newsnextone.comখাৰুপেটীয়াঃ দৰং জিলাৰ ওৰাং ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ পৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি বুধবাৰে নিশা দুজনকৈ দুধৰ্ষ চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয়।

দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ শৰ্মা, উপ আৰক্ষী অধীক্ষক পৃথিৰাজ ৰাজখোৱা শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰীসহ এদল আৰক্ষীয়ে বুধবাৰে নিশা এক অভিযান চলাই ২নং কছাৰীভেটিটোপ গাঁৱৰ মফিদুল ইছলামৰ ঘৰৰ কাষত মাটিৰ তলত প্লাষ্টিকেৰে মেৰিয়াই পুতি ৰখা অৱস্থাত এটা থ্ৰি নট থ্ৰি ৰাইফল আৰু ১২ জাই গুলি উদ্ধাৰ কৰে।

মফিদুলে ৰাইফলটো আব্দুল আলী নামৰ ব্যক্তি এজনৰ পৰা অনা বুলি আৰক্ষীক জানিবলৈ দিয়াত আৰক্ষীয়ে পুনৰ এক অভিযান চলাই আজি পুৱতি নিশা নগাঁও জুৰীয়াৰ বালিঘাটৰ পৰা আব্দুল আলীক আটক কৰে।

জানিব পৰা মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰে উদ্যানখনৰ কাষৰীয়া অঞ্চলত মাটিৰ তলত অস্ত্ৰ সমূহ পুতি থৈছিল। দলগাঁও আৰক্ষীয়ে আজি দুধৰ্ষ  চোৰাং চিকাৰী দুজনক জেল হাজোতলৈ প্ৰৰণ কৰে।