ভাৰতৰ গ্ৰামাঞ্চলৰ লোকক সহজ বেংকিং ব্যৱস্থাৰ সুবিধা দিয়া বিতৰ্কিত ছাহাৰা ইণ্ডিয়া গ্ৰুপৰ মুৰব্বী সুব্ৰত ৰয়ে ১৪ নৱেম্বৰৰ (মঙলবাৰ) নিশা ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ ভাৰতত বেংকিং ব্যৱস্থাক গাঁৱলৈ নিয়া সুব্ৰত ৰয়ৰ মৃত্যুত এক অধ্যায়ৰ সামৰণি পৰিল৷ মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ দৰে ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি থকা সুব্ৰত ৰয় হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা বুলি ছাহাৰা গ্ৰুপে এক বিবৃতি যোগে প্ৰকাশ কৰে৷

বুধবাৰে মৃতদেহ লক্ষ্ণৌৰ ছাহাৰা চহৰলৈ নিয়াৰ পিছত তাতেই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জানিব পৰা মতে, ১২ নৱেম্বৰত সুব্ৰত ৰয়ক স্বাস্থ্যজনিত কাৰণত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 

১৯৪৮ চনৰ ১০ জুনত বিহাৰৰ আৰাৰিয়াত জন্ম হৈছিল সুব্ৰত ৰয়ৰ। প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল কলকাতাৰ হলি চাইল্ড স্কুলত৷ পাছত উত্তৰ প্ৰদেশৰ গোৰখপুৰত মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিল। সুব্ৰত ৰয়ে লাখ লাখ দৰিদ্ৰ আৰু গ্ৰাম্য ভাৰতীয়ক বেংকিঙৰ সুবিধা দিছিল৷

ছাহাৰা গ্ৰুপৰ ৱেবছাইট অনুসৰি ছাহাৰাৰ ৯০ নিযুত বিনিয়োগকাৰী আৰু গ্ৰাহক আছে। সুব্ৰত ৰয়ৰ মুঠ সম্পত্তি পৰিমাণ হৈছে ২ লাখ ৫৯ কোটি টকা। ৫ হাজাৰ চৌহদ আৰু ৩০ হাজাৰ ৯৭০ একৰ ভূমিৰো গৰাকী আছিল ছাহাৰা গ্ৰুপ। গ্ৰাম্য ভাৰতীয়ৰ সৈতে লগলাগি ছাহাৰা গোট নিৰ্মাণ কৰিছিল৷ এই গোটসমূহৰ পৰা দৈনিক টকা সংগ্ৰহ কৰি শেষত আৰ্থিক সহায় আগবঢ়াইছিল। ছাহাৰা গোটে এই টকা ৰিয়েল ইষ্টেটত বিনিয়োগ কৰিছিল৷ ছাহাৰা গোটৰ ধন সংগ্ৰহ অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ছেবিয়ে ছাহাৰাৰ বিৰুদ্ধে বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আনি বৃহৎ পদক্ষেপ গ্ৰহণ কৰে৷ ফলত ছাহাৰা তথা সুব্ৰত ৰয়ে অতি কষ্টৰে দশকজুৰি গঢ়া সাম্ৰাজ্যত ভয়ংকৰ কঁপনি উঠিবলৈ ধৰে। অৱশেষত সুব্ৰত ৰয় গ্ৰেপ্তাৰ পৰ্যন্ত হ’বলগীয়া হয়৷  

দৰাচলতে, ছেবিৰ গোচৰ আছিল ছাহাৰা গ্ৰুপৰ কেইবাটাও কোম্পানীৰ বিৰুদ্ধে৷ ছাহাৰাৰ যিকেইটা কোম্পানীয়ে ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ নামত তিনি কোটিতকৈও অধিক বিনিয়োগকাৰীৰ পৰা প্ৰায় ২৪ হাজাৰ কোটি টকা সংগ্ৰহ কৰিছিল। এটা সময়ত সুব্ৰত ৰয়  এয়াৰলাইন, ফৰ্মুলা ৱান দল, নিউজ চেনেল, বাতৰি কাকত তথা আই পি এল ক্ৰিকেট দলৰ গৰাকী হোৱাৰ লগতে লণ্ডন আৰু নিউয়ৰ্কতো আছিল তেওঁৰ বিলাসী হোটেল। পৰৱৰ্তী সময়ত ৰয়ৰ এয়াৰলাইন এয়াৰ ছাহাৰা জেট এয়াৰৱেজক বিক্ৰী কৰিব লৈ বাধ্য হৈ পৰে।

