলৈ অনা প্ৰথমটো অগাৰ মেচিনে ধ্বংসাৱশেষত সোমাব নোৱাৰাৰ বাবে বুধবাৰে বায়ু সেনাৰ তিনিখন পৰিবহণ বিমানেৰে দিল্লীৰ পৰা আন এটা গধুৰ ড্ৰিলিং মেচিন ঘটনাস্থলীলৈ আনিবলগীয়া হয়।

উদ্ধাৰকাৰীসকলে শ্ৰমিকসকলৰ ওচৰলৈ যোৱাৰ বাবে অন্যান্য বিকল্পসমূহো অন্বেষণ কৰিছে, যেনে সুৰংগটোৰ আনটো মূৰৰ পৰা ড্ৰিলিং কৰা, পাহাৰৰ শিখৰৰ পৰা উলম্ব খাদ নিৰ্মাণ কৰা, বা ধ্বংসাৱশেষৰ মাজেৰে বিস্ফোৰণৰ বাবে বিস্ফোৰক ব্যৱহাৰ কৰা। কিন্তু এই বিকল্পসমূহক অত্যধিক বিপদজনক বা অবাস্তৱ বুলি গণ্য কৰি পিছত সেইসমূহ বাদ দিবলগীয়া হয়।

২০১৮ চনত থাইলেণ্ডত বানত বুৰ যোৱা গুহাৰ পৰা  ফুটবল দল এটাৰ ১২ কিশোৰ খেলুৱৈসহ ১৩জনক উদ্ধাৰ কৰা থাইলেণ্ডৰ দল আৰু সুৰংগ অভিযান্ত্ৰিক আৰু ভূতত্ত্বৰ বিশেষজ্ঞ নৰৱেৰ জিঅ’টেকনিকেল ইনষ্টিটিউট (এনজিআই)ৰ সৈতেও যোগাযোগ কৰি উদ্ধাৰকাৰীসকলে আন্তঃৰাষ্ট্ৰীয় সহায় বিচাৰিছে। গুহা উদ্ধাৰৰ বিশেষজ্ঞ কোম্পানী আৰু স্বেচ্ছাসেৱী ডুবাৰুৰ এটা দলকে ধৰি থাইলেণ্ডৰ দলটোৱে উদ্ধাৰ অভিযানত সহায় কৰিবলৈ সঁজুলি আৰু কৰ্মী প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছে। অৱশ্যে এন জি আইয়ে এই উদ্ধাৰ অভিযানত জড়িত নহয় বুলি স্পষ্ট কৰি দিছে, আৰু ইয়াৰ ভাৰতীয় সহযোগী ভাৰতীয় ৰে’লৱে আৰভিএনএলে উদ্ধাৰ অভিযানত সহায় কৰি আছে।

সফল হ’বনে এই উদ্ধাৰ অভিযান?

১০ দিনতকৈও অধিক সময় ধৰি চলি থকা উদ্ধাৰ অভিযানত শ্ৰমিক সকলৰ জীৱন্তে উদ্ধাৰৰ আশা প্ৰতি ঘণ্টাৰ লগে লগে ম্লান হৈ আহিছে। ২৪০ ঘণ্টাৰো অধিক সময় আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি ঘটিছে। সুৰংগটোৰ ভিতৰত অক্সিজেনৰ মাত্ৰা কম আৰু উষ্ণতা অধিক। সুৰংগৰ ভিতৰত শ্ৰমিকসকলে ধ্বংসস্তূপৰ ধূলি, শব্দ, আন্ধাৰৰ সন্মুখীনো হ’বলগীয়া হৈছে, যাৰ বাবে ক্ৰমান্বয়ে অৱনতি ঘটিছে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ। এনে পৰিস্থিতিত পাইপলাইনৰ সহায়ত তেওঁলোকলৈ বাহিৰৰ পৰা ঔষধ প্ৰেৰণ কৰা হৈছে যদিও দৰৱৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থকাতো লাহে লাগে কঠিন হৈ পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেওবাৰে আৱদ্ধ এগৰাকী শ্ৰমিকে ৱাকি টকীত কয়, “খালী পেটত ঔষধে কাম নিদিয়ে।’’ 

