গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ বৰপথাৰ গাঁৱৰ এজন যুৱক মঞ্জয় নাৰ্জাৰী। মঞ্জয়ে যোৱা এটা বছৰে চিন্তা কৰি নিজৰ উদ্ভাৱনী শক্তিৰে সাজি উলিয়াইছে এটা "ৰবট চিগনেল মেচিন"।

কেবাটাও চেঞ্চৰ, লেজাৰ লাইট, চেল ফোন, বেটাৰী আৰু কিছু ইলেক্ট্ৰনিক্স সামগ্ৰীৰে সাজি উলিওৱা এই মেচিনটোৰে সীমান্ত অঞ্চলত উগ্ৰপন্থীৰ অবাধ বিচৰণ আৰু প্ৰৱেশক বাধা দি তাক দমন কৰিব পৰা যাব বুলি দাবী কৰিছে মঞ্জয়ে।

যেতিয়া ইয়াৰ ইয়াৰ সম্মুখৰে কোনোৱে পাৰ হয় তেতিয়া ই স্বয়ংক্ৰিয়ভাৱে কাম কৰে। মূহুৰ্ততে ইয়াৰ সৈতে সংযোজিত হৈ থকা মৰাণাস্ত্ৰই সম্মুখত থকা উগ্ৰপন্থীক লক্ষ্য কৰি গুলীয়াব আৰু ইয়াৰ পৰিচালনাৰ দায়িত্বত থকা জনলৈ মোবাইলযোগে সংকেত প্ৰেৰণ কৰিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যুবকজনে  এটিএম এলাৰ্ট মেচিন এটা সাজি উলিয়াইছিল, যিটো এটি এম চোৰক ধৰিবলৈ বিশেষ ধৰণে প্ৰস্তুত কৰা হৈছিল। অনাগত দিনসমূহত তেওঁ এনেধৰণৰ আৰু একাধিক যন্ত্ৰ সাজি উলিওৱাৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিছে।