প্ৰতিকী ফটো
প্ৰতিকী ফটো

কাজিৰঙাঃ কাজিৰঙাত পুনৰ সংঘটিত হৈছে গড়ঁ হত্যা৷ চাৰিদিন পিছতহে বন বিভাগে গঁড়টো নিধন হোৱাৰ কথা জানিব পৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ কাৰ্তিকা চাপৰিত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে চাৰিদিন পূৰ্বে কাৰ্তিকা চাপৰিৰ পানী যুঁৱলিত পানী খাবলৈ যোৱা অৱস্থাত গড়ঁটো হত্যা কৰি খড়্গ কাটি নিয়ে চোৰাং চিকাৰীয়ে৷ গঁড়টো মতা গঁড় আছিল বুলি জানিব পৰা গৈছে।

চাৰিদিনৰ পাচত শুকুৰবাৰে বিয়লি বনকৰ্মীৰ এটা দলে মৃতদেহটো উদ্ধাৰ কৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনত বন কৰ্মীয়ে গিজগিজাই থকাৰ পাছতো গড়ঁ হত্যা কৰি চোৰাং চিকাৰীয়ে নিৰ্বিঘ্নে উধাও হোৱা ঘটনাই কাজিৰঙাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

ইফালে, এনেধৰণৰ সঘন গড়ঁ হত্যাৰ বিৰুদ্ধে কাজিৰঙাত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কাজিৰঙা আঞ্চলিক সমিতিয়ে৷ গড়ঁ হত্যাৰ প্ৰতিবাদত কঁহৰাত ৩৭ নং ঘাই পথ অৱৰোধ কৰাৰ লগতে বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ প্ৰতিমূৰ্তি দাহ কৰে আছুৱে৷