ইপিনে উদ্ধাৰ অভিযান চলাবলৈ গৈ অসংখ্য বাধা আৰু বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে উদ্ধাৰকাৰী কৰ্মীসকলো। প্ৰথমটো অগাৰ মেচিনৰ বিকলতা, দ্বিতীয়টো অগাৰ মেচিন অনাচ বিলম্ব, কঠিন শিলৰ মাজেৰে ড্ৰিলিঙত অসুবিধা, শ্ৰমিকসকলৰ স্থান আৰু গভীৰতাৰ অনিশ্চয়তা আদি অনেক বাধাই বাৰে বাৰে স্থবিৰ কৰি তুলিছে উদ্ধাৰ অভিযান। ইয়াৰোপৰিও ঠাণ্ডা আৰু বৰষুণৰ বাবে অধিক প্ৰত্যাহ্বানমূলক আৰু বিপদজনক হৈ পৰিছে এই উদ্ধাৰকাৰ্য। কিন্তু তথাপিও আশা এৰি দিয়া নাই কোনেও। আৱদ্ধ শ্ৰমিকসকলৰ কাষ চাপিবলৈ দিনে-নিশাই চলাই থকা হৈছে প্ৰচেষ্টা। খাদ্য, পানী, অক্সিজেন, ঔষধ, কম্বল আৰু সমৰ্থনৰ বাৰ্তা প্ৰেৰণ কৰি শ্ৰমিকসকলক অনুপ্ৰাণিত আৰু শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। শ্ৰমিকসকলৰ উৎসাহ বৃদ্ধিৰ বাবে সংগীত আৰু ধৰ্মীয় ধ্বনিও বজোৱা হৈছে।

উদ্ধাৰকাৰীসকলে শ্ৰমিকসকলক বচাব পাৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰিছে যদিও অগ্ৰগতিৰ বাবে স্পষ্ট সময়সীমা বা অনুমান দিয়া নাই। তেওঁলোকে কয় যে পৰিস্থিতি আৰু সম্পদৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ধাৰ অভিযানত কেইদিনমান বা আনকি সপ্তাহো লাগিব পাৰে। তদুপৰি উদ্ধাৰ অভিযানটো জীৱন-মৃত্যুৰ বিষয় আৰু শ্ৰমিকসকলক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই ননালৈকে তেওঁলোকে অভিযান অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে।

থাইলেণ্ডতো সংঘটিত হৈছিল এনে এক দুৰ্ঘটনা

উত্তৰকাশীত সংঘটিত এই সুৰংগ দুৰ্ঘটনাটোক এতিয়া অনেকে তুলনা কৰিছে ২০১৮ চনত থাইলেণ্ডত সংঘটিত গুহা উদ্ধাৰ অভিযানৰ সৈতে। থাইলেণ্ডত সংঘটিত সেই ঘটনাই বিশ্বজুৰি লাভ কৰিছিল চৰ্চা। মানৱ সাহস আৰু সহযোগিতাৰ এক উল্লেখযোগ্য কৃতিত্ব হিচাপে চিহ্নিত কৰা হৈছিল সেই অভিযানক। ২০১৮ চনৰ জুন মাহত জুনিয়ৰ ছকাৰ দলৰ ১২ জন কিশোৰ আৰু তেওঁলোকৰ প্ৰশিক্ষকে চিয়াং ৰাই প্ৰদেশৰ থাম লুয়াং গুহা কমপ্লেক্সত অন্বেষণ কৰিবলৈ যোৱাৰ সময়তে আকস্মিকভাৱে অহা বানত গুহাৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল তেওঁলোক। ১৮ দিনীয়া দীঘলীয়া প্ৰচেষ্টাৰ অন্তত অৱেশত গুহাটোত আবদ্ধ হৈ থকা আটাইকেইজনকে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আন্তঃৰাষ্ট্ৰীয় ডুবাৰু আৰু বিশেষজ্ঞৰ এটা দলে।

