দেৰগাঁওঃ মঙলবাৰৰ পৰাই ভকত-বৈষ্ণৱৰ সমাগমেৰে বৈকুষ্ঠপুৰীত পৰিণত হ’ল দেৰগাঁৱৰ দাধৰা পণ্ডিত গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰ৷ গোলাঘাট জিলাৰ দেৰগাঁৱত পণ্ডিত ৰায়বাহাদুৰ গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত তথা দাধৰা আহোম পথাৰত ৰাজ্য খনৰ হাজাৰ হাজাৰ বাপ-বান্ধৱ, ভকত-বৈষ্ণৱ উপস্থিতি হ’ব ০৭ ফেব্ৰুৱাৰীত৷ হৰিনামৰ ধ্বনিৰে সমগ্ৰ পৰিৱেশ জীপাল হ’ব৷ অধিবেশনৰ এদিন পূৰ্বে স্থানীয় ৰাইজৰে উপস্থিতিয়ে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে৷

সোমবাৰে পুৱাৰ পৰা দেখা গল অগণন স্থানীয় ভক্তৰ সমাগম৷ ভক্তসকলে বিভিন্ন কামত সহায় সহযোগ কৰা দেখা যায়৷ প্ৰায় তিনিমাহ পূৰ্বৰ পৰাই স্থানীয় শ-শ লোকে কাম-কাজ কৰি আহিছে যদিও মঙলবাৰে হিল-দল ভাঙি ওলাই আহে স্থানীয় ৰাইজ৷ ইতিমধ্যে ৰাইজে সজাই পৰাই তুলিছে অধিৱেশনস্থলী৷ গোলাঘাটবাসীৰ বহু প্ৰতিক্ষাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন অধিবেশন খন বুধবাৰৰ পৰা আৰম্ভ হ’ব৷ এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে পণ্ডিত ৰায়চাহাব গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত।

উওৰ পূব ভাৰতৰ বৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংঘৰ ৮৭ সংখ্যক অধিবেশনলৈ মাজত কেইটামান ঘন্টা বাকী থকাৰ সময়তে, সম্পূৰ্ণৰূপে ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হয় উঠিছে পণ্ডিত ৰায়চাহাব গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰ, অধিবেশনৰ আদৰণি সমিতি আৰু ৩৫ খন উপসমিতিয়ে সুন্দৰ ভাৱে সজাই পৰাই তুলিছে অধিবেশনস্থলী৷

৭ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত অসমবাসীক অৱগত কৰাৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই দেওবাৰে ৰঙিয়া প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ সংবাদমেল অনুষ্ঠিত কৰি পদাধিকাৰগৰাকীয়ে ডেৰগাঁৱৰ অধিৱেশনৰ আয়োজক সমিতিয়ে ১.৯০ কোটি টকাৰ বিশাল বাজেট গ্ৰহণ কৰা বুলি কয়৷ ইতিমধ্যে ইয়াৰে ১.৫০ কোটি টকা সংগ্ৰহ কৰা বুলি কয়৷

অধিৱেশনৰ আটাইকেইটা দিনৰ বাবে এই পৰ্যন্ত ৮ সাজ আহাৰ বিভিন্ন পক্ষৰ পৰা বন্দৱস্ত হোৱা বুলি কয়৷ অধিৱেশনৰ বাবে ৩০০ ফুট দৈৰ্ঘ্যৰ আৰু ১৪০ ফুট প্ৰস্থৰ এটা বিশাল মূল মণ্ডপ সাজি উলিওৱা হোৱাৰ লগতে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা অধিৱেশনলৈ অহা প্ৰতিনিধিসকলৰ থকা মেলাৰ বাবে ৩০০ ফুট দৈৰ্ঘ্যৰ আৰু ২০ ফুট প্ৰস্থৰ ২০২টা প্ৰতিনিধি শিবিৰৰো ব্যৱস্থা কৰা বুলি কয় দাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই৷ অধিৱেশনস্থলীত পাঁচ হাজাৰ বিশেষ প্ৰতিনিধি থকাৰ বাবে আন এটা বিশেষ শিৱিৰ নিৰ্মাণ কৰা হৈছে৷

অধিৱেশনখন পৰিচালনাৰ বাবে নিয়োজিত সেৱা বাহিনীৰ সদস্যসকলৰ বাবে আন এটা বিশেষ শিৱিৰ ইতিমধ্যেই সজাই পৰাই তোলা হৈছে য’ত পাঁচ হাজাৰ সেৱা বাহিনীৰ সদস্যই একেলগে থাকিব পাৰিব ৷ অধিৱেশনস্থলীত ১০ হাজাৰ বাপ বান্ধৱে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ এটা বিশাল আকৃতিৰ ভোজনালয়ৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে৷ আহাৰ প্ৰস্তুতৰ বাবে সাজি উলিওৱা হৈছে ৩০৩টা চৌকা৷

ইয়াৰ উপৰিও যিসকল ভক্তই নিজৰ আহাৰ নিজে ৰান্ধিব বিচাৰে তেওঁলোকৰ বাবে অন্য ৩০০টা চৌকাৰো ব্যৱস্থা কৰা হৈছে৷ অধিৱেশনস্থলীত এটা বিশাল প্ৰতিনিধি সভাকক্ষ নিৰ্মাণ কৰা হৈছে য’ত ১০ হাজাৰ প্ৰতিনিধিয়ে একেলগে বহিব পাৰিব৷ এইবেলিৰ অধিৱেশনৰ লগত সংগতি ৰাখি 'ভক্তি ৰসামৃত' শীৰ্ষক এখন স্মৃতিগ্ৰন্থৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা বুলি পদাধিকাৰগৰাকীয়ে সংবাদমেলত সদৰি কৰে৷ পদাধিকাৰগৰাকীয়ে জনায় যে এইবেলিৰ স্মৃতিগ্ৰন্থখন অসমীয়া, ইংৰাজী, হিন্দী আৰু সংস্কৃত এই চাৰিটা ভাষাৰ সমল থাকিব৷