ডিজিটেল ডেস্কঃ এজনৰ মৃত্যুৰ পিছত পাৰ হৈ গৈছে ৬টাকৈ বছৰ। আনজনৰ মৃত্যু হৈছিল প্ৰায় এক দশক পূৰ্বে। কিন্তু ৰাজস্থানৰ এটি আধাৰ কেন্দ্ৰৰ জৰিয়তে পুনৰ উভতি আহিছে দুয়োজন। ইয়াৰে এজন হৈছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ নেতা ওছামা বিন লাডেন। আনজন ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন।

জানিব পৰা মতে লাডেনৰ নামত এটি ই-আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ডৰ বাবে আবেদন জনাইছে ছাদ্দামে। এই ঘটনা ৰাজস্থানৰ ভিলওৱাৰা জিলাত। আমেৰিকাৰ ৯-১১ কাণ্ডৰ মূল অভিযুক্ত ওছামা বিন লাডেনৰ নামতে আধাৰ কাৰ্ডৰ বাবে আবেদন জনাইছে ছাদ্দাম হুছেইন নামৰ এজন লোকে। লাডেনৰ তথ্যসহ এখন অস্পষ্ট ছবিও অনলাইন প্ৰ-পত্ৰত আপলোড কৰিছে ৰাজস্থানৰ ছাদ্দামে।

ঘটনাটিৰ বিষয়ে জানিব পাৰি আধাৰ কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে। লগে লগে ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আই টি আইনৰ অধীনত লোকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। শীঘ্ৰে লোকজনক আদালতত হাজিৰ কৰা হ’ব বুলিও আৰক্ষীয়ে জনাইছে।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ভিলওৱাৰা জিলাৰ মণ্ডল নগৰৰ এটি আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰ চলাই আহিছিল ছাদ্দাম হুছেইন মনছুৰি নামৰ ২৫ বৰ্ষীয় যুৱক এজনে। নিজে চলোৱা উক্ত কেন্দ্ৰটোৰ জৰিয়তে ওছামা বিন লাডেনৰ নামত আধাৰ কাৰ্ডৰ বাবে আবেদন জনাই ছাদ্দামে।

বিষয়টো UIDAI-ৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে গ্ৰেপ্তাৰ হয় যুৱকজন। ৰাজস্থান আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া প্ৰদীপ মোহন শৰ্মাই জনোৱা মতে, অভিযুক্তক জেৰা কৰি এনে কাণ্ড সংঘটিত কৰাৰ আঁৰত কি কাৰণ আছে সেয়া জানিবলৈ সোধ-পোছ অব্যাহত ৰাখিছে।