আৰু মাত্ৰ এমাহ পিছত নিৰ্বাচন। কিন্তু তাৰ পূৰ্বেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আটাইতকৈ দুৰ্ঘোৰ বিৰোধী নেতাগৰাকীৰ কাৰাগাৰৰ ভিতৰতে আকস্মিক মৃত্যুৰ খবৰে অলেখ প্ৰশ্নৰে অৱতাৰণা কৰিছে। ৰাছিয়াত ‘একনায়কত্ববাদী’ শাসন চলাই থকা পুটিনে দেশখনৰ অন্যতম জনপ্ৰিয় নেতাজনক পৰিকল্পিতভাৱে হত্যা কৰাৰো অভিযোগ উত্থাপন কৰিছে বিৰোধীসকলে। আনকি এই বিষয়ত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেইবাখনো বিদেশী ৰাষ্ট্ৰইও। 

১৬ ফেব্ৰুৱাৰীত ১৯ বছৰীয়া কাৰাদণ্ড ভুগি থকাৰ সময়তে কাৰাগাৰৰ ভিতৰত আকস্মিকভাৱে ঢলি পৰি মৃত্যুক সাৱটে ৰাছিয়াৰ আটাইতকৈ জনপ্ৰিয় বিৰোধী নেতা এলেক্সি নাভালনীয়ে। বিগত এটা দশক ধৰি ৰাছিয়াৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা এলেক্সি আছিল ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰধান বিৰোধী।  পুটিনৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা এলেক্সি নাভলীনক ২০২১ চনত গ্ৰেপ্তাৰ কৰাৰ পিছত ১৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অভিযোগ উত্থাপন হৈছিল- নাভলীনৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰি তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল, সেয়াও আছিল এক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত গোচৰ। 

যোৱা বছৰ এলেক্সি নাভালনীক বদলি কৰা হৈছিল ৰাছিয়াৰ আটাইতকৈ কঠোৰ কাৰাগাৰসমূহৰ ভিতৰত অন্যতম আৰ্কটিক চাৰ্কল কাৰাগাৰলৈ। ইয়ামালো-নেনেটছ অটোন’মাছ ডিষ্ট্ৰিক্টৰ ফেডাৰেল পেনিটেনচিয়েৰী চাৰ্ভিচে এক বিবৃতিত কয় যে মস্কোৰ পৰা প্ৰায় ১৯০০ কিলোমিটাৰ (১২০০ মাইল) উত্তৰ-পূবে অৱস্থিত খাৰ্পৰ আই কে-৩ পেনাল কলনীত শুকুৰবাৰে পুৱা খোজ কঢ়াৰ পিছতে ‘অসুস্থ অনুভৱ কৰি’ প্ৰায় লগে লগে অচেতন হৈ ঢলি পৰিছিল নাভালনী।  ইয়াৰ পিছতে নাভালনীৰ চিকিত্সা আৰম্ভ কৰা হয় যদিও সকলো প্ৰয়াস ব্যৰ্থ হয়। কাৰাবন্দী বিৰোধী নেতাগৰাকীৰ মৃত্যুৰ কাৰণ নিৰ্ণয় কৰা হৈছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে কাৰাগাৰ প্ৰশাসনে। 

