ডিজিটেল ডেস্কঃ ভাৰত আৰু শ্ৰী লংকাৰ মাজত অনুষ্ঠিত এদিনিয়া চিৰিজৰ দ্বিতীয় খন মেচত বুধবাৰে দুয়োদল মুখামুখী হৈছিল মোহালীৰ পিচিএচ ষ্টেডিয়ামত। শ্ৰীলংকাই টচত জয়ী হৈ প্ৰথমে ভাৰতীয় দলক বেটিং কৰিবলৈ সুবিধা দিয়ে। দলে ৫০ অভাৰত ৪ টা উইকেট হেৰুৱাই ৩৯২ ৰান কৰিবলৈ সক্ষম হয়। ৩৯৩ৰ লক্ষ্য বান্ধি দিয়ে শ্ৰী লংকাক।

ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই এদিনিয়া ক্ৰিকেটত কেৰিয়াৰৰ তৃতীয়টো দ্বি শতক কৰি বিশ্ব ৰেকৰ্ড গঢ়ে৷ তেওঁ এদিনিয়াত তিনিটা দ্বিশতক কৰা প্ৰথম খেলুৱৈ৷ ইয়াৰ পুৰ্বে তেওঁ ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০৯ ৰান, ২০১৪ত শ্ৰীলংকাৰ বিৰুদ্ধে ২৬৪ৰান আৰু বুধবাৰে ২০৮ ৰান কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়৷

ৰোহিতৰ  ইটো শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়টো দ্বিশতক৷ এই ৰেকৰ্ডৰ অধিকাৰী হৈ ৰোহিতে ষ্টেডিয়ামত বহি থকা পত্নীক ৰিতিকালৈ উৰণীয়া চুম্বনেৰে অভিবাদন জনায়৷ ৰোহিতৰ এই সাফল্যত আনন্দৰ চকুলো নিগৰে দৃশ্য কেমেৰাত বন্দী হয়।২০১৫ চনৰ ১৫ ডিচেম্বৰত ৰিতিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।