দলগাৱঁত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ৰকিবুলৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ
বিধায়ক ইলিয়াছৰ উদ্ভট মন্তব্য- 'ডি ভোটাৰ এ আই ইউ ডি এফৰ সৃষ্টি

খাৰুপেটীয়াঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলগাঁৱত নিৰ্বাচনী বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে। দৰঙৰ সমষ্টি অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ অফিচ বজাৰস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আজি অনুষ্ঠিত কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাম কাজক লৈ বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে অগপ আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰে । 

একমাত্ৰ আজমল বাহিনীৰ বাবেই অসমত বিজেপি চৰকাৰ হোৱা বুলি তেওঁ মন্তব্য কৰে। প্ৰায় তিনি সহস্ৰাধিক লোকক উদ্দ্যেশি ৰকিবুলে কয়- এ আই ইউ ডি এফক এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়াৰ সমান। সেয়েহে তেওঁ কংগ্ৰেছৰ সকলো মনোনীত প্ৰাৰ্থীক হাতৰ ছবিত ভোট দি তলা-চাবিক দলগাঁৱৰ পৰা চিৰ বিদায় দিয়াৰ আহবান জনায়। 

ইফালে স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে সংখ্যালঘূ মুছলমান সকলে সন্মূখীন হোৱা ডি ভোটাৰৰ সমস্যা এটা এ আই ইউ ডি এফৰ সৃষ্টি বুলি উদ্ভট মন্তব্য কৰি তাৰ সপক্ষে যুক্তিও ডাঙি ধৰে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ কাৰ্ড প্ৰদানক লৈ কংগ্ৰেছী কৰ্মতাৰ এক পক্ষীয় নীতিৰে দুখীয়াক বঞ্চিত কৰি ধনী আৰু চাকৰীয়াল লোকক প্ৰদান কৰাৰ বিৰুদ্ধে এ আই ইউ ডি এফে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা কাৰ্যক বিধায়ক জনে সমালোচনা কৰি এ আই ইউ ডি এফক দুখীয়াৰ ভাতমুঠি কাঢ়ি লোৱা বুলি অভিহিত কৰে। 

এ আই ইউ ডি এফৰ বাবেই অসমত বিজেপি চৰকাৰ হোৱা বুলি বিধায়ক ইলিয়াছ আলীয়ে মন্তব্য কৰি আজমলক সমালোচনাৰে থকা সৰকা কৰে। মন কৰিবলগীয়া কথাটো যে, এফালে প্ৰদেশ কংগ্ৰেছে এ আই ইউ ডি এফ ফেক্টৰ নহয় বুলি কৈ থাকিলেও মূলত আজমল বাহিনীৰ বাবেই যে কংগ্ৰেছ গাদীচ্যুত হৈছে সেই কথাটো জল জল পট পট হৈ পৰিছে। ইফালে ধনৰ বিনিময়ত টিকট প্ৰদান সম্পৰ্কে সংঘাতে জিলাখনত তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলস্বৰূপে বহু কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি অন্য দললৈ গৈছে। 

আজিৰ সভাত কেইজনমান এ আই ইউ ডি এফ কৰ্মীয়ে এ আই ইউ ডি এফ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে। উল্লেখযোগ্য যে, আজিৰ সভাত বেছিমাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আইনুল হক, বিহুদিয়া জিলা পৰিষদৰ সদস্যা পদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জমিলা খাতুন প্ৰমুখ্যে দলগাঁৱৰ সকলো কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সকল উপস্থিত থাকে।

ফখৰুল ইছলাম,খাৰুপেটীয়া