কিন্তু ৪৭ বৰ্ষীয় বিৰোধী নেতাগৰাকীৰ এনে আকস্মিক মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলে। ৰাছিয়াৰ বাতৰি কাকত নোভায়া গাজেটাই নাভালনীৰ মাতৃৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে তেওঁৰ পুত্ৰক শেষবাৰৰ বাবে ১২ ফেব্ৰুৱাৰীত দেখাৰ সময়ত “সম্পূৰ্ণ সুস্থ আৰু সুখী” আছিল। মাতৃৰ মতে, তেওঁৰ পুত্ৰৰ মৃত্যুক লৈ অপপ্ৰচাৰ চলোৱা হৈছে। তেওঁ কয়, “আমি তেওঁক কাৰাগাৰত ১২ ফেব্ৰুৱাৰীত লগ কৰিছিলো। সেই সময়ত তেওঁ জীয়াই আছিল, সম্পূৰ্ণ সুস্থ আৰু সুখী হৈ আছিল।”
ইফালে, শুকুৰবাৰে এক্সযোগে নাভালনীৰ প্ৰেছ সচিবগৰাকীয়েও বিৰোধী নেতাগৰাকীৰ মৃত্যু নিশ্চিত কৰিব পৰা নাই বুলি প্ৰকাশ কৰে। তেওঁ কয় যে যদিও কাৰাগাৰ সেৱাই এই মৃত্যুৰ খবৰ প্ৰকাশ কৰিছে, তথাপি এতিয়াও নাভালনীৰ মৃত্যু নিশ্চিত কৰা হোৱা নাই। আনহাতে ৰাষ্ট্ৰখনৰ আটাইতকৈ জনপ্ৰিয় বিৰোধী নেতাগৰাকীৰ মৃত্যু নিশ্চিত কৰিবলৈ তেওঁ কাৰাবন্দী হৈ থকা কাৰাগাৰলৈ গৈছে নাভালনীৰ অধিবক্তা।

ৰাষ্ট্ৰপুতি পুটিনে হত্যা কৰিছে নাভালনীক!

আৰু মাত্ৰ এমাহ পিছত অনুষ্ঠিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। আৰু এই নিৰ্বাচনৰ ঠিক পূৰ্বে কাৰাগাৰৰ ভিতৰত এগৰাকী অন্যতম বিৰোধী নেতাৰ আকস্মিক মৃত্যুৱে বহুতকে আশ্বৰ্যচকিত কৰি তুলিছে। বহুতে নাভালনীৰ মৃত্যুক হত্যা আখ্যা দিছে আৰু প্ৰত্যক্ষ অভিযোগ উত্থাপন হৈছে ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে। 

নাভালনীৰ ৰাজনৈতিক সংগঠনৰ প্ৰাক্তন মুৰব্বী লিঅ’নিড ভলকভে অভিযোগ কৰে যে যদি তেওঁৰ মৃত্যু হোৱাটো সঁচা হয়, তেন্তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেই তেওঁক হত্যা কৰিছে। ভলকভে এক্স হেণ্ডেলত লিখিছে, “ৰাষ্ট্ৰীয় অপপ্ৰচাৰ বিশ্বাস কৰাৰ আমাৰ কোনো ভিত্তি নাই। যদি সঁচা হয়, তেন্তে সেয়া ‘নাভালনীৰ মৃত্যু’ নহয়, কেৱল ‘পুটিনে তেওঁক হত্যা কৰিছে’ বুলিলেহে সঁচা হ’ব৷ কিন্তু মই সিহঁতক এক চেকেণ্ডৰ বাবেও বিশ্বাস নকৰো।”

নাভালনীৰ মৃত্যুৰ বাবে ৰাছিয়া চৰকাৰলৈ সন্দেহৰ আঙুলি টোঁৱাইছে পশ্চিমীয়া চৰকাৰ আৰু ৰাছিয়াৰ বিৰোধী ব্যক্তিসকলেও। জনপ্ৰিয় বিৰোধী নেতাগৰাকীৰ মৃত্যুৰ খবৰৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি হোৱাইট হাউছে কয় যে এই মৃত্যু যদি নিশ্চিত কৰা হয় তেন্তে “এটা ভয়ংকৰ ট্ৰেজেডী” হ’ব।

হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে লগতে কয় যে ক্ৰেমলিনৰ বিৰোধীক ক্ষতি কৰাৰ “দীঘলীয়া আৰু জঘন্য” ইতিহাসে “নাভালনীৰ মৃত্যু সম্পৰ্কে বাস্তৱিক আৰু স্পষ্ট প্ৰশ্ন উত্থাপন কৰে।” আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে এই খবৰবোৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে গঢ়ি তোলা ব্যৱস্থাটোৰ “দুৰ্বলতা আৰু পচনশীলতা”ক স্পষ্ট কৰিছে। মিউনিখত ব্লিংকেনে কয়, “প্ৰথম আৰু প্ৰধান কথাটো হ’ল, যদি এই খবৰসমূহ সঁচা হয়, তেন্তে তেওঁৰ পত্নী আৰু তেওঁৰ পৰিয়াললৈ আমি সহমৰ্মিতা প্ৰকাশ কৰিছো।”

ব্লিংকেনে লগতে কয়, “তাৰ বাহিৰেও ৰাছিয়াৰ কাৰাগাৰত নাভালনীৰ মৃত্যু আৰু এজন মানুহৰ স্থিৰতা আৰু ভয়ে পুটিনে গঢ়ি তোলা ব্যৱস্থাটোৰ মূল দুৰ্বলতা আৰু পচনশীলতাকহে প্ৰকট কৰিছে। ইয়াৰ বাবে ৰাছিয়া দায়ী।” ব্লিংকেনে কয় যে আমি এলেক্সি নাভালনীৰ বিষয়ে চিন্তিত। আমি আন বহু দেশৰ সৈতে কথা পাতিম, বিশেষকৈ যদিহে এই খবৰসমূহ সঁচা বুলি প্ৰমাণিত হয়।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে কয় যে এলেক্সি নাভালনীৰ মৃত্যুৰ খবৰ ভয়ংকৰ। “এয়া ভয়ংকৰ খবৰ। ৰাছিয়াৰ গণতন্ত্ৰৰ আটাইতকৈ কঠোৰ সমৰ্থক হিচাপে এলেক্সি নাভালনীয়ে গোটেই জীৱন অবিশ্বাস্য সাহস প্ৰদৰ্শন কৰি আহিছিল।”- এক্সৰ এক পোষ্টত এইদৰে কয় সুনাকে। তেওঁ লগতে কয়, ‘মোৰ সমবেদনা তেওঁৰ পত্নী আৰু ৰাছিয়াৰ জনসাধাৰণৰ সৈতে আছে, যাৰ বাবে এইটো এক বৃহৎ ট্ৰেজেডী।’

ইউৰোপীয় সংঘই কয় যে এই মৃত্যুৰ বাবে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নেতৃত্বাধীন ৰাছিয়া একমাত্ৰ দায়ী। ইউৰোপীয় পৰিষদৰ অধ্যক্ষ চাৰ্লছ মিচেলে কয়, “এলেক্সি নাভালনীয়ে স্বাধীনতা আৰু গণতন্ত্ৰৰ মূল্যবোধৰ বাবে যুঁজিছিল। তেওঁৰ আদৰ্শৰ বাবে তেওঁ চূড়ান্ত ত্যাগ কৰিছিল।” ইফালে  নাটোৰ সচিব প্ৰধান জেন্স ষ্টলটেনবাৰ্গে কয় যে এই খবৰ লাভ কৰি তেওঁ “গভীৰভাৱে দুখী আৰু বিচলিত হৈ পৰিছে”। ষ্টলটেনবাৰ্গে কয় যে আমি সকলো তথ্য প্ৰতিষ্ঠা কৰিব লাগিব, আৰু ৰাছিয়াই তেওঁৰ মৃত্যুৰ পৰিস্থিতি সম্পৰ্কে সকলো গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব।

ৰাছিয়াৰ বিখ্যাত ৰাজনৈতিক কৰ্মীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত মন্তব্য কৰি ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী ষ্টেফান চেজ’ৰ্নে কয় যে নাভালনীয়ে ‘অত্যাচাৰৰ ব্যৱস্থাৰ প্ৰতিৰোধ’ৰ বাবে নিজৰ জীৱনৰ মূল্য দিছে। চেজৰ্নে কয় যে, “পেনাল কলনীত তেওঁৰ মৃত্যুৱে আমাক ভ্লাদিমিৰ পুটিনৰ শাসনৰ বাস্তৱতাৰ কথা মনত পেলাই দিয়ে।” ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে এই বাতৰিটোক “বিৰক্তিকৰ” বুলি অভিহিত কৰি কয় যে ই বিশ্বৰ বাকী অংশৰ বাবে সতৰ্কবাণী হিচাপে কাম কৰে। মেল’নীয়ে এক বিবৃতিত কয় যে আমি আন্তৰিক শোক প্ৰকাশ কৰিছো আৰু আশা কৰিছো যে এই বিৰক্তিকৰ খবৰটোক লৈ সম্পূৰ্ণ স্পষ্টতা প্ৰকাশ পাব।

জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্ব’লজে কয় যে তেওঁ প্ৰতিবেদনক লৈ “অতি দুখী” আৰু লগতে কয় যে শেহতীয়া বছৰবোৰত দেশ হিচাপে ৰাছিয়া কেনেকৈ সলনি হৈছে তাৰ “ভয়ংকৰ” প্ৰমাণ। ইফালে শুকুৰবাৰে এক্সত লাটভিয়াৰ ৰাষ্ট্ৰপতি এডগাৰ্ছ ৰিংকেভিচে কয় যে ৰাছিয়াৰ বিৰোধী নেতা এলেক্সি নাভালনীক “ক্ৰেমলিনে নিৰ্মমভাৱে হত্যা কৰিছে”। “ৰাজনীতিবিদ হিচাপে এলেক্সি নাভালনীক লৈ আপুনি যিয়েই চিন্তা নকৰক কিয়, তেওঁক ক্ৰেমলিনে নিৰ্মমভাৱে হত্যা কৰিছে। সেইটো এটা সত্য আৰু ৰাছিয়াৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰকৃত স্বৰূপৰ বিষয়ে সেইটোৱেই জনা উচিত। পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ মোৰ সমবেদনা।’-তেওঁ লিখিছে।

স্পেইনৰ বৈদেশিক মন্ত্ৰী জোচে মেনুৱেল আলবাৰেছে কাৰাগাৰত এলেক্সি নাভালনীৰ মৃত্যুৰ “পৰিস্থিতি স্পষ্টীকৰণ”ৰ দাবী জনায়। “এলেক্সি নাভালনীৰ মৃত্যুত গভীৰভাৱে স্তম্ভিত। ৰাজনৈতিক কাৰণত তেওঁৰ অন্যায় কাৰাগাৰত থকাৰ সময়ত সংঘটিত হোৱা তেওঁৰ মৃত্যুৰ পৰিস্থিতিৰ বিষয়ে আমি স্পষ্ট কৰাৰ দাবী জনাইছো।" “আলবাৰেছে এইদৰে কয়।

ইফালে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কাৰাগাৰত বন্দী বিৰোধী নেতা এলেক্সি নাভালনীৰ মৃত্যুৰ সন্দৰ্ভত পশ্চিমীয়া দেশসমূহে যি অভিযোগ উত্থাপন কৰিছে সেয়া “ভিত্তিহীন” বুলি অভিহিত কৰে। মেচেঞ্জাৰ এপ টেলিগ্ৰামত প্ৰকাশ কৰা এক বিবৃতিত জাখাৰোভাই কয় যে নাভালনীৰ মৃত্যুৰ ফৰেনছিক ফলাফল এতিয়াও উপলব্ধ নহয় যদিও পশ্চিমীয়া দেশসমূহে ইতিমধ্যে নিজৰ সিদ্ধান্তত উপনীত হৈছে। 

এলেক্সি নাভালনী কোন?

