চাবুৱাঃ ​শেহতীয়াকৈ ৰাজ্যখনৰ পাহাৰ ভৈয়াম, নৈৰ দাঁতিৰ গাঁও সমূহত বসবাস কৰা একাংশ থলুৱা-জনগোষ্ঠীয় লোকে পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি দৰিদ্ৰতা, ৰোগ-ব্যাধী আদিয়ে সৰ্বশ্ৰান্ত কৰা ৰাজ্যখনৰ শ-শ পৰিয়ালে মাটি-ভেটি হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে৷ নৈৰ দাতিৰ বহু গাঁও ব্ৰহ্মপুত্ৰ আৰু আৰু ইয়াৰ উপ নৈ সমূহৰ কোবাল সোঁতে খহনীয়াৰ সৃষ্টি কৰি সা-সম্পত্তি, ঘৰ-দুৱাৰ সকলো হেৰুৱাব লগা হৈছে৷

বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত থলুৱা লোকে হাহাকাৰ কৰিব লগা হৈছে৷ ডিব্ৰুগড় জিলাৰ দধীয়া, একেখন জিলাৰ লাহোৱাৰ সমষ্টিৰ ৰহমৰীয়াত গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ পিছতো চৰকাৰ খনে খহনীয়া ৰোধৰ বাবে যেনেদৰে তত্পৰ হৈ উঠিব লাগিছিল তাৰ পৰিৱৰ্তে নীৰৱ ভূমিকাই শংকান্বিত কৰি তুলিছে শ শ পৰিয়ালক৷ পুনৰ বাৰিষা আহিবৰ সময় হ’ল যদিও আশাৰ ক্ষীণ পোহৰ দেখা নাই ৰহমৰীয়াৰ কোনো এটা পৰিয়ালেও।৷

বিনিয়োগকাৰীক আদৰাৰ বাবে কোটি কোটি টকা খৰচ কৰা ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ লোকে এতিয়া ফেচবুকত পোষ্ট দি প্ৰতিবাদ কৰিব লগা হৈছে৷ বৃহত্তৰ ৰহমৰীয়া অঞ্চলত প্ৰকৃতিক সম্পদেৰে দেশ তথা ৰাজ্য চহকী হৈ আহিছে যদিও আজিলৈ গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰে পদক্ষেপ লোৱা দেশা নাযায়৷ সাৰুৱা তেলৰ বাবে ৰহমৰীয়া বুকু প্ৰতিদিনে খনন কৰে যদিও থসুৱাৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰে চৰকাৰ তথা অইলে৷

ৰহমৰীয়া অঞ্চলৰ গৰাখহনীয়াৰ সমস্যা সমাধান নকৰিলে অইলক খনন কৰিব নিদিয়াৰ হুংকাৰ দি হিছে৷ তাৰ পিছতো অইলে বাৰে বাৰে ঠিকাদাৰৰ হতুৱাই খনন কৰিব যোৱাত সংঘাটৰ সৃষ্টি হৈ আহিছে৷ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে অইলৰ কোনো ধৰণৰ কাম কাজ কৰিব নিদিয়াৰ সংঙ্কল্প লৈ অঞ্চলটোত বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অঞ্চলটোত অইলৰ কাম কাজ বন্ধ কৰি ৰাখিছে। অঞ্চলটোৰ গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ দিনতেই কেন্দ্ৰৰ পৰা প্ৰস্তাৱিত হৈ থকা ৭৮.৮৪ কোটি টকাৰ কাম আজিলৈকে আৰম্ভ হোৱা নাই।

কিছুদিন আগতে অঞ্চলটোত অইল ইণ্ডিয়া কৰ্তৃপক্ষই অইলৰ কাম কৰিবৰ বাবে থানাই বাগান চাহ গছ কটাৰ সময়তে অঞ্চলটোৰ দল-সংগঠন সমূহৰ লগতে স্থানীয় ৰাইজেও প্ৰতিবাদ কৰি কাম বন্ধ কৰি দিছিল।

শনিবাৰে পুনৰ অঞ্চলটোৰ কেইগৰাকীমান ঠিকাদাৰে একেই কাম কৰিবলৈ অহাত জাঙুৰ খাই উঠে ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্থা, অনুসুচিত জাতি যুৱ-ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ সল্মিলন, সদৌ অসম অনুসুচিত জাতি পৰিষদ আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ।

শনিবাৰে পুৱা ১২টা সংগঠনৰ লগতে স্থানীয় ৰাইজে এক্সভেটৰেৰে বাগিচাত খনন কৰিব অহাৰ খবৰ লাভ কৰি একত্ৰিত হৈ ঠিকাদাৰ মন্টু ডাঙৰীয়া, এিপুল চেতিয়া, কলিয়া ডাঙৰীয়াক খনন কাৰ্য বন্ধ কৰিব কোৱাত ঠিকাদাৰ কেইজনে সংগঠনকেইটাৰ প্ৰতিনিধিৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈ কাম বন্ধ নকৰো বুলি দম্ভালি মাৰে। যাৰ ফলত কিছুসময়ৰ বাবে এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।

বহু সময় ধৰি চলা তৰ্ক যুদ্ধৰ পিছত সংগঠনকেইটাৰ প্ৰতিনিধিসকলৰ লগতে স্থানীয় ৰাইজে সেই ঠাইৰ পৰা আতৰি আহি ওচৰতে থকা অইলৰ কাম-কাজ বন্ধ কৰি দিয়ে। সংগঠনকেইটাৰ স্পষ্ট দাবী যেতিয়ালৈকে বৃহত্তৰ অঞ্চলটোত গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰিব তেতিয়ালৈকে অঞ্চলটোত কোনো কাৰণতেই অইলৰ কাম কাজ কৰিবলৈ দিয়া নহব বুলি অইল ইণ্ডিয়া কৰ্তৃপক্ষক সকিয়াই দিয়ে।

ঠিকাদাৰ বুলি নিজকে পৰিচয় দিয়া মন্টু ডাঙৰীয়া, ত্ৰিপুল চেতিয়া আৰু কলিয়া ডাঙৰীয়া নামৰ স্থানীয় লোককেইজনে ৰহমৰীয়া অঞ্চলৰ পৰা অবৈধভাৱে দিনে-নিশাই মাটি খনন কৰি আহিছে বুলি সংগঠনকেইটাৰ লগতে স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰে। সংগঠনকেইটাই অঞ্চলটোৰ তৈল খাদৰ কাম বন্ধ কৰি দিয়ে।