newsnextone.com | ৰৌতাঃ বিদ্যুতৰ সঘন লুকা-ভাকুত অতিষ্ঠ এতিয়া ৰাইজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলৰ ৰাইজও অতিষ্ঠ হৈ পৰিছে বিদ্যুতৰ সঘন আহ-যাহত। দিনটোৰ ২৪ ঘন্টাৰ ভিতৰত তিনি ঘণ্টাও বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে  ৰৌতাবাসী ৷

যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে দিয়া প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম প্ৰতিশ্ৰুতি আছিল ২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি৷ কিন্তু সেই প্ৰতিশ্ৰুতি ওদালগুৰি জিলাৰ বৃহত্তৰ ৰৌতা অঞ্চলত পালন কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বিজেপি চৰকাৰে৷ উৎকট গৰমে অসহ্যকৰ কৰি তুলিছে জনজীৱন৷ ব্যাঘাট জন্মাইছে স্বাভাৱিক জীৱন প্ৰক্ৰিয়াত৷ সঘনাই বিদ্যুতৰ লুকা-ভাকুৰ ফলত অঞ্চলটোৰ শৈক্ষিক দিশত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ লগতে বিদ্যুতত নিৰ্ভৰ কৰি চলি থকা লঘু উদ্যোগ সমূহ বিদ্যুতৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ অভিযোগ উত্থাপন হৈছে। 

বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ বাবে বৃহত্তৰ ৰৌতা অঞ্চলৰ বিভিন্ন মহলে ওদালগুৰি বিদ্যুৎ উপ-সংমণ্ডল কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। অকৰ্মণ্য বিদ্যুৎ বিভাগটোৰ বিৰুদ্ধে অতিষ্ঠ হৈ সোমবাৰে পুৱা ১১ বজাত ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাই ওদালগুৰি বিদ্যুৎ উপ-সমণ্ডলৰ অন্তৰ্গত মৰাধনশিৰি বিদ্যুৎ আবাসীক অভিযন্তাৰ কক্ষৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে শক্তি মন্ত্ৰী হায় হায়, তপন গগৈৰ কাম নাই, বিজেপি চৰকাৰ হায় হায় , অনিয়মীয়া বিদ্যুৎ সেৱা নিয়মীয়া কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে। বৃহত্তৰ ৰৌতা অঞ্চলৰ কেইবাখন গাঁৱত বিগত প্ৰায় ৬মাহৰ পৰা অনিয়মীয়া বিদ্যুৎ যোগান অভিযোগ সন্দৰ্ভত বিভাগটোৰ বিষয়াই কন্ট্ৰোল ৰুম তথা পৰ্যাপ্ত কৰ্মচাৰী নথকাৰ বাবে এনে কাণ্ড সংঘটিত হোৱা বুলি কয়।

 অহা এসপ্তাহৰ ভিতৰত ৰৌতা অঞ্চলত বিদ্যুৎ যোগান নিয়মীয়া নহলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে হুংকাৰ দিয়ে। প্ৰায় দুঘণ্টা সময় মৰাধনশিৰি আবাসীক অভিযন্তা কক্ষৰ প্ৰৱেশ পথ বন্ধ কৰি ৰখাৰ পিছত কাৰ্যালয়ৰ জৰিয়তে ওদালগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ এছ ডি অলৈ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথ আৰু সম্পাদক যুগল বৈশ্যই স্বাক্ষৰ কৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰে।