ডিজিটেল ডেক্সঃ ৰাছিয়াৰ ছাইবেৰিয়াৰ কেমেৰোভোৰ এটা শ্বপিং মলত দেওবাৰে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত অতি কমেও ৩৭ জন লোক নিহত হয়। নিহতসকলৰ ভিতৰত ১১ টি শিশুও আছে।

মস্কোৰ পৰা ৩,৫০০ কিলোমিটাৰ পূবত তথাকাজাখস্তানৰ সীমান্তৰ পৰা ৮০০ কিলোনিটাৰ নিলগত অৱস্থিত কয়লা উৎপাদনকাৰী চহৰখনৰ জিমন্যায়া ভিশনা বা উইন্টাৰ চেৰী খ্যাত চাৰি মহলীয়া শ্বপিং মলটোৰ একেবাৰে ওপৰৰ মহলাত প্ৰথমে জুইৰ সূত্ৰপাত হয় আৰু লগে লগে প্ৰায় ১,৬০০ বৰ্গ মিটাৰলৈ বিয়পি পৰে।

২০ জন লোক সুৰক্ষিতভাৱে মলটোৰ পৰা ওলাবলৈ সক্ষম হয় আৰু ১০০ জন লোকক অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এতিয়াও ৪০ টা শিশুসহ ৬৯ জন লোক সন্ধানহীন হৈ আছে। সেয়ে নিহতৰ সংখ্যা আৰু অধিক হোৱাৰ আশংকা কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে ১২ ঘণ্টাৰ আপ্ৰাণ চেষ্টাৰ পাছত জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।