চামগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অলেখ ঐতিহাসিক ধৰ্মস্থান আছে৷ এই ঠাইসমূহ সজাই-পৰাই তুলিলে পৰ্যটকৰ বাবে আৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব পাৰে৷ ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিলে পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’বলৈ বেছি সময় নালাগিব এনে স্থানসমূহক। তেনেই এখন পবিত্ৰ ধৰ্মীয় অনুষ্ঠান হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ ভেৰভেৰীস্থিত নৰসিংহ ক্ষেত্ৰ৷ ক্ষেত্ৰখনত নিৰ্মাণ কাৰ্য চলি আছে ১২৬ ফুট উচ্চতাৰ বিশ্বৰ সৰ্ববৃহৎ শ্ৰীশ্ৰীমহামৃত্যুঞ্জয় মন্দিৰ৷

ইতিমধ্যে ৰাজ্য খনৰ লোকৰ আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা মহামৃত্যুঞ্জয় মন্দিৰত ৩১ জানুৱাৰীৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰীমহামৃত্যুঞ্জয় যজ্ঞ মহোৎসৱ। মাঘী পূৰ্ণিমাৰ অনুষ্ঠিত হোৱা যজ্ঞ মহোৎসৱস্থলীত যজ্ঞ দৰ্শনৰ লগতে বাবা ভৃগুগিৰি মহাৰাজক দৰ্শনৰ বাবে সৃষ্টি হোৱা ভক্তপ্ৰাণ ৰাইজৰ সমাগমে বৰ্তমান যজ্ঞস্থলীত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে।

আয়তিৰ উৰুলি, শংখ-ঘন্টাৰ ধ্বনি আৰু বেদাজ্ঞ পণ্ডিতৰ মন্ত্ৰ ধ্বনিৰে দ্বিতীয় বৈকুন্ঠপুৰীলৈ পৰিণত হৈছে নৰসিংহ ক্ষেত্ৰ। বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰা যজ্ঞস্থলীত পুৱাৰ ভাগতেই নগাঁও, পুৰণিগুদাম আৰু বঢ়মপুৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক গোপিনীয়ে জল আৰোহনৰ বাবে আকাশীগংগালৈ যায় আৰু সেই জল যজ্ঞস্থলীত অৰ্পণ কৰে৷

ইয়াৰ উপৰিও যজ্ঞৰ আহুতি প্ৰদান, বিষ্ণু সহস্ৰ নাম পাঠ আৰু বেদব্যাস পণ্ডিতৰ আৰতি কাৰ্যসূচী যজ্ঞস্থলীত অনুষ্ঠিত হয়। প্ৰতিদিনে বিভিন্ন মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া যজ্ঞ মহোৎসৱত মৃত্যুঞ্জয় বেদ বিদ্যালয়ৰ ভজন-কীৰ্ত্তন কাৰ্যসূচীও অনুষ্ঠিত হয়।

চাৰি ফেব্ৰুৱাৰীত অন্ত পৰিবলগীয়া অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা নগৰ পৰিক্ৰমা, বেদধ্বনি, পঞ্চকুমাৰীৰ পূজন আৰু ১২.৩০ বজাত যজ্ঞৰ মূল কাৰ্যসূচী শ্ৰীশ্ৰীমহামৃত্যুঞ্জয় যজ্ঞৰ পূৰ্ণাহুতি প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ অন্তত ব্ৰহ্মভোজন আৰু মৃত্যুঞ্জয় মন্দিৰত আৰতি অনুষ্ঠিত হ'ব। উল্লেখ্য যে, পুৰণিগুদামৰ ভেৰভেৰীৰ নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি থকা ১২৬ ফুট উচ্চতাৰ শ্ৰীশ্ৰীমহামৃত্যুঞ্জয় মন্দিৰ ২০১৯ চনৰ মাঘী পূৰ্ণিমাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ অন্তত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে৷