ndtv
ndtv

ডিজিটেল ডেক্সঃ সংবিধানক পবিত্ৰ বুলি কোৱাৰ লগতে হিন্দুত্ববাদী পণ্ডিত দীনদয়াল উপাধ্যায়ক নায়ক বুলিও কব খোজে দুয়োটা তথা একেলগে সম্ভৱ হ’বই নোৱাৰে৷ কংগ্ৰেছ সাংসদ তথা লিখক শশী থাৰুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উভতি ধৰি এই মন্তব্য প্ৰকাশ কৰে৷

দেওবাৰে জয়পুৰ সাহিত্য মহোসৱৰ ৬১ তম বৰ্ষপূৰ্তি অনুষ্ঠানত অংশলৈ থাৰুৰে হিন্দুসকলৰ নামলৈ কোনে কি কৰিছে তাক চোৱাৰ লগতে মাত দিয়াৰ প্ৰয়োজন হৈ পৰা বুলিও উল্লেখ কৰে৷ থাৰুৰে মুলত হিন্দুসকলক মাত মাতিবলৈ আহ্বান জনায়৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী থাৰুৰে লগতে কয় যে, আমি শুদ্ধক শুদ্ধ, ভুলক ভুল বুলি কব পাৰিব লাগিব৷ এফালে সংবিধানক পবিত্ৰ বুলি কয় আনফালে দীনদয়ালৰ জয়গান৷ দুয়োটা একেলগে সম্ভৱ নহয় বুলি কয় থাৰুৰে৷ দিল্লী ভৱনত অনুষ্ঠিত সাহিত্য মহোসৱত থাৰুৰে দীনদয়াল উপধ্যায়ৰ মতে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ হ’ব লাগে বুলি কোৱা কথাক বিৰোধীতা কৰে বুলি কয়৷

এই দুয়োটা কথা দুয়োটাৰ পৰিপন্থী বুলি অভিহিক কৰি থাৰুৰে মোডীয়ে একে সময়তে সংবিধান আৰু উপধ্যায়ৰ জয়গান গাব নোৱাৰিব বুলি কয়৷ তিৰুৱন্তপূৰমৰ সাংসদ থাৰুৰে নিজকে স্বামী বিবেকান্দৰ উপদেশ মানি চলা ভক্ত বুলি দোহাই মতামতৰ ভিন্নতাক মানি লোৱাটোৱে হিন্দুত্ববাদৰ মূল বুলি উল্লেখ কৰে৷