তিনিচুকীয়াঃ বহু চৰ্চাৰ অসম সাহিত্য সভাৰ ৭৪সংখ্যক বুঢ়ীদিহিং-বৰডুমছা অধিৱেশনক সৰ্বতো প্ৰকাৰে সফল কৰিবলৈ উঠি পৰি লাগিছে যদিও প্ৰথমটো দিনটোত সেৰেঙা অৱস্থা দেখা গ’ল অধিবেশনস্থলীত৷ তিনিচুকীয়া জিলাৰ ৰিতুপথাৰবাসীয়ে প্ৰায় আঢ়ৈ কোটি টকাৰ বিশাল বাজেটেৰে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ ধাৰ্য কৰা হৈছিল যদিও ধন সংগ্ৰহৰ ক্ষেত্ৰতো চিন্তাত পৰিছে আয়োজক সকল৷

তাৰ পিছতো হাৰ মানিব খোজা নাই আয়োজক সমিতিৰ লগতে স্থানীয় ৰাইজ৷ জাতীয় অনুষ্ঠানটোৰ অধিবেশন খন কোনো কাৰণতে যাতে বিফলতাৰ মুখ দেখিব লগা হয় তাৰ বাবে স্থানীয় ৰাইজ সচেতন হৈ আগবাঢ়িছে৷ তাৰ মাজতে, সেৰেঙা সাহিত্য প্ৰেমীৰ উপস্থিতিৰে আৰম্ভ সাহিত্য সভাৰ প্ৰথমটো দিন৷ 

অসম সাহিত্য সভাৰ' ৭৪সংখ্যক বুঢ়ীদিহিং-বৰডুমছাৰ অধিৱেশনথলীলৈ আহিবলৈ অকণো আগ্ৰহী নহয় যেন বহু সাহিত্যপ্ৰেমী লোক সেয়া কাৰ্যক্ষেত্ৰতো প্ৰমাণিত হোৱা যেন অনুমান হৈছে৷ জাতীয় অনুষ্ঠানটোৰ অধিৱেশনৰ প্ৰথম দিনটোতে ৰাইজৰ সেৰেঙা উপস্থিতিয়ে বাৰুকৈয়ে হতাশ কৰিছে সকলোপক্ষক৷ বিশেষকৈ সাহিত্য সভাৰ মূখ্য গ্ৰন্থমেলাৰ বিক্ৰেতা সকলে কেৱল হামিয়াই হিকটিয়াই দিনটো পাৰ কৰা পৰিলক্ষিত হৈছে৷

তদুপৰি বিক্ৰেতাই মত পোষণ কৰে যে গ্ৰন্থমেলা বাকৰিত প্ৰৱেশ কৰিবলৈ ৰাইজে দহ টকা মূল্যৰ টিকট কাটি প্ৰৱেশ কৰিব লগাৰ বিপৰীতে বাণিজ্য মেলাত প্ৰৱেশ বিনামূলীয়া৷ তদুপৰি সবাটোতকৈ লক্ষনীয় বিষয়টো হ'ল যে গ্ৰন্থমেলাৰ বিপণী সমূহত পোহৰৰ সূ-ব্যৱস্থা আজিকোপতি নোহোৱাত স্বাভাৱিকতে গ্ৰন্থমেলাৰ প্ৰতি ৰাইজৰ আকৰ্ষণ কমিছে বা বিপনী সমূহ বিক্ৰীৰ বাবে কাৰ্যক্ষম হোৱা নাই বুলি ভবাৰ থল আছে৷ 

তদুপৰি দূৰণিৰ পৰা অভ্যাগত সকলৰ বাবে থকা খোৱাৰ কোনো সূ-ব্যৱস্থা নথকাত স্বাভাৱিকতে এচাম অতিথিৰ মাজত অধিৱেশনৰ  সমালোচনাইহে মূখ্য স্থান পাইছে ৷ ইপিনে সভাস্থলীৰ আশে-পাশে থকা বিপণীসমূহে কেৱল মুনাফা অৰ্জনৰ বাবে প্ৰয়োজনতকৈ অধিক মূল্যত খাদ্যবস্তুকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰাক লৈ সৰৱ আলোচনা চলাতো অঘোষিত নিয়ম যেন৷ সবাটোতকৈ আচৰিত কথা যে কেৱল দুকুৰিমান লোকৰ উপস্থিতিত সভাৰ অন্যতম কাৰ্যসূচী কবিতা পাঠ আৰম্ভ হোৱা কাৰ্যক সকলো সাহিত্য প্ৰেমী ৰাইজে এক হতাশা জনক পৰিৱেশৰ চাক্ষুশ দৰ্শন লাভ কৰে ৷