১৯৭৬ চনৰ ৪ জুনত ৰাছিয়াৰ বুটিন চহৰত জন্মগ্ৰহণ কৰিছিল এলেক্সি নাভালনীয়ে। বিগত এটা দশক ধৰি ৰাছিয়াৰ ৰাজনীতিত সক্ৰিয় হৈ থকা থকা এলেক্সি আছিল একেৰাহে এগৰাকী অধিবক্তা, দুৰ্নীতি বিৰোধী কৰ্মী, বিৰোধী নেতা আৰু শেহতীয়াকৈ এজন ৰাজনৈতিক কাৰাবন্দী।  বিগত দশকত ৰাছিয়াৰ চৰকাৰ আৰু ৰাছিয়াৰ পুঁজিপতিৰ কেইবাটাও বৃহৎ দুৰ্নীতি পোহৰলৈ আনি ৰাছিয়াৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল নাভালনীয়ে।

ৰাছিয়াৰ সৰ্ববৃহৎ ৰাজনৈতিক দল পুটিনৰ দল ইউনাইটেড ৰাছিয়াক গুণ্ডা আৰু চোৰৰ দল বুলি অভিহিত কৰি বিগত বছৰবোৰত উচ্চতম পৰ্যায়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি নিজৰ ইউটিউব চেনেলযোগে কেইবাটাও ভিডিঅ’ মুকলি কৰিছিল নাভালীনে। বহু বছৰ ধৰি নাভালনীয়ে ৰাছিয়াৰ ৰাজনীতিত অধিক স্বচ্ছতাৰ দাবী জনাই আহিছে আৰু বিৰোধী প্ৰাৰ্থীক নিৰ্বাচনত সহায় কৰি আহিছে।

২০১৩ চনত মস্কোৰ মেয়ৰৰ পদৰ বাবে  প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দ্বিতীয় স্থান লাভ কৰিছিল নাভালনীয়ে। পিছত তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চেষ্টা কৰে যদিও অপৰাধমূলক গোচৰৰ বাবে তেওঁক নিষিদ্ধ কৰা হয়। এই গোচৰবোৰক তেওঁ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰিছিল।

২০২০ চনৰ আগষ্ট মাহত নাভালনীয়ে চাইবেৰিয়া ভ্ৰমণ কৰি আন এখন তদন্তমূলক প্ৰতিবেদন প্ৰস্তুত কৰি আছিল। ইয়াৰ স্থানীয় নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ বাবেও প্ৰচাৰ চলাইছিল তেওঁ। এই সময়তে তেওঁক বিষ দি হত্যাৰ চেষ্টা কৰা হয়। বিষক্ৰিয়াত গুৰুতৰভাৱে আক্ৰান্ত হোৱা নাভালনীয়ে ৰাছিয়ান চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছিল তেওঁক হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগ। পিছত তেওঁক চিকিৎসাৰ বাবে জাৰ্মানীলৈ লৈ যোৱা হয় য’ত গম পোৱা যায় যে তেওঁক ৰাছিয়াত নিৰ্মিত স্নায়ু এজেণ্ট নভিচ’ক দিয়া হৈছিল।

খবৰ অনুসৰি পৰৱৰ্তী সময়ত নাভালনীয়ে ৰাছিয়াৰ চোৰাংচোৱা সংস্থা এফ এছ বিৰ এজন এজেণ্টক প্ৰলোভিত কৰি তেওঁৰ ওপৰত সংঘটিত আক্ৰমণৰ তথ্যও সংগ্ৰহ কৰিছিল। নাভালনীয়ে ৰেকৰ্ডিং কৰা আৰু পিছত ইউটিউবত পোষ্ট কৰা এটা ফোন কলত এজেণ্ট কনষ্টেণ্টিন কুড্ৰিয়াভচেভে তেওঁক কয় যে তেওঁৰ আণ্ডাৰপেণ্টত নভিচক এজেণ্ট প্ৰদান কৰা হৈছিল।