এনেকুৱা সময়ো আছিল যেতিয়া ভাৰতীয় ৰে’লৱেৰ সৈতে ৰিজোৱা হৈছিল ছাহাৰা গ্ৰুপক৷ ভাৰতীয় ৰেলৱেৰ পাছতে ছাহাৰা গ্ৰুপত ভাৰতৰ ভিতৰতে সৰ্বাধিক কৰ্মচাৰী আছিল বুলিও চৰ্চা চলিছিল । ছাহাৰাত কৰ্মৰত লোকৰ সংখ্যা আছিল প্ৰায় ১২ লাখ। ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ তাৰকাৰ সৈতে বন্ধুত্ব আছিল ছাহাৰৰ মুৰব্বী সুব্ৰত ৰয়ৰ৷ সমাজবাদী পাৰ্টিৰ প্ৰাক্তন সভাপতি আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ ঘনিষ্ঠ আছিল ৰয়। ১৯৯৩ চনত মুলায়ম সিং যাদৱে পুনৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাত ৰয়ৰ সৈতে সম্পৰ্ক গভীৰ হয়। মুলায়ম সিঙৰ ঘনিষ্ঠ বন্ধু অমৰ সিঙৰো ঘনিষ্ঠ বন্ধু আছিল সুব্ৰত ৰয়। 

ছাহাৰাৰ পতন ঘটিল কেনেদৰে?

বিনিয়োগৰাকীৰ পৰা সংগ্ৰহ কৰা ১০ হাজাৰ কোটি টকাৰ প্ৰাপ্য সময়মতে পৰিশোধ নকৰাৰ বাবে ২০১৪ চনৰ ৪ মাৰ্চত কাৰাগাৰলৈ যাব লগা হৈছিল সুব্ৰত ৰয়। শুনানিৰ কালত আদালতে কৈছিল যে নগদ ৫ হাজাৰ কোটি টকা আৰু বেংক গেৰাণ্টিত ৫ হাজাৰ কোটি টকা নিদিয়া পৰ্যন্ত তেওঁক মুকলি কৰা নহয়। দুবছৰতকৈও অধিক সময় কাৰাবাসত থকা সুব্ৰত ৰয়ক ২০১৬ চনত পেৰোলত মুকলি কৰা হয়৷ কিন্তু ছেবিৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত যুক্তি দি কৈছিল যে সুব্ৰত ৰয়ে ২০২০ চনৰ নৱেম্বৰত ৬২,৬০০ কোটি টকা পৰিশোধ নকৰে, তেন্তে পেৰোল বাতিল কৰা উচিত৷

সম্পত্তিৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে সুব্ৰত ৰয়ক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। তাৰ পূৰ্বে ২০১৩ চনত ছাহাৰা গোটে ছেবি কাৰ্যালয়লৈ ১২৭ খন ট্ৰাক প্ৰেৰণ কৰিছিল৷ ১২৭ খন ট্ৰাক তিনি কোটিতকৈও অধিক বিনিয়োগকাৰীৰ আবেদন প্ৰ-পত্ৰ আৰু দুই কোটি ৰিডেম্পচন ভাউচাৰ আছিল। ছাহাৰা গ্ৰুপে দীৰ্ঘদিন ধৰি ছেবিৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হোৱাত ব্যৱসায়ত ব্যাপক ক্ষতি হয়। ছেবিয়ে ছাহাৰা গ্ৰুপক বিনিয়োগকাৰীৰ ধন ঘূৰাই দিবলৈ নিৰ্দেশ দি ২০১০ চনত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা দুটা কোম্পানীক নিষিদ্ধ কৰাৰ লগতে ৰয়ৰ বিৰুদ্ধেও একাধিক নিষেধাজ্ঞা আৰোপ কৰে। 

