জাজৰিঃ নাম-কীৰ্তনৰ ধ্বনিৰে আকাশ-বতাহ নিনাদিত হ’ল জাজৰিৰ গেদাৰবড়ি অঞ্চল ৷ উপস্থিত সকলো ভক্তপ্ৰাণ ৰাইজৰ মুখতে ‘কৃষ্ণ’‘কৃষ্ণ’ নাম উচ্চাৰণৰে সৃষ্টি হ’ল এক পৰমানন্দৰ পৰিৱেশ ৷ শ্ৰীমন্ত শংকৰ সংঘ, এক শৰণ ভাগৱতী সমাজৰ দৰে নগাঁৱৰ জাজৰিত গঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সমাজ নামৰ ধৰ্মীয় অনুষ্ঠানত সম্পন্ন হ’ল প্ৰথম বাৰ্ষিক অধিৱেশন।

শ্ৰীমন্ত শংকৰ সংঘৰ দৰে সকলোকে একতাৰ ডোলেৰে বান্ধিবলৈ, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ভাতৃত্ববোধৰ সৌধ বান্ধিবলৈ বিচৰা গুৰুজনাৰ ধৰ্মীয় আদৰ্শৰে অনুপ্ৰাণিত হৈ গঠন কৰা এই শ্ৰীমন্ত শংকৰদেৱ সমাজৰ প্ৰথম বাৰ্ষিক অধিৱেশন ২৭ আৰু ২৮ জানুৱাৰীত নগাওঁ জিলাৰ ১নং গেদাৰবড়ি নামঘৰ প্ৰাংগনত সম্পন্ন হয়।

নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অধিৱেশনৰ প্ৰথম দিনা হৰিনামৰ ধ্বনিৰে মুখৰিত হয় আকাশ-বতাহ গেদাৰবড়ি অঞ্চল । ২৭ জানুৱাৰীৰ কাৰ্যসূচী বিয়লি প্ৰতিনিধি সভাৰে সামৰণি হোৱাৰ পাছত ২৮ জানুৱাৰীৰ পুৱা ধৰ্মধ্বজা উত্তোলন কৰে সমাজৰ সভাপতি জয়কান্ত শইকীয়াই। উত্তোলনৰ পাছতেই নাম কীৰ্তনকে ধৰি ধৰ্মীয় কাৰ্যসূচীৰ পিছত মূল অধিৱেশনৰ সভাত সভাপতিত্ব কৰে সমাজৰ সভাপতি জয়কান্ত শইকীয়াই।

শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সম্পাদক অতুল শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত সমাজকৰ্মী নোমল চন্দ্ৰ বৰাই ভাষণ প্ৰসংগত গুৰুজনাৰ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰাই সমাজৰ মূল লক্ষ্য বুলি কয় । সন্ধ্যা বন্তি প্ৰজ্বলনেৰে অধিৱেশনৰ সামৰণি পৰে। এক-শৰণ ধৰ্ম নীতিৰে সকলোৰে মাজত ঐক্য-সংহতি গঢ়ি তোলাৰ স্বাৰ্থত গঠিত এই শ্ৰীমন্ত শংকৰদেৱ সমাজৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ দুয়ো দিনৰ কাৰ্যসূচীয়েই সম্পূৰ্ণ আধ্যাত্মিকতাৰে সম্পন্ন হয় ৷