জাৰ্মানীত চিকিত্সা চলি থকাৰ সময়তে চৰ্চা চলিছিল- ৰাছিয়ালৈ গ’লেই গ্ৰেপ্তাৰ কৰা হ’ব নাভালনীক। কিন্তু ইয়াৰ পিছতো মাতৃভূমি আৰু এই দেশৰ জনতাৰ খাতিৰত তেওঁ ২০২১ চনত বাৰ্লিনৰ পৰা মস্কোলৈ উভতি আহিছিল।  কিন্তু মস্কোত উপস্থিত হোৱাৰ পিছতে বিমানবন্দৰতে তেওঁক জিম্মাত লোৱা হয়। থানাত স্থাপন কৰা অস্থায়ী আদালতে তেওঁক ৰিমাণ্ডত ৰাখে।

ক্ৰেমলিনৰ বিৰোধিতাৰ প্ৰতিশোধ হিচাপে স্বতন্ত্ৰ অধিকাৰ সংগঠন আৰু পশ্চিমীয়া দেশসমূহে ব্যাপকভাৱে নিন্দা কৰা অভিযোগত তেওঁক ১৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। কাৰাবন্দীত্বৰ শাস্তি লাভ কৰাৰ পিছতো অৱশ্যে থমকি ৰোৱা নাছিল নাভালনী। ৪৭ বৰ্ষীয় বিৰোধী নেতাগৰাকী কাৰাগাৰৰ পৰাও ৰাষ্ট্ৰপতি পুটিনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল। পুটিন চৰকাৰৰ দুৰ্নীতি আৰু স্বৈৰাচাৰিতা উদঙাই জনতাক ৰাজপথলৈ উলিয়াই আনিবলৈ সক্ষম হৈছিল নাভালনী। 

মস্কোত অৱতৰণ কৰাৰ সময়ত যেতিয়া তেওঁক আৰক্ষীয়ে আটক কৰিছিল সেই সময়তো তেওঁ উচ্চস্বৰে সমৰ্থকসকলক উদ্দেশ্যি কৈছিল- ‘মই ভয় কৰা নাই আৰু মই আপোনালোকক ভয় নকৰিবলৈ আহ্বান জনাইছো।’ ২০২১ চনত তেওঁক গ্ৰেপ্তাৰ কৰাৰ ফলত ৰাছিয়াত বৃহৎ বিক্ষোভৰ সূচনা হৈছিল আৰু তেওঁৰ মুক্তিৰ দাবী জনাই দেশজুৰি অনুষ্ঠিত হোৱা সমাৱেশত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল লাখ লাখ লোকে। 

ইফালে কাৰাগাৰত নাভালনীৰ ওপৰত অত্যাচাৰ চলাই বাৰে বাৰে তেওঁক শাস্তিমূলক কুঠৰীলৈ নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছিল তেওঁৰ দলে। নাভালনীয়েও বাৰে বাৰে অভিযোগ কৰিছিল যে তেওঁৰ লগতে কাৰাগাৰৰ আন কয়দী সকলক জোৰ কৰি ৰাষ্ট্ৰপতি পুটিনৰ ভাষণ শুনিবলৈ বাধ্য কৰোৱা হৈছিল। 

কাৰাগাৰৰ আঁৰৰ পৰাই তেওঁ ইউক্ৰেইনৰ বিৰুদ্ধে মস্কোৰ পূৰ্ণাংগ সামৰিক আক্ৰমণৰ কঠোৰ বিৰোধিতা কৰিছিল। যাৰ পৰিণতি আছিল পুটিন চৰকাৰৰ কঠোৰ হাতোৰা। চৰকাৰে  তেওঁৰ সংগঠনটো ভাঙি পেলাবলৈ সকলো প্ৰচেষ্টা কৰিছিল, তেওঁৰ মিত্ৰসকলক আবদ্ধ কৰি ৰাখিছিল আৰু আন কেইবা ডজন লোকক দেশৰ পৰাই নিৰ্বাসন কৰিছিল।  ইফালে, যোৱা বছৰৰ শেষৰ ফালে উত্তৰ চাইবেৰিয়াৰ ৰাছিয়াৰ ইয়ামালো-নেনেটছ অঞ্চলৰ এটা দুৰ্গম আৰ্কটিক কাৰাগাৰৰ কলনীলৈ স্থানান্তৰ কৰা হৈছিল নাভালনীক।