থাইলেণ্ডৰ গুহা উদ্ধাৰ অভিযান সহজ নাছিল। বাৰিষাৰ ধাৰাসাৰ বৰষুণ আৰু ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বান হেঙাৰ হৈ থিয় দিছিল সেই উদ্ধাৰ অভিযানত। বানত বুৰ যোৱা অন্ধকাৰচন্ন গুহাত নাছিল অক্সিজেন। এনে পৰিস্থিতিত ১৮ দিন ধৰি প্ৰবল বানৰ মাজেৰে বাহিৰৰ পৰা আৱদ্ধ সকলক যোগান ধৰা হৈছিল অক্সিজেন চিলিণ্ডাৰ। এনেদৰে অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ সময়তে শ্বাসৰুদ্ধ হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এগৰাকী থাই নৌসেনাৰ বিষয়াই।

থাইলেণ্ডৰ সেই ভয়াবহ ঘটনা প্ৰমাণ আছিল আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সংহতিৰ শক্তিৰো। বিভিন্ন দেশ আৰু পটভূমিৰ লোকসকলে একত্ৰিত হৈ ১২ কিশোৰ আৰু তেওঁলোকৰ প্ৰশিক্ষকৰ জীৱন ৰক্ষা কৰিছিল। এই উদ্ধাৰ অভিযানত অষ্ট্ৰেলিয়া, চীন, জাপান, লাওছ, ম্যানমাৰ, যুক্তৰাজ্য, আমেৰিকাৰ দৰে দেশৰ ডুবাৰু, অভিযন্তা, চিকিৎসক, সামৰিক কৰ্মী, স্বেচ্ছাসেৱক, সংবাদ মাধ্যমৰ কৰ্মীকে ধৰি ১০ হাজাৰতকৈ অধিক লোক জড়িত আছিল।

থাইলেণ্ডত হোৱা গুহা উদ্ধাৰ কাৰ্য্যই বিশ্বৰ বহু লোককো অনুপ্ৰাণিত কৰিছিল। সেই সময়ত সমগ্ৰ বিশ্বই প্ৰাৰ্থনা কৰিছিল আৱদ্ধ আটাইকেইজনৰ জীৱনৰ বাবে।  উদ্ধাৰ অভিযানক এক অলৌকিকতা বুলি অভিহিত কৰা হৈছিল আৰু ১৮ দিন ধৰি বানক্ৰান্ত গুহাৰ ভিতৰত আৱদ্ধ হৈ থাকি অৱশেষত জীৱন্তে বাহিৰলৈ ওলাই অহা ১৩ জনক নায়ক আখ্যা দিছিল সমগ্ৰ বিশ্বই। থাইলেণ্ডৰ সেই ঘটনাক লৈ ইতিমধ্যে লিখা হৈছে কেইবাখনো গ্ৰন্থ, নিৰ্মাণ কৰা হৈছে তথ্যচিত্ৰ, চিনেমা। নেটফ্লিক্সৰ চিৰিজ ‘থাই কেভ ৰেচকিউ’ থাইলেণ্ডৰ সেই ভয়াৱহ ঘটনাক লৈ নিৰ্মাণ কৰা তেনে এখন ৱেব চিৰিজৰ নাম। 

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

কিয় চৰ্চা লাভ কৰা নাই উত্তৰকাশীৰ দুৰ্ঘটনাই?

উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনা আৰু থাইলেণ্ডৰ গুহা উদ্ধাৰৰ কিছু সাদৃশ্য আছে, যেনে দুৰ্যোগৰ প্ৰকৃতি, আবদ্ধ লোকৰ সংখ্যা, উদ্ধাৰ অভিযানৰ কঠিনতা, আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ জড়িত থকা আদি। কিন্তু এই দুয়োটা ঘটনাৰ মাজত আছে কিছু উল্লেখযোগ্য পাৰ্থক্যও। সংবাদ মাধ্যমৰ মনোযোগৰ মাত্ৰা, জনস্বাৰ্থ, চৰকাৰী সঁহাৰি, উদ্ধাৰ অভিযানৰ ফলাফল আদিয়ে পৃথক কৰে এই দুয়োটা ঘটনাক। থাইলেণ্ডৰ গুহা উদ্ধাৰৰ তুলনাত উত্তৰকাশীত সংঘটিত সুৰংগ দুৰ্ঘটনাটোৱে তুলনামূলকভাৱে লাভ কৰিছে কম সংবাদ মাধ্যমৰ প্ৰচাৰ আৰু জনস্বাৰ্থ। উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনাত ছাঁ পেলাইছে বিশ্বকাপৰ উন্মাদনা, ৰাজনৈতিক পৰিঘটনাৰ দৰে আন আন ঘটনাই। 

