কাজিৰঙাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিবেশন এইবেলি গোলাঘাট জিলাৰ দেৰগাঁৱত অনুষ্ঠিত হ’ব৷ পণ্ডিত ৰায়বাহাদুৰ গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত তথা দাধৰা আহোম পথাৰত ৰাজ্য খনৰ লাখ লাখ বাপ-বান্ধৱ, ভকত-বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হ’ব  দেৰগাঁৱত৷ ভকত-বৈষ্ণৱৰ উপস্থিতিত হৰিনামৰ ধ্বনিৰে সমগ্ৰ পৰিৱেশ জীপাল হৈ পৰিব৷

গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰাইজে ভকত-বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে৷ ৰাইজ সাজু হৈছে ভকত-বৈষ্ণৱক আপ্যায়ন কৰিবলৈ৷ সু-স্বাদু আহাৰ তথা ঘৰুৱা আহাৰেৰে আপ্যায়ান কৰিবলৈ সকলো সাজু হৈছে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিবেশনৰ ভকত বৈষ্ণৱক অপ্যায়নৰ বাবে ৬০ বিঘা মাটিত আলু খেতি কৰে বোকাখাত নিৰ্মাণ গোটে৷

বোকাখাত মহকুমাৰ কুৰুৱাবাহী যোগনীয়া চহলা চগুৰি পথাৰত বোকাখাত নিৰ্মাণ গোটে কৰা আলু খেতি শুকুৰবাৰে শ-শ লোকে উঠাবলৈ আহে৷ পুৱা ৯ বজাৰ পৰা বোকাখাত মহকুমাৰ কুৰুৱাবাহী যোগনীয়া চহলা চগুৰি পথাৰত মানুহৰ সমাগম হয়৷ বোকাখাত নিৰ্মাণ গোটৰ সভাপতি জিতেন গগৈ আৰু সম্পাদক সঞ্জীৱ হাজৰিকাৰ উপস্থিতিত আদৰণি সমিতিৰ প্ৰায় ৬০০ সেৱক আৰু বোকাখাত জিলা শাখাৰ প্ৰায় ৪০০ সেৱকে আলু মাটিৰ পৰা উলিয়াই চাফ-চিকুণ কৰা দেখা যায়৷ যোৱা নৱেম্বৰ মাহৰ পৰা এই খেতিৰ প্ৰস্তুতি আৰম্ভ কৰি অধিবেশনথলীত ভকত বৈষ্ণৱৰ আপ্যায়নৰ বাবে খান্দি উলিওৱা হৈছে ৬০ বিঘা মাটিত খেতি কৰা আলু খেতি৷