নিৰ্বাসনত থকা নিজৰ অধিবক্তা আৰু দলৰ জৰিয়তে পৰিচালনা কৰা নাভালনীৰ টেলিগ্ৰাম চেনেলত অন্তিম পোষ্টটো আছিল ১৪ ফেব্ৰুৱাৰীৰ দিনাখন। ভেলেণ্টাইন ডে’ৰ এই বিশেষ দিনটোত কাৰাগাৰৰ কুঠৰীৰ পৰাই পত্নী ইউলিয়া নাভালনায়াৰ প্ৰতি গভীৰ ভালপোৱা ব্যক্ত কৰিছিল নাভালনীয়ে। আৰু তাৰ মাত্ৰ দুদিন পিছতে তেওঁ আকস্মিকভাৱে গুচি যায় সকলোকে এৰি! 

‘ইউলিয়া, তোমাৰ সৈতে পাৰ কৰা প্ৰতিটো মুহূৰ্ত এক মধুৰ সংগীতৰ দৰেই ...’

সমাজ সেৱা, ৰাজনীতি আৰু অধিবক্তাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে এদিন ভালপোৱাৰ বৰষুণে ভিজাই পেলাইছিল এলেক্সি নাভালনীকো। ভালপোৱাৰ সেই হাতখন তেওঁ চিৰদিনলৈ খামুচি ধৰিছিল। তেওঁৰ প্ৰতিটো সুখ-দুখৰ মুহূৰ্তত ছাঁৰ দৰে তেওঁক সংগ দিছিল এই ভালপোৱাই। সেয়ে কাগাৰাৰৰ বন্ধ কুঠৰীৰ মাজতো তেওঁৰ কাণত বাজিছিল ভালপোৱাৰ মধুৰ সংগীত ধ্বনি। মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে অৰ্থাত্ ১৪ ফেব্ৰুৱাৰীৰ বিশেষ দিনটোত তেওঁ পত্নীক উদ্দেশ্যি প্ৰকাশ কৰিছিল ভালপোৱাৰ গভীৰ আবেদন।

ইউলিয়া নাভালনায়া তেওঁৰ পত্নী। ১৯৯৮ চনৰ গ্রীষ্মকালত তুৰস্কত অৱসৰৰ মুহূৰ্ত উদযাপনৰ সময়তে প্ৰথম সাক্ষাত্ ঘটিছিল নাভালনী আৰু ইউলিয়াৰ। প্ৰথম চিনাকিতেই ইজনে আনজনৰ প্ৰেমত পৰিছিল। যাৰ বাবে চিনাকিৰ দুবছৰ পিছত অৰ্থাত্ ২০০০ চনত সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হৈছিল এইহাল আজন্ম প্ৰেমিক-প্ৰেমিকা। পৰৱৰ্তী সময়ত দুই সন্তানৰ পিতৃ-মাতৃ হোৱাৰো গৌৰৱ অৰ্জন কৰিছিল ইউলিয়া আৰু এলেক্সিয়ে। বৰ্তমান তেওঁলোকৰ কন্যা দাৰিয়াৰ বয়স ২৩ বছৰ আৰু পুত্ৰ জাখৰ এতিয়া ১৫ বছৰীয়া।

