গুৱাহাটী/ৰঙিয়াঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰাইজে ভকত-বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিবেশন এইবেলি গোলাঘাট জিলাৰ দেৰগাঁৱত অনুষ্ঠিত হ’ব৷ পণ্ডিত ৰায়বাহাদুৰ গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত তথা দাধৰা আহোম পথাৰত ৰাজ্য খনৰ লাখ লাখ বাপ-বান্ধৱ, ভকত-বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হ’ব  দেৰগাঁৱত৷ ভকত-বৈষ্ণৱৰ উপস্থিতিত হৰিনামৰ ধ্বনিৰে সমগ্ৰ পৰিৱেশ জীপাল হৈ পৰিব৷

৭ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত অসমবাসীক অৱগত কৰাৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই দেওবাৰে ৰঙিয়া প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ সংবাদমেল অনুষ্ঠিত কৰি পদাধিকাৰগৰাকীয়ে ডেৰগাঁৱৰ অধিৱেশনৰ আয়োজক সমিতিয়ে ১.৯০ কোটি টকাৰ বিশাল বাজেট গ্ৰহণ কৰা বুলি কয়৷ ইতিমধ্যে ইয়াৰে ১.৫০ কোটি টকা সংগ্ৰহ কৰা বুলি কয়৷

অধিৱেশনৰ আটাইকেইটা দিনৰ বাবে এই পৰ্যন্ত ৮ সাজ আহাৰ বিভিন্ন পক্ষৰ পৰা বন্দৱস্ত হোৱা বুলি কয়৷ অধিৱেশনৰ বাবে ৩০০ ফুট দৈৰ্ঘ্যৰ আৰু ১৪০ ফুট প্ৰস্থৰ এটা বিশাল মূল মণ্ডপ সাজি উলিওৱা হোৱাৰ লগতে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা অধিৱেশনলৈ অহা প্ৰতিনিধিসকলৰ থকা মেলাৰ বাবে ৩০০ ফুট দৈৰ্ঘ্যৰ আৰু ২০ ফুট প্ৰস্থৰ ২০২টা প্ৰতিনিধি শিবিৰৰো ব্যৱস্থা কৰা বুলি কয় দাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই৷ অধিৱেশনস্থলীত পাঁচ হাজাৰ বিশেষ প্ৰতিনিধি থকাৰ বাবে আন এটা বিশেষ শিৱিৰ নিৰ্মাণ কৰা হৈছে৷

অধিৱেশনখন পৰিচালনাৰ বাবে নিয়োজিত সেৱা বাহিনীৰ সদস্যসকলৰ বাবে আন এটা বিশেষ শিৱিৰ ইতিমধ্যেই সজাই পৰাই তোলা হৈছে য’ত পাঁচ হাজাৰ সেৱা বাহিনীৰ সদস্যই একেলগে থাকিব পাৰিব ৷ অধিৱেশনস্থলীত ১০ হাজাৰ বাপ বান্ধৱে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ এটা বিশাল আকৃতিৰ ভোজনালয়ৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে৷ আহাৰ প্ৰস্তুতৰ বাবে সাজি উলিওৱা হৈছে ৩০৩টা চৌকা৷

ইয়াৰ উপৰিও যিসকল ভক্তই নিজৰ আহাৰ নিজে ৰান্ধিব বিচাৰে তেওঁলোকৰ বাবে অন্য ৩০০টা চৌকাৰো ব্যৱস্থা কৰা হৈছে৷ অধিৱেশনস্থলীত এটা বিশাল প্ৰতিনিধি সভাকক্ষ নিৰ্মাণ কৰা হৈছে য’ত ১০ হাজাৰ প্ৰতিনিধিয়ে একেলগে বহিব পাৰিব৷ এইবেলিৰ অধিৱেশনৰ লগত সংগতি ৰাখি 'ভক্তি ৰসামৃত' শীৰ্ষক এখন স্মৃতিগ্ৰন্থৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা বুলি পদাধিকাৰগৰাকীয়ে সংবাদমেলত সদৰি কৰে৷ পদাধিকাৰগৰাকীয়ে জনায় যে এইবেলিৰ স্মৃতিগ্ৰন্থখন অসমীয়া, ইংৰাজী, হিন্দী আৰু সংস্কৃত এই চাৰিটা ভাষাৰ সমল থাকিব৷

এইবেলিৰ অধিৱেশনত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ প্ৰৱেশ বিনামূলীয়া কৰা বুলিও জানিবলৈ দিয়ে পদাধিকাৰগৰাকীয়ে৷ সংবাদমেলত পদাধিকাৰগৰাকীয়ে এইবেলিৰ শশী চন্দ্ৰ বৰবৰুৱা স্মাৰক বঁটা নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট বৈষ্ণব পণ্ডিত নাৰায়ন চন্দ্ৰ গোস্বামীক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে৷ এই বঁটাৰ সৈতে নগদ এক লাখ টকাৰ উপৰিও প্ৰশস্তি পত্ৰ, জাপি, শৰাই আৰু চেলেং চাদৰ থাকিব৷ নাৰায়ন চন্দ্ৰ গোস্বামীয়ে এই পৰ্যন্ত ৫০ খনতকৈ অধিক মৌলিক আৰু সম্পাদিত গ্ৰন্থ ৰচনা কৰি প্ৰসিদ্ধি লাভ কৰিছে৷

ইয়াৰ উপৰি ব্ৰজৱলী ভাষাত অভিধান আৰু ব্যাকৰন ৰচনা কৰি গোস্বামীয়ে আন এক কীৰ্তি স্থাপন কৰিছে৷ 'কীৰ্ত্তন আৰু নামঘোষাৰ তত্বাৰ্থ আৰু সমীক্ষা' আৰু 'শংকৰদেৱৰ সাহিত্যৰ মৌলিক বিচাৰ' গ্ৰন্থ ৰচনা কৰিছে৷  আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘই এইবেলি প্ৰথমবাৰৰ বাবে এটা নতুন বঁটা প্ৰৱৰ্তন কৰিবলৈ ওলাইছে৷ কমল হাজৰিকা স্মাৰক ভাগৱত বক্তা বঁটা নামৰ এই বঁটাটো এইবেলি নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ হাহদলি গাঁৱৰ বৈষ্ণৱ সাধক তথা ভাগৱতৰ নিপুণ বক্তা পদ্ম ৰাজবংশীক প্ৰদান কৰিব সংঘই৷

বঁটাত নগদ ধনৰ উপৰিও প্ৰশস্তি পত্ৰ, শৰাই, জাপি আৰু চেলেং চাদৰ থাকিব৷ পদ্ম ৰাজবংশীয়ে এই পৰ্যন্ত পাঁচখন গ্ৰন্থও ৰচনা কৰিছে৷ এইবেলিৰ অধিৱেশনত ৫০-৬০ লক্ষ ভক্তপ্ৰাণ লোকৰ সমাৱেশ ঘটিব বুলি পদাধিকাৰগৰাকীয়ে সহকাৰে কয়৷ ডেকাই কয়-শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবেলিৰ ডেৰগাঁৱৰ অধিৱেশনস্থলী হ’ব এক পুন্যতীৰ্থ য’ত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ সমাৱেশ দেখিবলৈ পোৱা যাব৷