হোজাই/গোলকগঞ্জঃ ৰাজ্যত মাথো কেইটামান ঘন্টাৰ ভিতৰত ৪টাকৈ ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ যোৱা ৫গৰাকী লোকৰ মৃত্যু হয়৷ ৰাজ্যৰ ৰাস্তা-ঘাটৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ অহাত প্ৰতিদিনে বহু লোক প্ৰাণ হেৰুৱাই আহিছে৷ সোমাবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জৰ হালাকুৰাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ নাৰায়ন সেন নামৰ এগৰাকী লোকৰ মৃত্যু হয়৷

জানিব পৰা মতে, AS-17-8717 নম্বৰৰ বাইকত দুজন লোক আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুবাই ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ গছত খুন্দা মাৰে৷ ফলত আগমনি থানাৰ কালডোৱা প্ৰথম খণ্ডৰ নাৰায়ন সেন নামৰ লোকজনৰ মৃত্যু হয় আনহাতে গুৰুতৰ ভাবে আহত হয় নাৰায়ন বাক্সি নামৰ লোকজন৷ ছাগলীয়াৰ পৰা আগমনি অভিমুখে গৈ থকা অৱস্থাত দুর্ঘটনাটো সংঘটিত হয়৷

গুৰুতৰ ভাৱে আহত নাৰায়ন বাক্সিক আৰক্ষীয়ে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আনহাতে দেওবাৰে হোজাই জিলাত ৩টাকৈ পৃথক দুৰ্ঘটনাত ৪গৰাকী লোকৰ মৃত্যু হয়৷ নীলবাগান উপ-আৰক্ষী চকীৰ ৱায়াৰলেচ অপাৰেটৰ অজিত চন্দ্ৰ গগৈ (৫২)পথ দুৰ্ঘটনাত মৃত্যু হয়৷ নিশা অচিনাকি গাড়ীৰ খুন্দাত নিহত হয় আৰক্ষীৰ লোক জন৷

কৰ্তব্য সমাপন কৰি ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নিজৰ কক্ষলৈ গৈ থকা অৱস্থাত তীব্ৰবেগী কোনো গাড়ীয়ে খুন্দা মৰাৰ ফলত সংকটজনক অৱস্থাত পথৰ উদ্ধাৰ হোৱাত হোজাই হাম চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় গগৈৰ৷ নিহত আৰক্ষীৰ অপাৰেটৰ জনৰ ঘৰ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিবিয়া ঘাটৰ নৌখাটনিত বুলি জানিব পৰা গৈছে৷ ডবকাৰ ৩৬ নং ৰাষ্টীয় ঘাইপথত দেওবাৰেই পথ দুৰ্ঘটনাত প্ৰাণ গ'ল যায় এগৰাকী বৃদ্ধৰ৷

নম্বৰ প্লেট বিহীন এখন বাইকৰ খুন্দাত হানিফ আনচাৰী (৬৮) নামৰ বৃদ্ধগৰাকীৰ থিতাতে নিহত হয়৷ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ভেলৌগুৰি নেপালীখুঁটিত এই দুৰ্ঘটনা সংঘটিত হয়৷ নিহত বৃদ্ধ গৰাকীৰ ঘৰ ভেলৌগুৰিত৷ দুৰ্ঘটনাত বাইক চালক আচাদ উদ্দিনসহ তিনিজন লোক গুৰুতৰভাৱে আহত হয়৷ আহত আটাইকেই গৰাকীৰ ঘৰ যমুনামুখৰ বৰজাৰি মাজ গাঁৱৰ বুলি জানিব পৰা গৈছে৷

ডবকাৰ যোগীজান খণ্ড উন্নয়ন বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্থ হয়৷ দুৰ্ঘটনাটোত থিতাতে নিহত দুজনলোক আৰু আহতও হয় দুজনলোক৷ ডবকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথত একেটা দিনতে সন্ধিয়া যোগীজান খণ্ড উন্নয়ন বিষয়াৰ বাহনে নিয়ন্ত্ৰন হেৰুৱাই খুন্দা মাৰে দুই পথাচাৰীক৷ থিতাতে মৃত্যু হয় পথচাৰী বিষ্ণু ৰবি দাস আৰু জিতেন দাসৰ৷ দুয়োৰে ঘৰ তেজপুৰৰ কাৱৈমাৰিত বুলি জানিব পৰা গৈছে৷ এটা ইটা ভাটাৰ কৰ্মচাৰী আছিল দুয়োগৰাকী লোক৷ বাহনখনত নাছিল বিডিঅ গিৰি বৰুৱা৷