গুৱাহাটীঃ বলিউডৰ মোহময়ী অভিনেত্ৰী কেটৰিণা কাঈফৰ পিছে পিছে দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ইয়াৰ লগে লগে আৰম্ভ হৈছে বিতৰ্ক। চ’ছিয়েল মিডিয়াত তীব্ৰ অসন্তুষ্টি জাহিৰ কৰিছে বহুতে । 

আচলতে "ইণ্ডিয়া টুডে" গ্ৰুপৰ মাইন্ড ৰ’কছ নামৰ অনুষ্ঠানটোৰ প্ৰচাৰৰ বাবে গুৱাহাটীৰ বাটে-ঘাটে লগোৱা পোষ্টাৰখনত দৃষ্টিকটুভাৱে কেটৰিণা কাইফৰ পিছত দেখা গৈছে ৰাজ্য এখনৰ সন্মানীয় তথা সৰ্বোচ্চ ৰাজনৈতিক পদবীত থকা সৰ্বানন্দ সোণোৱালক। 

মুখ্যমন্ত্ৰীৰ দৰে সন্মানীয় পদবীধাৰীজনক এনেদৰে কেটৰিণাৰ আঁৰত ৰখাৰ ফলত পোষ্টাৰখনৰ বাবে কটু সমালোচনাৰ সমুখীন হৈছে ইণ্ডিয়া টুডে গ্ৰুপটো। চ’ছিয়েল মিডিয়াতো চৰ্চিত হৈ পৰিছে উক্ত পোষ্টাৰখন৷ 

কেৱল সৰ্বানন্দই নহয় ক্ৰিকেটাৰ সৌৰভ গাংগুলী, অংগৰাগ মহন্ত, অামিশ ত্ৰিপাঠী, শচীন পাইলটকো দেখা গৈছে মোহময়ী অভিনেত্ৰীগৰাকীৰ পিছত।

সন্মানীয় মুখ্যমন্ত্ৰীৰ ফটোখন অভিনেত্ৰীৰ পিছফালে দিয়া দিয়াত ক্ষুণ্ণ হোৱা বহুতেই ফেচবুকত কথাৰেই তূলাধূনা দিছে ইণ্ডিয়া টুডেক। মহানগৰীৰ মাজমজিয়াত বৰ বৰ হৰফৰে লগোৱা উক্ত পোষ্টাৰখন আঁতৰাবলৈ একাংশই দাবী কৰিছে ফেচবুকত৷ 

উল্লেখ্য যে অহা ২৯ এপ্ৰিলত মহানগৰীৰ ভিভান্ত তাজত অনুষ্ঠিত হ’ব "মাইণ্ড ৰ’কছ" শীৰ্ষক অনুষ্ঠানটো৷