ভেলেণ্টাইন ডে’ৰ দিনা দলৰ টেলিগ্ৰামযোগে পত্নী ইউলিয়া নাভালনায়া (৪৭)ৰ প্ৰতি মনৰ অনুভৱ ব্যক্ত কৰি এটা পোষ্ট কৰিছিল এলেক্সি নাভালনীয়। নিজৰ পৰা কেইবা হাজাৰ নিলগত থকা প্ৰেয়সী তথা পত্নীক উদ্দেশ্যি তেওঁ লিখিছিল, “প্ৰিয়তমা মোৰ, তোমাৰ সৈতে পাৰ কৰা প্ৰতিটো মুহূৰ্ত এটা মধুৰ গীতৰ দৰেই, যদিওবা আমাৰ মাজত এখন চহৰ, বিমানবন্দৰৰ টেক অফ লাইট, বৰফৰ নীল ধুমুহা আৰু হাজাৰ হাজাৰ কিলোমিটাৰৰ ব্যৱধান আছে। কিন্তু মই অনুভৱ কৰোঁ যে তুমি প্ৰতি চেকেণ্ড মোৰ ওচৰত আছা। তোমাৰ পৰা নিলগত থাকি প্ৰতিটো মুহূৰ্তত তোমালৈ মোৰ ভালপোৱা অধিক বাঢ়ে। মই তোমাক বুজাব নোৱাৰাকৈ ভাল পাও।”

উল্লেখ্য যে, ইউলিয়াক ৰাছিয়াৰ বিৰোধীৰ "ফাৰ্ষ্ট লেডী" বুলি অভিহিত কৰা হৈছে। ১৯৯৮ চনত এলেক্সি নাভালনীৰ সৈতে তেওঁৰ সাক্ষাতৰ পূৰ্বে এগৰাকী অৰ্থনীতিবিদ হিচাপে কাম কৰিছিল ইউলিয়াই। কেইবাটাও বেংকত তেওঁ চাকৰি কৰিছিল। বিবাহৰ পিছত তেওঁ নাভালনীৰ ব্যক্তগত সহায়িকা হিচাপে দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰে। সমান্তৰলভাৱে এগৰাকী ভাল পত্নী, ভাল মাতৃ আৰু সু-গৃহিনী হিচাপেও নাভালনীৰ জীৱনৰ অন্যতম অংশ হৈ পৰে ইউলিয়া।  

যেতিয়া নাভালনী অসুস্থ হৈ হাস্পতালত ভৰ্তি হৈ আছিল, সেই সময়ত এগৰাকী নাৰ্ছৰ দৰে নিৰন্তৰ পৰিচৰ্যা কৰিছিল ইউলিয়াই। সমান্তৰালভাৱে তেওঁৰ ৰাজহুৱা জীৱনটোত নিয়াৰিকৈ তেওঁ চম্ভালি লৈছিল। তেওঁলোকৰ মাজৰ বিশ্বাস আৰু ভালপোৱা নিদৰ্শন হৈ পৰিছিল বহুতৰে বাবে। ২০২০ চনত বাৰ্লিনৰ এখন চিকিৎসালয়ত স্বামীয়ে জীৱন ৰক্ষাৰ বাবে যুঁজি থকাৰ সময়তে তেওঁ নিয়মিতভাৱে সাংবাদিকসকলক তেওঁৰ অৱস্থাৰ বিষয়ে অৱগত কৰিছিল।

'নভিশ্বক পইজনড্' হৈ যেতিয়া ক’মাৰ পৰা সাৰ পাইছিল নাভালনী, সেই সময়ত তেওঁৰ মুখৰ পৰা ওলোৱা প্ৰথম বাক্যশাৰীয়েই আছিল ইউলিয়াৰ বাবে। সিক্ত নয়নেৰে হাস্পতালৰ বিচনাৰ কাষত বহি থকা পত্নীৰ হাতখন মুঠি মাৰি ধৰি নাভালনীয়ে তেতিয়াও কৈছিল- “ইউলিয়া, তুমি মোক নতুন জীৱন দিলা, তোমালৈ মোৰ ভালপোৱা আৰু বাঢ়িছে।”