newsnextone.com | ডিজিটেল ডেস্কঃ গো ৰক্ষাৰ নামত গণ প্ৰহাৰ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে সংসদৰ পৰা আৰম্ভ কৰি ৰাজপথ উত্তাল হৈ থকাৰ সময়তে আৰএছএছ নেতাই তীব্ৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। দেশত এক শংকাৰ পৰিবেশত একাংশ লোকে জীয়াই থকাৰ সময়তে আৰএছএছ নেতা ইন্দ্ৰেশ্বৰ কুমাৰে কয় যে মানুহে গো মাংস খোৱা বন্ধ কৰিলে গণ প্ৰহাৰৰ ঘটনা কমিব পাৰে। ইয়াৰ লগে লগে এনে ধৰণৰ ঘটনা ৰোধ কৰিবৰ বাবে মানুহ সংস্কাৰ হোৱাটোৱে এক বিশেষ ভূমিকা পালন কৰিব পাৰে।

ৰাজস্থানৰ আলবৰত আকবৰ খান নামৰ এগৰাকী লোকৰ হত্যাকাণ্ড সংঘটিত হোৱাত সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে আৰএছএছ নেতা ইন্দ্ৰেশ্বৰ কুমাৰে কয় যে গণ প্ৰহাৰ উচিত নহয়। 'চয়তান'ৰ দ্বাৰা সংঘটিত হোৱা এনে অপৰাধ কাণ্ড ৰোধ কৰিব পৰা যায়। কোনো ধৰ্মই গাই গৰুক মাৰিবলৈ অনুমতি নিদয়ে। খ্ৰীষ্টান, ইছলাম ধৰ্মই 'হলি কাউ' বুলি কয়। ইছলামৰ কথা কলে মক্কা-মদিনাত আজিও গাই হত্যাত প্ৰতিৱন্ধকতা আছে। ঝৰখাণ্ডৰ ৰাচীত এখন সভাত অংশ লৈ আইনে নিজৰ কাম কৰিব বুলি কৈ সমাজে এই সমস্যাৰ সৈতে মুখামুখি হ'বলৈ 'সংস্কাৰ' হোৱাৰ প্ৰয়োজন আছে বুলি কয়।