photo by Dipankar Das

গোৰেশ্বৰঃ ৫২ সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী আজি পতাকা উত্তোলনৰে আৰম্ভ হয়। বাগছা জিলাৰ গোৰেশ্বৰ উচ্চতৰ  মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি পুৱা ৯ বজাত বজাত বিহুৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চান মহম্মদ আলীয়ে। মূল পতাকাৰ পিছতে আন ৫২ খন বিহুৰ পতাকা ৫২ গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

পতাকা উত্তোলনৰ লগে লগে সুৰ সংগীত বিদ্যালয় শিল্পী সকলে সমবেত সংগীত আৰু ৰামছা যুব সাংস্কৃতিক সংঘ হুচৰি দলে হুচৰি পৰিৱেশন কৰে। পতাকা উত্তোলনৰ কাৰ্যসূচীত ভাগ লয় প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োই । স্মৃতি তৰ্পণ কৰে বৈকুণ্ঠ ডেকাই।  

প্ৰথম দিনৰ কাৰ্যসূচীত পৰিস্ফুট হৈ পৰে অঞ্চলবাসীৰ ঐক্য সম্প্ৰতিৰ নিদৰ্শন । ভিন্ন জাতি, ভাষা, সম্প্ৰদায়ৰ লোকে পতাকা উত্তোলনৰ কাৰ্যসূচীত ভাগ লৈ সাম্প্ৰদায়িক সমন্বয়ৰে গোৰেশ্বৰৰ সঁচা ছবি এখন দাঙি ধৰে। ইয়াৰ পিছতে জ্যেষ্ঠজনক কনিষ্ঠসকলে আঠু লৈ সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।

আনহাতে আজি গোৰেশ্বৰ কেন্দ্ৰীয় বিহু সমিতিয়ে আমন্ত্ৰিত অতিথিসকলক দৈ -চিৰাৰে আপ্যায়ন কৰাটোও আছিল অসমীয়া পৰম্পৰাৰ সুন্দৰ নিদৰ্শন।এতিয়া অহা ২৪ আৰু ২৫ এপ্ৰিল কেন্দ্ৰীয় বিহুৰ পৰৱর্তী কাৰ্যসূচী অনুষ্ঠিত হ'ব। ২৪ এপ্ৰিলত মুকলি বিহু প্ৰতিযোগিতা আৰু ২৫ এপ্ৰিলত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে । উল্লেখ্য যে ২৫ এপ্ৰিলত জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।