ডিজিটেল ডেস্কঃ অশান্ত জৰ্জৰ কাবুলত পুনৰ আক্ৰমণ সংঘটিত কৰিলে সন্ত্ৰাসবাদীয়ে৷ আজি পুৱা ১১ বজাত কাবুলস্থিত ভাৰতীয় দূতাবাস 'ইন্দিৰা হাউচ’ত ৰকেটেৰে আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে৷

জানিব পৰা মতে, দূতাবাসটোৰ ভিতৰৰ টেনিচ ক’ৰ্টৰ ভিতৰত এটা ৰকেট বিস্ফোৰিত হয়৷ অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই৷

এই ঘটনাৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই৷ উল্লেখযোগ্য যে যোৱা সপ্তাহতে দূতাবাসস্থিত উক্ত অঞ্চলটোত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল৷ তদুপৰি আন আন অঞ্চলসমুহতো বিস্ফোৰণৰ ঘটনা বৃদ্ধি পাইছে।