নতুন দিল্লীঃ নতুন দায়িত্বত যোগদান নকৰাকৈয়ে পদত্যাগ কৰিলে চিবিআইৰ প্ৰাক্তন সঞ্চালক আলোক বাৰ্মাই। উচ্চতম ন্যায়ালয়ে সপক্ষে ৰায় দিয়াৰ পিছতো বৃহস্পতিবাৰে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন নিৰ্বাচক মণ্ডলীয়ে অনুসন্ধান সংস্থাটোৰ মূৰব্বী পদৰ পৰা বাৰ্মাক অপসাৰণ কৰে।

চিবিআইৰ মূৰব্বী পদৰ পৰা অপসাৰণ কৰি আলোক বাৰ্মাক অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে বদলি কৰা হয়। কিন্তু আজি উক্ত পদত যোগদান নকৰাকৈয়ে সকলো চৰকাৰী দায়িত্বৰ পৰা পদত্যাগ কৰে প্ৰাক্তন চিবিআই সঞ্চালকগৰাকীয়ে।

কেৱল পদত্যাগ কৰাই নহয়, কেন্দ্ৰ চৰকাৰে চিবিআইৰ সাৰ্বভৌমত্বত হস্তক্ষেপ কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে বাৰ্মাই। পদত্যাগ পত্ৰত এয়া দেশৰ সংস্থাসমূহৰ বাবে সামূহিক আত্মমন্থনৰ ক্ষণ বুলি উল্লেখ কৰি চৰকাৰে তেওঁক একপ্ৰকাৰ অপমানিত কৰাৰো আওপকীয়া অভিযোগ তোলে।

উল্লেখ্য যে, উৎকোচ লোৱাৰ অভিযোগ তুলি চিবিআইৰ সঞ্চালক পদৰ পৰা বাৰ্মাক দুমাহ পূৰ্বে তৎকালীনভাৱে নিশাৰ ভিতৰতে বাধ্যতামূলক ছুটী প্ৰদান কৰিছিল কেন্দ্ৰই।

অভিযোগ প্ৰমাণ নোহোৱাত উচ্চতম ন্যায়ালয়ে তেওঁক পুনৰ উক্ত পদত পূৰ্ব নিৰ্ধাৰিত ৩১ জানুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে যদিও নিৰ্বাচক মণ্ডলীৰ হস্তক্ষেপৰ বাবে বদলিৰ সন্মুখীন হ’বলগীয়াত পৰে।

ইফালে, বিষয়টোক লৈ আকৌ সৰৱ হৈ পৰিছে বিৰোধী কংগ্ৰেছ। বিৰোধী কংগ্ৰেছে অভিযোগ তুলি কয় যে ৰাফেল বিমান সম্পৰ্কীয় গোচৰৰ ফাইল খোলা বাবেই মোদী চৰকাৰে বাৰ্মাক এনেদৰে অপমানিত কৰিছে।