তিনিচুকীয়াঃ বহু চৰ্চাৰ অসম সাহিত্য সভাৰ ৭৪সংখ্যক বুঢ়ীদিহিং-বৰডুমছা অধিৱেশনক সৰ্বতো প্ৰকাৰে সফল কৰিবলৈ উঠি পৰি লাগিছে তিনিচুকীয়া জিলাৰ ৰিতুপথাৰবাসীয়ে৷ প্ৰায় আঢ়ৈ কোটি টকাৰ বিশাল বাজেটেৰে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ ধাৰ্য কৰা হৈছিল যদিও বৰ্তমানলৈকে এক তৃতীয়াংশ ধনো সংগ্ৰহ নোহোৱাত স্বাভাৱিকতে চিন্তাত পৰিছে আয়োজক সকল৷

তাৰ পিছতো হাৰ মানিব খোজা নাই আয়োজক সমিতিৰ লগতে স্থানীয় ৰাইজ৷ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ অধিবেশন খন কোনো কাৰণতে যাতে বিফলতাৰ মুখ দেখিব লগা হয় তাৰ বাবে স্থানীয় ৰাইজ যথেষ্ট সচেতন হৈ আগবাঢ়িছে৷ কিয়নো অধিৱেশনৰ দিন ধাৰ্য কৰাৰ পাছৰে পৰাই বুঢ়ীদিহিং-বৰডুমছাবাসীৰ উৎসাহ তুলনাবিহীন দেখা গৈছে৷

উজনি অসমৰ অন্যতম ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত বৰডুমচা প্ৰায় নেতিবাচক খবৰৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰি আছিল৷ সম্প্ৰতি ইতিবাচক খবৰে পৃষ্ঠা দখল কৰাৰ লগতে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ স্বৰ্ণিল ইতিহাস ৰচিবৰ বাবে লাখ লাখ সাহিত্য প্ৰেমীক আদৰিবলৈ সাজু বৰডুমচাবাসী৷ ইয়াৰ মাজতে, স্থানীয় ৰাইজৰ লগতে অসমৰ সকলো শ্ৰেণীৰ লোককে অধিৱেশনলৈ আহি সাফল্যমণ্ডিত কৰি তুলিবলৈ এক বিবৃতি যোগে আহ্বান জনায় আদৰণি সমিতিয়ে৷

আনহাতে, সাহিত্য সভাই দেৱেন দত্তলৈ অসম সাহিত্য সভাৰ গংগাগোবিন্দ ফুকন বঁটা। অসমৰ চৰকাৰী কাৰ্যালয়, আদালত তথা ৰাজহুৱা স্থানত অসমীয়া ভাষা প্ৰয়োগৰ হকে অবিৰত প্ৰচেষ্টা কৰি অহা দেবেন দত্তক এই বঁটা প্ৰদান কৰিব সাহিত্য সভাই। নুনমাটিৰ অসম জাতীয় বিদ্যালয়ক অসম সাহিত্য সভাৰ শ্বহীদ মোজাম্মিল হক বঁটা প্ৰদান কৰিব। অসমীয়া ভাষাৰ প্ৰতিষ্ঠা-সংৰক্ষণ-সংবৰ্ধনৰ বাবে আত্মনিয়োগ কৰা, অসমীয়া ভাষা প্ৰয়োগত পাৰদৰ্শিতা দেখুওৱা বাবে বিদ্যালয়খনলৈ এই বঁটা আগবঢ়াই।

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ক অসম সাহিত্য সভাৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী বঁটা আগবঢ়াই৷ অসমীয়া ভাষাৰ প্ৰতিষ্ঠা-সংৰক্ষণ-সংবৰ্ধনৰ বাবে আত্মনিয়োগ কৰা, অসমীয়া ভাষা প্ৰয়োগত পাৰদৰ্শিতা দেখুওৱা মহাবিদ্যালয়/বিশ্ববিদ্যালয় শিতানত এই বঁটা আগবঢ়াই সাহিত্য সভাই। মৰিগাঁৱৰ মায়ং খণ্ড উন্নয়নৰ বাবে নিজ তেতেলিয়া প্ৰাথমিক বিদ্যালয়ক অসম সাহিত্য সভাৰ শ্বহীদ সূৰ্য বৰা বঁটা প্ৰদান কৰে।

অসমীয়া ভাষাৰ প্ৰতিষ্ঠা-সংৰক্ষণ-সংবৰ্ধনৰ বাবে আত্মনিয়োগ কৰা, অসমীয়া ভাষা প্ৰয়োগত পাৰদৰ্শিতা দেখুওৱাৰ বাবে প্ৰাথমিক বিদ্যালয়খনলৈ এই বঁটা প্ৰদান কৰে সাহিত্য সভাই। অহা ৩ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ বুঢ়ীদিহিং বৰডুমছা অধিৱেশনৰ দ্বিতীয় মুকলি সভাত প্ৰদান কৰা হ'ব এই বঁটা, সন্মানসমূহ। মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালে অধিৱেশনৰ লাইখুটাঁ স্থাপন কৰিবলৈ আহি ভাষণ প্ৰসংগত কৈছিল যে অসমৰ সাহিত্যপ্ৰেমী ৰাইজে ৰিতুপথাৰ অধিৱেশনৰ মিঠা স্মৃতি লৈ যাওক৷ তাকে সচাঁ অৰ্থত ৰূপ দিয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে৷

বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বেচৰকাৰী সংগঠন আৰু সমাজ হিতৈষীলোকৰ আপ্ৰাণ চেষ্টাত অসমৰ ভিতৰুৱা অঞ্চল ৰিতুপথাৰৰ প্ৰকৃত ৰূপ জানক আৰু তেওঁলোকৰ আতিথ্যই মুগ্ধ কৰক সহস্ৰজনক৷ পিছে চৰকাৰী উদাসীনতাই কিন্তু বৰ বেয়াকৈ জুৰুলা কৰিলে আয়োজক সমিতিক৷ কিয়নো বৃহত্তৰ অসম-অৰুণাচল সীমান্তৰ একান্তই ইচ্ছা আছিল যে অধিৱেশনৰ অন্তত নিজ অঞ্চলটোৰ ৰাইজে স্বাধীনতাৰ কেইবাদশকৰ পাছত ৰাস্তাঘাট উন্নতি হ'ব বুলি আশা কৰিছিল যদিও সেয়া তেওঁলোকৰ আশাত চেচাঁপানী পৰিল বুলি মন্তব্য কৰে একাংশ লোকে৷

ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা বহুতো চৰকাৰ সলনি হ'ল, সলনি নহ'ল মাথো বুঢ়ীদিহিং-বৰডুমচাৰ ৰাইজৰ দুখ-দুৰ্দশা আৰু বাট পথৰ উন্নয়ন৷ নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত কেৱল কথাৰ ফুলজাৰিৰে সৰ্বসাধাৰণ ভোটাৰৰ মন জয় কৰা প্ৰতিনিধিসকলে শাসনৰ বাঘজৰী হাতত পালেই পাহৰে জনসাধাৰণৰ কথা৷ জনপ্ৰতিনিধিৰ প্ৰতি মনত দুৰ্বাৰ ক্ষোভ থাকিলেও কিন্তু সততাৰে কাম কৰি অধিৱেশন সফল হোৱাৰ কামনা কৰিছে স্থানীয় ৰাইজে৷