ডিজিটেল ডেস্কঃ ৰাছিয়াৰ এগৰাকী বিমান সেৱিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলাই ভাৰতীয় ব্যৱসায়ী গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিমানৰ ভিতৰতে এই কাণ্ড সংঘটিত কৰে ৰাম কৃষ্ণন নামৰ কাপোৰৰ ব্যৱসায়ীগৰাকীয়ে৷ 

জানিব পৰা মতে, বুধবাৰে পুৱাই ৰাছিয়াৰ পৰা দিল্লীলৈ আহিছিল ৰাছিয়াৰ বিমান সেৱাৰ এখন বিমান৷ বিমান খনত আছিল ভাৰতীয় ব্যৱসায়ী ৰাম কৃষ্ণন৷ সেই সময়তে অশালীন ইংগিত দিয়াৰ লগতে অশ্লীল অংগী-ভংগী কৰি দেখুৱাই৷ 

বিমান সেৱিকাই অই কাণ্ড বন্ধ কৰিব কোৱাত ভাবুকি পৰ্যন্ত প্ৰদান কৰে৷ তাৰ পিছত দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰত বিমান সেৱিকাই এজাহাৰ দাখিল কৰে৷ বিমান সেৱিকাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ভাৰতীয় ব্যৱসায়ীক৷