ক্ৰিকেট প্ৰেমীৰ বাবে চিনাকি ছাহাৰা

সুব্ৰত ৰয় কেৱল বিনিয়োগকাৰীৰ ধন সংগ্ৰহ আৰু ৰিয়েল ইষ্টেটৰ ব্যৱসায়তে সীমাৱদ্ধ নাছিল৷ ক্ৰীড়াৰ ক্ষেত্ৰতো বিনিয়োগ কৰিছিল ৰয়ৰ ছাহাৰা গ্ৰুপে৷ ২০০১ চনৰ পৰা ২০১৩ চনলৈ ভাৰতীয় ক্ৰিকেট দলক স্পনছৰ কৰিছিল ছাহাৰা গ্ৰুপে। ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ জাৰ্ছীত থকা ছাহাৰা লগোৰ জৰিয়তে দেশবাসীৰ বাবে তেনেই চিনাকি হৈ পৰিছিল সুব্ৰত ৰয়ৰ ছাহাৰা গ্ৰুপ। ২০১১ চনত ছাহাৰা গ্ৰুপ আছিল আইপিএলৰ দল পুণে ৱাৰিয়ৰ্ছৰ হৰ্তা-কৰ্তা। ২০১৩ চনত ছাহাৰা গোটৰ বিত্তীয় অৱস্থাৰ অৱনতি হোৱাত পুণে ৱাৰিয়ৰ্ছ দলৰ সৈতে থকা চুক্তিৰ অৱসান ঘটে।

পুত্ৰৰ বিখ্যাত বিবাহ

সুব্ৰত ৰয় ভাৰতৰ আৰু বিশ্বৰ বহু বিখ্যাত লোকৰ বন্ধু আছিল৷ বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতেও আছিল সুব্ৰত ৰয়ৰ ঘনিষ্ঠ সম্পৰ্ক৷ প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰো সুব্ৰত ৰয়ৰ নিকট ব্যক্তিসকলৰ মাজৰ এজন আছিল। ২০০৪ চনত সুব্ৰত ৰয়ৰ দুই পুত্ৰৰ বিবাহ প্ৰায় এপষেকধৰি উদযাপন কৰা হৈছিল। সুব্ৰত ৰয়ৰ পুত্ৰৰ বিবাহ অনুষ্ঠান এই শতিকাৰ আটাইতকৈ চৰ্চিত ভাৰতীয় বিবাহ বুলি আজিও চৰ্চা কৰা হয়৷

বিবাহ অনুষ্ঠানত প্ৰায় দহ হাজাৰ লোক উপস্থিত আছিল। বিয়াত ব্যৱসায়ী, বলীউডৰ তাৰকা, ক্ৰিকেটাৰ আৰু ফেশ্বন ডিজাইনাৰকে ধৰি দেশৰ সেইসময়ৰ প্ৰায় প্ৰতিগৰাকী বিখ্যাত লোক উপস্থিত আছিল। বিয়াত উপস্থিত থাকিবলগীয়া অতিথিসকলক বিশেষ বিমানেৰে লক্ষ্ণৌলৈ লৈ যোৱা হৈছিল। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়েও নৱ বিবাহিত দম্পতীক আশীৰ্বাদ দিবলৈ লক্ষ্ণৌত উপস্থিত হৈছিল৷  

অখিলেশ যাদৱ, যুৱৰাজ সিঙৰ শ্ৰদ্ধাঞ্জলি

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি সুব্ৰত ৰয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অখিলেশ যাদৱে কয় যে সুব্ৰত ৰয়ৰ মৃত্যু উত্তৰ প্ৰদেশ আৰু দেশৰ বাবে এক ক্ষতি হিচাপে অভিহিত কৰে৷ তেওঁ লিখিছে, 'সুব্ৰত ৰয় এজন অতি সফল ব্যৱসায়ী আৰু লগতে অতি সংবেদনশীল হৃদয়ৰ ব্যক্তি আছিল৷ তেওঁ অগণন লোকক সহায় কৰিছিল আৰু সমৰ্থন কৰিছিল। তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি!'

আনহাতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙেও ৰয়ৰ মৃত্যুত শোক ব্যক্ত কৰিছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি তেওঁ লিখিছে, 'সুব্ৰত ৰয়ৰ মৃত্যুৰ খবৰ শুনি ব্যাথিত হৈ পৰিছো। তেওঁ আছিল এনে ব্যক্তি যিয়ে কঠিন পৰিস্থিতিতো কেতিয়াও হাৰ মনা নাছিল।' সিঙে আৰু কয়, 'যেতিয়া মই কৰ্কট ৰোগত আক্ৰান্ত হৈছিলো, তেতিয়া তেওঁ মোৰ কাষত থিয় দিয়া কেইজনমান লোকৰ মাজৰ এজন আছিল সুব্ৰত ৰয়। তেওঁ মোৰ আৰু মোৰ পৰিয়ালৰ খুব ঘনিষ্ঠ আছিল। তেওঁ এনে এজন ব্যক্তি আছিল যাৰ পৰা আমি বহু কথাই শিকিছিলো।'