newnextone.com| চতিয়াঃ একবিংশ শতিকাত তথ্য প্ৰযুক্তিৰ জয় জয়কাৰ চাৰিওফালে ন ন আবিষ্কাৰে চমক দেখুওৱাইছে কিন্তু এইখন অসমৰে এক দৃশ্য দেখিলে চকু কপালত উঠিব, যি দৃশ্য নেদেখিলে কল্পনা কৰিব নোৱাৰি। বিশ্বনাথ বিধান সভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ পশ্চিম কুৰুৱাআটী প্ৰাথমিক বিদ্যালয় খনলৈ জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ কণমানি ছাত্ৰ ছাত্ৰী ওফন্দি থকা ঘিলাধাৰী নদীৰ পাৰ হৈ আহিব লাগে৷

নাই দলং নাই নাওঁ কলৰ ভূৰত অহাতো নিৰাপদ নহয় সেই বাবেই নদীত অহা যোৱা কৰিবলৈ তেওঁলোকে বাচি ললে ডাঙৰ টৌ টৌৰ ভিতৰত বহি হাতৰে পানী পাছলৈ মাৰি মাৰি কণমানি ছাত্ৰ ছাত্ৰী আগবঢ়ি যায় অতি ভয়াবহ সেই দৃশ্য। এনেকৈ জীৱন গঢ়াৰ যুদ্ধত অবতীৰ্ণ সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰী। এই ভয় লগা দৃশ্য দেখাব পাছত ডিজিটেল ইন্দিয়া আৰু চবকে চাথ চবকে বিকাশ যে হাস্যকৰ শ্লগান সেইটো ভাবিলৈ সকলো বাধ্য।

পশ্চিম কুৰুৱাআটী প্ৰাথমিক বিদ্যালয় খনত শিক্ষকো আছে৷ এজন ছাত্ৰ ছাত্ৰী দুকুৰিৰো অধিক। ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক জিতুমণি দাসেও পানীত সাঁতুৰি নিতৌ পাঠদান কৰাই আহিছে৷ এইয়াই পৰিবৰ্তনকামী চৰকাৰৰ উন্নয়ন।