দেৰগাঁওঃ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ক্ৰমান্বয়ে গেৰুৱাকৰণ কৰিব বিচৰা বুলি চৰ্চা হৈ অহাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম সৰ্ববৃহৎ সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আৰএছএছৰ লোকে স্বেচ্ছাসেৱক হিচাপে কাম কৰাৰ খবৰ প্ৰচাৰ হোৱাত চছিয়েল মিডিয়াত একাংশ লোকে ক্ষোভ ব্যক্ত কৰে৷ গোলাঘাট জিলাৰ দেৰগাঁও দাধৰা পণ্ডিত গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত বুধবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগ কৰি থকা পৰিলক্ষিত হৈছে৷

যাৰ ফলত চছিয়েল মিডিয়াত যোগাত্মক-বিয়োগাত্মক সমালোচনা আৰম্ভ হোৱা দেখা যায়৷ গোলাঘাট জিলাৰ দেৰগাঁও দাধৰা পণ্ডিত গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত বুধবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী দ্বিতীয় বৈকুষ্ঠপুৰীত পৰিণত হয়। পুৱাৰ পৰা দেখা গল অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম। সুন্দৰ ভাৱে সজাই পৰাই তোলা হৈছে অধিৱেশনস্থলী।

গোলাঘাটবাসীৰ বহু প্ৰতিক্ষাৰ অন্তত বুধবাৰৰ পৰা আৰম্ভ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। স্বাভাৱিকতে এক উদুলি মুদুলি পৰিবেশ বিৰাজ কৰিছে পণ্ডিত ৰায়চাহাব গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত। লক্ষ লক্ষ ভক্তক সৰ্বতোপকাৰৰ সেৱা আগবঢ়োৱা আৰু সমগ্ৰ অঞ্চল পৰিস্কাৰ পৰিচন্নতাকৈ ৰখাৰ উদেশ্যে অধিৱেশনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই নিৰ্মাণ কৰি উলিয়াইছে এটি কাৰ্যলয়। প্ৰতি দিনে অৰ্ধশতাধিক স্বয়ং সেৱকে ভক্তক সহায় কৰাৰ লগতে আৰু স্বচ্ছ কৰি ৰখাত নজৰ দিব বুলি জানিব পৰা গৈছে৷