ইফালে কেন্দ্ৰীয় চৰকাৰেও আৱদ্ধ শ্ৰমিক সকলৰ প্ৰতি বিশেষ চিন্তা বা সমৰ্থন ব্যক্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদিনেই ফোনযোগে তেওঁৰ সৈতে কথা পাতি বুজ লৈছে ঘটনাৰ। গৃহমন্ত্ৰী অমিত শ্বাহেও ফোনতে ব্যক্ত কৰিছে উদ্বেগ। কিন্তু বিশ্বকাপৰ ফাইনেল উপভোগ কৰিবলৈ আৰু ৰাজস্থান, মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সময় পোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বিগত ১০ দিনত উত্তৰকাশীলৈ এবাৰ আহিবলৈ সময় নোপোৱাটোক লৈয়ো প্ৰশ্ন কৰিছে অনেকে।

প্ৰাক্তন শিক্ষাবিদ, লেখক আব্দুল মান্নানে কয়, “উত্তৰকাশীৰ সুৰংগত যিসকল লোক আৱদ্ধ হৈ আছে, তেওঁলোক পেটে-ভাতে খাই থকা সাধাৰণ দৰিদ্ৰ শ্ৰমিক। শ্ৰমিকৰ কথা কোনে চিন্তা কৰে? চৰকাৰটো বাদেই, খাটি খোৱা সকলৰ কথা কোনেও চিন্তা নকৰে। যদি তেওঁলোক শ্ৰমিক নহয় আঢ্যবন্ত কোনোবা হ’লহেঁতেন, তেন্তে এতিয়ালৈকে সংবাদ মাধ্যম, চৰকাৰ সকলো এই ঘটনাক লৈ উবুৰি খাই পৰিলেহেঁতেন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, দৰিদ্ৰসকল মানুহেই নহয়, তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাই। সেয়ে আজি ১০ দিন হ’ল, তেওঁ উত্তৰাখণ্ডলৈ যাবলৈ সময় পোৱা নাই।''

বহুতৰ মতে, উত্তৰকাশীত হোৱা সুৰংগ দুৰ্ঘটনা আৰু থাইলেণ্ডৰ গুহা উদ্ধাৰ কাৰ্য্যই বিশ্বত বিদ্যমান বিভিন্ন বাস্তৱতা আৰু বৈষম্যৰ প্ৰতিফলন ঘটায়। অনেকৰ অভিযোগ যে, উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনাটোৱে প্ৰব্ৰজিত শ্ৰমিকসকলৰ দুৰ্দশা উদঙাই দিছে, ৰাষ্ট্ৰৰ দ্বাৰা শোষিত সাধাৰণ দৰিদ্ৰ জনতাৰ এখন নিৰ্মম ছবি দাঙি ধৰিছে। বিশেষজ্ঞসকলৰ মতে, উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনাই জনকল্যাণৰ পৰিৱৰ্তে প্ৰায়ে ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত আন্তঃগাঁথনি প্ৰকল্পসমূহত সুৰক্ষাৰ মানদণ্ড, জবাবদিহিতা আৰু স্বচ্ছতাৰ অভাৱ উন্মোচন কৰিছে। এই দুৰ্ঘটনাটোৱে জলবায়ু পৰিৱৰ্তন আৰু মানুহৰ হস্তক্ষেপৰ প্ৰভাৱৰ বাবে ভূমিকম্প, ভূমিস্খলন, ক্ষন্তেকীয়া বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰৱণতা থকা হিমালয় অঞ্চলৰ দুৰ্বলতাকো প্ৰকট কৰি তোলা বুলি মন্তব্য কৰে বিশেষজ্ঞসকলে।